Dipshikha

3313 Posts

ধুবুৰীৰ কাতলামাৰী চৰত আজমলে ঢুকিলে ঘঁৰিয়ালৰ চকু পানী

ধুবুৰীৰ কাতলামাৰী চৰত আজমলে ঢুকিলে ঘঁৰিয়ালৰ চকু পানীকংগ্ৰেছ দলৰ ভাৰত জোড়ো যাত্ৰাত শংকিত হল নেকি বদৰুদ্দিন আজল ? যাৰ বাবে পুনৰ জৰাফুকাৰ ৰাজনীতিৰে সাংসদ হোৱাৰ সপোন আজমলৰ। ধুবুৰীৰ দক্ষিণ শালমাৰা সমষ্টিৰ পদ্মেৰ আলগা গাওঁ পঞ্চায়তৰ কাতলামাৰীত মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত শতাধিক পৰিয়ালৰ ঘৰ বাৰী খেতি মাটি নদীত জাহ গৈছে।স্থানীয় সাংসদ,বিধায়কৰ নিৰ্লিপ্ত ভূমিকাত অতিষ্ঠ হৈ স্থানীয় ৰাইজে অলপতে বিধায়ক-সাংসদৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। আজি সেই একেই স্থানতে আজমলে আয়োজন কৰে এখন দোৱা প্ৰাৰ্থনা অনুষ্ঠান। এইবাৰ সাংসদ গৰাকীয়ে দোৱা প্ৰাৰ্থনাৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলায়। কিন্তু ইয়াৰ বাবে শাসকীয় বিজেপি চৰকাৰক দোষাৰোপ কৰি আজমলে সভাখনত হুকহুকাই কান্দি উঠে। দৰাচলতে,এনে আবেগৰ সৃষ্টি কৰি গঞা…
Read More

যোৰহাটৰ ভাইৰেল যুৱক সীমান্ত বৰাৰ দুৰ্দান্ত অভিনয়।

নিজৰ অভিনয়েৰে হাজাৰজন মানুহৰ মন জয় কৰিবলৈ সক্ষম হোৱা যোৰহাটৰ ভাইৰেল যুৱক সীমান্ত বৰাৰ দুৰ্দান্ত অভিনয়।নাৰায়্ণপুৰৰ জামুগুৰিত আয়োজন কৰা ৰাস মহোৎসৱৰ ভাওনাত ভাও প্ৰদৰ্শন কৰি মণমুগ্ধ কৰিলে হাজাৰজন দৰ্শকৰ।এক নিশাৰ ভিতৰতে এটা ভিডিঅ'ৰ যোগেদি সমগ্ৰ ৰাজ্যবাসীৰ মন জিনিবলৈ সক্ষম হোৱা সীমান্ত (চিমু) ক এপলক চাবলৈ জামুগুৰি নামঘৰত ভিৰ কৰিলেহি হাজাৰগৰাকী দৰ্শকে।নিজৰ চকুৰে এপলক চাবলৈ আৰু এখন ফটো মাৰিবলৈ হেতা-ওপৰা লগালে বহুজনে।
Read More

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ তৃতীয় ষান্মাষিক পৰীক্ষাৰ ফলাফলত বিসংগতি

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ তৃতীয় ষান্মাষিক পৰীক্ষাৰ ফলাফলত বিসংগতি সন্দৰ্ভত এবিএমছুৰ সাধাৰণ সম্পাদক টাইছন হুছেইন প্ৰতিক্ৰিয়া।পৰীক্ষাৰ সকলো বহী পুনৰীক্ষণৰ দাবী। সমগ্ৰ ঘটনাৰ তদন্ত দাবী।বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যক্ষ লাইশ্ৰাম লাড্ডু সিং আৰু পৰীক্ষা নিয়ন্ত্ৰক অমিতাভ বৰুৱাক অপসাৰণৰ দাবী।ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱনক লৈ বড়োলেণ্ড বিশ্ববিদ্যালয় কৰ্তৃপক্ষই হেতালি খেলাৰ অভিযোগ।কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মুখত অবিৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিব বুলি সকিয়নী প্ৰদান কৰে।
Read More

চাবুৱাৰ ৱাইপাছত কয়লা সৰবৰাহকাৰী ট্ৰাকত তিনিচুকীয়া আৰক্ষীৰ গুলিচালনা ।

চাবুৱাৰ ৱাইপাছত কয়লা সৰবৰাহকাৰী ট্ৰাকত তিনিচুকীয়া আৰক্ষীৰ গুলিচালনা ।কেইবাবাৰু গুলিচালনা কৰাৰ ফলত পথৰ কাষত বাগৰি যায় কয়লাভৰ্ট্ৰী ট্ৰাকখন ।আৰক্ষীয়ে কিয় তিনিচুকীয়াৰ পৰা খেদি আহি AS 25 CC 7750 ট্ৰাকখনত গুলিচালনা কৰিলে সেয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই ।বৰ্তমানসময়লৈকে সংবাদমাধ্যমৰ সন্মুখত মন্তব্য দিয়াৰ পৰা আতৰি আছে তিনিচুকীয়া আৰক্ষী ।ড্ৰাইভাৰজনৰ গাত গুলি লগা নাই যদিও আৰক্ষীয়ে ড্ৰাইভাৰজনক আটক কৰিছে।
Read More

বিটিআৰত শীঘ্ৰেই আৰম্ভ হ’ব Goat Missionৰ কাম

বাক্সাৰ মুছলপুৰত এশ আত্মসহায়ক গোটক ছাগলী বিতৰণ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ।ডিচেম্বৰৰ পৰা বিটিআৰত Goat Missionৰ কাম আৰম্ভ হোৱাৰ ঘোষণা কাৰ্যবাহী সদস্য ।বিটিআৰত শীঘ্ৰেই আৰম্ভ হ'ব Goat Missionৰ কাম৷ অহা ডিচেম্বৰ মাহৰ পৰা বিটিআৰৰ পাচ খন জিলাত আৰম্ভ হব Goat missionৰ কাম৷ এই মিছনৰ জড়িয়তে অৰ্থনৈতিক স্বাৱলম্বী কৰি তোলাৰ প্ৰয়াস কৰা হৈছে৷ এই মন্তব্য বিটিচিৰ পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ৷ আজি বাক্সা জিলাৰ মুছলপুৰত জিলা পশুপালন বিভাগৰ কাৰ্যালয়ত হিতাধীকাৰী তথা আত্মসহায়ক গোটৰ ছাগলী বিতৰণ কৰি তেখেতে কয় যে, বিটিআৰৰ কোকৰাঝাৰ, তামুলপুৰ, চিৰাং, ওদালগুৰি আৰু বাক্সা জিলাত পাচ খন ছাগলী ফাৰ্ম স্হাপন কৰিব৷ ইয়াৰ বাবে চক্ৰ বিষয়া সকলক মাটি আৱন্টনৰ বাবে…
Read More

কলগাছিয়াৰ বালিকুৰিত পানীত পৰি শিশুৰ সলিল সমাধি

কলগাছিয়াৰ বালিকুৰিত পানীত পৰি শিশুৰ সলিল সমাধি। অঞ্চলজুৰি শোকৰ ছাঁ। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত মজিদভিটা বালিকুৰি নন কে গাওঁৰ আশ্ৰাফুল ৰহমানৰ ছোৱালী ইলিমা খাতুন (৪) য়ে আনুমানিক পুৱা ৯ বজাত খেলি থকা অৱস্থাত ঘৰৰ কাষতে থকা মৰানদীত পানীত পৰি মৃত্যুক সাৱটি লয়। বহু সময় পিতৃ মাতৃয়ে কন্যা শিশুক বিচাৰি নাপাই বিচাৰ খোজ আৰম্ভ কৰে। পিছত সন্দেহ বশতঃ ৰাইজে স্থানীয় ৰাইজে মৰানদীত গোটেই দিনটো বিচাৰি অৱশেষত দিনৰ ২ বজাত মাছমৰীয়াৰ জালেৰে ছোৱালী জনীৰ মৃত্যুদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনাস্হলীত স্থানীয় আৰক্ষী উপস্থিত হৈ মৃত্যু দেহটো মৰনোত্তৰৰ বাবে বৰপেটা ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। ছোৱালী জনীৰ অকাল মৃত্যুত…
Read More

সাংবাদিকক আক্ৰমণ

দুদিন পূৰ্বে মৰিগাঁৱৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক পুলিন কাকতিক ভূৰবন্ধা গাঁও পঞ্চায়তৰ সভানেত্রী আৰু তেওঁৰ স্বামীয়ে শাৰীৰিক বাবে আক্ৰমণ কৰিছিল।মৰিগাঁৱৰ ভূৰবন্ধা গাঁও পঞ্চায়তৰ সচিবৰে মিলি পূৰ্বপৰিকল্পিত আৰু ষড়যন্ত্ৰমুলক বাবে কাৰ্যালয়লৈ মাতি নি সাংবাদিক গৰাকীক এনেদৰে শাৰীৰিক আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদত আজি মৈৰাবাৰী সাংবাদিক সন্থা, আৰু বেচামাৰী প্ৰেছ ক্লাৱে যৌথ বাবে মৈৰাবাৰী বজাৰৰ মাজ- মজিয়াত এক মৌন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।।সাংবাদিক আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰক।দোষীক শাস্তি দিয়ক।সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰক।সাংবাদিকক আক্ৰমণ কৰা নচলিব।হাতে হাতে আদি প্লে কাৰ্ড লৈ মৌন প্ৰতিবাদ সাব্যস্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ অসম চৰকাৰ তথা প্ৰশাসনৰ ওচৰত দাবী জনায়।
Read More

লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত বাৰমাইল ভয়ংকৰ দূৰ্ঘটনা।

লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত বাৰমাইল ভয়ংকৰ দূৰ্ঘটনা।দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। লখিমপুৰৰ পৰা বান্দৰদেৱা অভিমুখী AS 01 LC 3181 আৰু বান্দৰদেৱা পৰা লখিমপুৰ অভিমূখী AS 09 AC 6627 নম্বৰৰ দুখন ট্ৰাকৰ সংঘৰ্ষৰ ফলত চালক সহ এজন আঘাতপ্ৰাপ্ত হয়।লালুক আৰক্ষী ঘটনাস্হলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত তিনিওজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আঘাতপ্ৰাপ্ত তিনিওজনৰ অৱস্হা সংকটজনক বুলি জানিব পৰা গৈছে।
Read More

দেওৰ আৰু বোৱাৰীৰ অবৈধ সম্পৰ্কক কেন্দ্ৰ কৰি এই মাৰপিট

বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তর্গত হালধীয়া পথাৰত মাৰপিটৰ ঘটনা। মাৰপিটত ৮ জনকৈ লোক আহত হৈছে।আহত কেইজনক কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।ইয়াৰে দুজন উন্নত চিকিৎসাৰ বাবে বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰে ।দেৱৰ বোৱাৰীৰ অবৈধ সম্পৰ্কক কেন্দ্ৰ কৰি এই মাৰপিট। এটা পৰিয়ালৰ মহিলা সহ ৮ জনক দেগাৰেৰে হানি খুচি হত্যাৰ চেষ্টা।আনফালে ৪ জনকৈ ৰক্তাক্ত দেখা পোৱা গৈছে।আহত সকলক উন্নত চিকিৎসাৰ বাবে বৰপেটা ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰে ।
Read More

যান-বাহনৰ পৰা অবৈধ বাবে ধন সংগ্ৰহৰ কৰাক লৈ হুলস্তলীয়া পৰিবেশ ।

অসমৰ সুনাপুৰ টলগ্ৰেইটত যান-বাহনৰ পৰা অবৈধ বাবে ধন সংগ্ৰহৰ কৰাক লৈ হুলস্তলীয়া পৰিবেশ ।AS01MA4526 নম্বৰৰ চাৰিচকীয়া বাহনৰ পৰা অবৈধ বাবে ধন সংগ্ৰহৰ কৰাক লৈ হুলস্তলীয়া পৰিবেশ সৃষ্টি হয় ।হোজাই নীলবাগানৰ পৰা গুৱাহাটী বিমানবন্দৰলৈ গৈ আছিল এই বাহন খন । যোৱাৰ সময়তে অসমৰ সুনাপুৰ টলগ্ৰেইটত Fas Tag ৰ পৰা টকা কটাৰ পিছত এজন সুনাপুৰ টলগ্ৰেইটৰ কৰ্মচাৰীয়ে ধন দাবী কৰে AS01MA4526 নম্বৰৰ বাহনৰ পৰা ।আৰু ইয়াৰ পিছত সৃষ্টি হয় হুলস্তলীয়া পৰিবেশ সুনাপুৰ টলগ্ৰেইটত ।এতিয়া প্ৰশ্ন হয় যি সময়ত অসমত মুখ্যমন্ত্ৰীয়ে দুৰ্নীতি মুক্ত অসম গড়ী তোলাৰ চেষ্টা কৰি আছে । তেনে সময়তে কেনেকৈ সাহস পালে এই খন অসমৰ সুনাপুৰ টলগ্ৰেইটত কৰ্মচাৰীয়ে অবৈধ বাবে…
Read More