30
Nov
দৰঙৰ নামখলত SBI ATM ১৫ দিনে বিকলবিভাগীয় কতৃপক্ষক অভিযোগ দিয়াৰ পিছতো নাই কানসাৰ ৷MPK আৰু MM ৰোডৰ সংযোগী স্থলেই হৈছে নামখলা চ’ক । এই নামখলা চকতে আছে মঙলদৈ শাখাৰ এটি SBI ATMদৰং আৰু ওদালগুৰি জিলাৰ বৃহত্তৰ ১৫ ২০ খন গাঁও সামৰি লোৱা একমাত্ৰ SBI ATM ৷ বিভাগীয় কতৃপক্ষক অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা নকৰাৰ ফলত যমৰ যাতনাত ভুগিছে গ্ৰাহক ৷ ধন উলিয়াবলৈ আহি নিৰাশ মনে উভতা পৰিলক্ষিত হৈছে গ্ৰাহকক । অতি সোনকালে কাৰ্যক্ষম কৰিবলৈ অনুৰোধ স্থানীয় ৰাইজ তথা ব্যৱসায়ী সন্থাৰ ৷
