23
Sep
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ টপাৰপথাৰত অবৈধ চোৰাং শাল কাঠ জব্দ।নগৰবেৰা আৰু গৰৈমাৰী বন বিভাগৰ লোকে গোপন সূত্ৰৰ পম খেদি জব্দ কৰিবলৈ সক্ষম হয় চোৰাংকাঠ খিনি ।টপাৰপথাৰত জংঘলৰ মাজত পেলাই থোৱা অৱস্থাত উদ্ধাৰ হয় বৃহৎ সংখ্যক কাঠ ।জব্দকৃত কাঠখিনি কোনে ক'ৰ পৰা কেনেকৈ আনিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই।কাঠখিনিৰ বজাৰমূল্য প্ৰায় ৭০ হাজাৰ টকা হব বুলি জানিব পৰা গৈছে।জব্দকৃত শালকাঠ খিনি সম্প্ৰতি বন বিভাগৰ লোকে গৰৈমাৰী বন বিভাগৰ কাৰ্যালয়লৈ লৈ আহে ।আৰু তদন্ত অব্যাহত ৰাখিছে।
