Dipshikha

3313 Posts

শিৱসাগৰ বন বিষয়াৰ কাৰ্যলয়ত কৃষক মুক্তি, ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

শিৱসাগৰ বন বিষয়াৰ কাৰ্যলয়ত কৃষক মুক্তি, ছাত্ৰ মুক্তিৰ প্ৰতিবাদশিৱসাগৰ জিলাৰ ঐতিহাসিক পহুগড়, দিচাংমুখকে ধৰি বিভিন্ন প্ৰান্তত অবৈধ ভূমি খননৰ বিৰুদ্ধে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।জিলা বন বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি অবৈধ ভূমি খননৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।জিলা বন বিষয়াই ভূ মাফিয়া সকলক ৰক্ষণাবেক্ষণ দিয়া বুলিও ক্ষোভ প্ৰকাশ কৰে সংগঠন দুটাই।জিলা বন বিষয়াই ভূ মাফিয়াৰ পৰা উপ ঢৌকন লোৱা বুলি অভিযোগ কৃষক মুক্তিৰ
Read More

অসম এৰি এইবাৰ সদুৰ দিল্লীৰ যন্তৰ মন্তৰ কঁপালে আমছুয়ে ।

অসম এৰি এইবাৰ সদুৰ দিল্লীৰ যন্তৰ মন্তৰ কপালে আমছুয়ে । সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুয়ে দিল্লীৰ জন্তৰ-মন্তৰত অমানৱীয় উচ্ছেদ বন্ধ আৰু পুনৰ সংস্থাপনৰ দিয়া ধৰ্মীয় অনুষ্ঠানৰ ওপৰত কৰা আক্ৰমণ বন্ধ কৰাৰ লগতে মুঠ বাৰদফীয়া দাবীত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।সংখ্যালঘু লোকৰ ওপৰত অমানৱীয় উচ্ছেদ বন্ধ কৰক,উচ্ছেদিত লোকক পুনৰ সংস্থাপন দিয়ক, মাদ্ৰাছা ভঙা বন্ধ কৰক,অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ,অসম চৰকাৰ হায় হায়,কেন্দ্ৰীয় চৰকাৰ হায়,হায় আদি বিভিন্ন শ্লোগান দি দিল্লীৰ যন্তৰ মন্তৰ কপাই তোলে।উক্ত প্ৰতিবাদী কাৰ্যসূচীত অমসৰ আমছুৰ ৫ শতাধিক নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
Read More

মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী কাকৰীপাৰাত বন্যহস্তীৰ তাণ্ডৱ ৷

মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী কাকৰীপাৰাত বন্যহস্তীৰ তাণ্ডৱ ৷ যোৱা কেইদিন ধৰি এজাক বন্যহস্তীয়ে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পাহাৰৰ পৰা নামি আহি মানকাচৰৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷ যোৱা ৰাতি এনেদৰে বন্যহস্তীৰ এটা বৃহৎ দলে কাকৰিপাৰা গাওঁ পঞ্চায়তৰ বালুৰচৰ, বৰঝোৰা আদি অঞ্চলৰ ধান খেতিত নামি ধান খেতি তহিলং কৰে ৷ হাতীৰ তাণ্ডৱত আতংকিত হৈছে অঞ্চলবাসী ৷ ৰাতি গাওঁবাসীয়ে টিন, ঢোল বজাই, টৰ্চ লাইট জ্বলাই আৰু ফটকা ফুটাই হাতীৰ জাকটো খেদিবলৈ চেষ্টা কৰে ৷ ৰাইজে বিভিন্ন পন্থাৰে হাতীৰ দলটোক খেদি পঠাবলৈ সক্ষম হয় যদিও বৰ্তমানো গাওঁবাসী তথা দুখীয়া কৃষকে আতংকিত হৈ থাকিবলগীয়া হৈছে।
Read More

BSNL ৰ মৃত্যু ঘণ্টা

BSNL ৰ মৃত্যু ঘণ্টা।বিজনীত এসপ্তাহ ধৰি বিকল BSNL ৰ নেটৱৰ্ক।অতিষ্ঠ হৈ পৰিছে BSNL ৰ গ্ৰাহক।অসহায় স্বীকাৰুক্তি BSNL কৰ্তৃপক্ষৰ।মৃত্যুৰ ক্ষণ গণিছে নেকি ভাৰতৰ একমাত্ৰ চৰকাৰী গণসংযোগ স্থাপনৰ প্ৰতিষ্ঠান ভাৰত সংচাৰ নিগম লিমিটেড চমুকৈ BSNL য়ে। যি সময়ত ব্যক্তিগত খণ্ডৰ মোবাইল নেটৱৰ্ক কোম্পানী সমূহ বিভিন্ন অভিলাশী আঁচনিৰে প্ৰতিযোগিতাত নামি পৰিছে এনে সময়ত চৰকাৰৰ পৃষ্ঠপোষকতাত পৰিচালিত একমাত্ৰ মোবাইল নেটৱৰ্ক প্ৰতিষ্ঠান BSNL য়ে গ্ৰাহকক পৰ্যাপ্ত সুবিধা দিয়াত ব্যৰ্থ হৈছে। ইয়াৰ জলন্ত উদাহৰণ হৈ পৰিছে চিৰাং জিলাৰ বিজনী। বিজনীত আজি এসপ্তাহ ধৰি বিকল হৈ আছে BSNL Network.।যাৰ বাবে অতিষ্ঠ হৈ পৰিছে বিজনীৰ BSNL ৰ গ্ৰাহক সকল।বিজনী চহৰস্থিত BSNL ৰ কাৰ্যালয়ত থকা বৈদ্যুতিক ট্ৰেন্সফৰ্মা বিকল হৈ…
Read More

অসমৰ ভুমি এক ইঞ্চিও অৰুনাচলীৰ হাতত এৰি দিয়া নহব!

অসমৰ ভুমি এক ইঞ্চিও অৰুনাচলীৰ হাতত এৰি দিয়া নহব ৷ জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব ছয় সংগঠনে ৷ অসমৰ মানচিত্ৰৰ পৰা হেৰাই যাব নেকী দিপা , শান্তিবৰগড়া , নাহৰনিবালি গাৱৰ পৰিচয় ? মাটি ,জাতি ভেটি সুৰক্ষা শ্লুগানেৰে আসনৰ বাঘজৰী দখল কৰিবলৈ সক্ষম হোৱা বি জে পি চৰকাৰখনে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাইজক প্ৰদান কৰা এই প্ৰতিশ্ৰুতিৰ অমান্য কৰিলে ইয়াৰ পৰিনাম ভয়ানক হব বুলি আজি TMPK , MMK, AASU, AKRASU, AAGSU, বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উপৰিও ডিমৌ , দিপা গাৱঁৰ অৰ্ধ সহস্ৰাধিক ৰাইজে একত্ৰিত হৈ দিপা ন-নাৰি ব্ৰহ্ম মন্দিৰৰ প্ৰাঙ্গণত ৰাজ্যৰ সীমা বিবাদৰ সম্পৰ্কে এক গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা অনুষ্টিত হয় ৷ অৰুনাচলীয়ে এক…
Read More

কলগাছিয়াৰ লাচাংগা বজাৰত ৫০ টকাৰ বাবে মাৰপিট

কলগাছিয়াৰ লাচাংগা বজাৰত ৫০ টকাৰ বাবে মাৰপিট । গুৰুতৰ ভাৱে আহত দুই ভাতৃ লগতে এগৰাকী মহিলা। কলগাছিয়া থানাত এজাহাৰ দাখিল। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাচাংগা বজাৰত আবেলি এটি পৰিয়ালৰ তিনিজনকৈ লোক আহত । উল্লেখযোগ্য যে বিগত তিনি মাহ পূৰ্বে লাচাংগা গাঁওৰ আবুল হোছেইনে৫০ টকাৰ ব্রইলাৰ মাংস বাকী লৈছিল ফজল হকৰ পৰা তাৰ বাবে আবেলি দোকানৰ সন্মুখত বাকী টকা খোজাৰ বাবেই কাজিয়াৰ সৃষ্টি হৈছিল। সেই সূত্ৰপাতৰ পৰা দুই পৰিয়ালৰ মাজত এক ডাঙৰ কাজিয়াৰ সৃষ্টি হয়। মাত্ৰ ৫০ টকাৰ ব্ৰলাৰ মাংসৰ টকা লৈ মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰে। পিছমুহূৰ্তত ফজল হক, জয়নাল আব্দিন আৰু তাছলিমা খাতুুন ঘৰলৈ গৈ থকা অৱস্থাত…
Read More

বৰছলা আৰক্ষীৰ জালত ৫ জন কৈ জোৱাৰীক আটক

বৰছলা আৰক্ষীৰ জালত ৫ জন কৈ জোৱাৰীক আটক । লাহৰীঘাট থানাৰ অন্তগত নগাবন্দাৰ পৰা মৰিগাওঁ আৰক্ষীৰ এটা বিশেষ দলে হঠাৎ অভিয়ান চলাই দীৰ্ঘদিন ধৰি চলি থকা জোৱাৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় । অভিয়ানত ৫জন কৈ জোৱাৰীৰ লগতে এখন মটৰ চাইকেলৰ লগতে আৰু বহু সামগ্ৰী জব্দ কৰি বৰছলা আৰক্ষী চকীত চমজাই দিয়ে আৰু বৰছলা আৰক্ষীয়ে আজি জোৱাৰী কেইজনক জেল হাজতলৈ প্ৰেৰণ কৰে । এতিয়া প্ৰশ্ন হয় এই বিলাক জোৱাৰ ঘাটি লাহৰীঘাট আৰু বৰছলা আৰক্ষীৰ চকুত নপৰে নেকি ? নে,দেখোওঁ নেদেখাৰ ভাও ধৰি থাকে । যদি এই বিলাক সকলো মিছা তেনেহলে মৰিগাৱৰ পৰা অহা এটা বিশেষ দলে কিয় অভিয়ান চলাই উৎক্ষাত…
Read More

লংকাত অব্যাহত ড্ৰাম্পাৰৰ দৌৰাত্ম্য।

লংকাত অব্যাহত ড্ৰাম্পাৰৰ দৌৰাত্ম্য।লংকা শ্বিলং ৰোডত তীব্ৰবেগী ড্ৰাম্পাৰে মহতিয়ালে দুজন বাইক আৰোহী।সংকটজনক অৱস্থাত দুই বাইক আৰোহীক প্ৰেৰণ হোজাইৰ চিকিৎসালয়লৈ।বাইক আৰোহী যুৱকদ্বয়ৰ নাম ক্ৰমে বিশ্বজিত দাস(২৫) আৰু প্ৰণজিত দাস(২৩)।দুয়োজনৰে ঘৰ ডিমা হাচাও জিলাৰ দৈয়াংমুখত দূৰ্ঘটনাগ্ৰস্ত ড্ৰাম্পাৰখনৰ নম্বৰ হৈছে AS 02CC- 0187 আৰু বাইকখনৰ AS 31-9488 ।উল্লেখ্য যে, লংকা অভিমুখে আহি থকা অৱস্থাত পিচফালৰ পৰা ড্ৰাম্পাৰখনে খুন্দা মাৰে দুই বাইক আৰোহীক।
Read More

ৰাজ্যজুৰি ৰাসলীলাৰ ব্যাপক প্ৰস্তুতি

ৰাজ্যজুৰি ৰাসলীলাৰ ব্যাপক প্ৰস্তুতি চলিছে সমান্তৰালভাৱে গোলাঘাটৰ লক্ষীবাৰী শ্ৰীমন্ত শংকৰজ্যোতি আঞ্চলিক কলামঞ্চ উদ্যোগত তিনি দিনীয়া কাৰ্যসূচীৰে অনুস্থিত কৰিব শ্ৰীকৃষ্ণ ৰাসলীলা আৰু পূৰ্ণাংগ নাটক প্ৰদৰ্শন। অহা ৭,৮ আৰু ৯ নবেম্বৰত অনুস্থিত হব লগা ৰাসলীলা আৰু পূৰ্ণাংগ নাটৰ বাবে ইতিমধ্যেই প্ৰস্তুতি সম্পুৰ্ণ কৰি তুলিছে। উল্লেখযোগ্য যে উক্ত কাৰ্যসূচীত অভিনয় কৰিব বেহাৰবাৰী আউটপ'ষ্টৰ মোহন খ্যাত দীপজ্যোতি কেওটৰ লগতে অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাচনীয়ে।
Read More

বজালীৰ খাৰাধৰাত এটা গভাইত চোৰ আটক ৰাইজৰ।

বজালীৰ খাৰাধৰাত এটা গভাইত চোৰ আটক ৰাইজৰ।আটকাধীন চোৰটোৰ নাম ভাস্কৰ কলিতা বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি খাৰাধৰাৰ নিৰ্মীয়মান চেণ্ট্ৰেল স্কুলৰ পৰা বিভিন্ন সামগ্ৰী চোৰ কৰি আহিছিল চোৰটোৱে।আজি ৰাতিপুৱাৰ ভাগত স্হানীয় ৰাইজে হাতে লুটে ধৰি আৰক্ষীক খবৰ দিয়ে।ঘটনা স্থলীত পাটাছাৰকুছি আৰক্ষী উপস্থিত হৈ চোৰটোক লৈ যায়।
Read More