26
Nov
চিচিবৰগাঁৱত দুটা বনৰীয়া হাতীয়ে তহিলং কৰিছে ৰাইজৰ পকা ধান ।আতংকিত গঞা ।বন বিভাগক ব্যৱস্থা গ্ৰহণৰ আহ্বান ।ধেমাজি জিলাৰ চিচিবৰগাঁৱৰ সমীপৰ গেলুৱা, দীঘলী, উদমৰা আদি গাঁৱত আজি পুৱতি নিশা দুটা বনৰীয়া হাতী প্ৰৱেশ কৰি ৰাইজৰ পকা ধান খাই গছকি তহিলং কৰিছে । আজি পুৱা গেলুৱাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে দুটা বনৰীয়া হাতীয়ে পকা ধান খাই থকা দেখি ৰাইজৰ মাজত হুৱাদুৱা লাগে । ৰাইজে চিঞৰ বাখৰ কৰাত হাতী দুটা পথাৰৰ মাজলৈ সোমাই যায় আৰু ৰাইজৰ পকা ধান কেৱল খুৱাই নহয় গছকি তহিলং কৰিছে । হাতীৰ ভয়ত ধান দাবলৈ ওলাই অহা দাৱনী ঘূৰি যাবলগীয়া হৈছে । ৰাইজে বন বিভাগক খবৰ দিছে যদিও…
