Dipshikha

3128 Posts

বটদ্ৰৱাৰ হাইডুবি পথাৰত আতংকময় পৰিবেশ

বটদ্ৰৱাৰ হাইডুবি পথাৰত আতংকময় পৰিবেশ ।বটদ্ৰৱাৰ হাইডুবি পথাৰত চৰকাৰী ভূমিত যি কোনো মুহূৰ্তত চলিব নগাঁও জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান ।বেদখলকাৰীৰ বাসগৃহত চলিব প্ৰশাসনৰ বুলড'জাৰ ।নগাঁও জিলা প্ৰশাসনে বৃহস্পতিবাৰে জাননী দিয়াৰ পিছতেই চৰকাৰী ভূমিত বসবাস কৰি থকা একাংশ লোক অন্য স্থানলৈ স্থানান্তৰিত হৈছে ।ভাঙিছে ঘৰ বাৰী, অন্য স্থানলৈ লৈ গৈছে লাগতিয়াল সা - সামগ্ৰী ।বটদ্ৰৱাৰ ৰামপুৰসত্ৰ, হাইডুবি পথাৰ, হাইডুবি কৃষি বীজ পাম, ধনীয়াভেটি লালুং গাঁৱৰ জামাই বস্তি আৰু কদমনি পথাৰৰ চৰকাৰী ভূমিত উচ্ছেদ অভিযান চলাৰ সম্ভাৱনা আছে ।
Read More

নগাঁৱৰ লাওখোৱাৰ ৪নং ভূৰবন্ধাত বীজ যোগানৰ নামত দুৰ্নীতিৰ

নগাঁৱৰ লাওখোৱাৰ ৪নং ভূৰবন্ধাত বীজ যোগানৰ নামত দুৰ্নীতিৰ অভিযোগ কৃষক ৰাইজৰ।ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত লাওখোৱাৰ ৪নং ভূৰবন্ধাত বীজ যোগানৰ নামত দুৰ্নীতিৰ অভিযোগ। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত কৃষক সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে যদিওঁ একাংশ বিষয়া কৰ্মচাৰীৰ গাফিলতিৰ বাবে বঞ্চিত হবলগীয়া হৈছে প্ৰকৃত কৃষক। ৪নং ভূৰবন্ধাৰ নৈ পৰীয়া কৃষক সকলৰ বাবে চৰকাৰে যোগান ধৰা বাদাম, মটৰ মাহ নহৰুৰ বীজ বিভাগীয় বিষয়া কৰ্মচাৰীয়ে বিতৰণ নকৰি ৱাৰ্ড সদস্য আব্দুল জলিলক বিতৰণ কৰিবলৈ দিছিল। ৱাৰ্ড সদস্যজনে ২১০ কেজি বাদামৰ পৰা ১১৪ কেজি বাদাম বিতৰণ কৰি বাকীখিনি আত্মসাত কৰাৰ অভিযোগ তুলিছে নৈ পৰীয়া কৃষক ৰাইজে। এই সন্দৰ্ভত দায়িত্ব থকা…
Read More

কংগ্ৰেছ এতিয়া ডুৱন্ত নাওঁ

কংগ্ৰেছ এতিয়া ডুৱন্ত নাওঁ ।। নাও খনৰ তলিত এতিয়া বহুত ফুটা যাক নেকি কংগ্ৰেছে গণি শেষ কৰিব নোৱাৰে এই মন্তব্য কৰে : সাংসদ দিলীপ শইকীয়াই।কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতিক লৈ সাংসদ দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া।পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অন্ত পেলায় সভাপতি নিৰ্বাচিত হৈছে যদিও গান্ধী পৰিয়ালৰ ৰিম'ৰ্ট কন্ট্ৰ'লৰে চলিব লাগিব সভাপতি বুলি উল্লেখ কৰে দিলীপ শইকীয়াই।যুৱপ্ৰজন্মক আওকাণ কৰি যুৱ প্ৰজন্মৰ নেতা শশী থৰুৰক বঞ্চিত কৰি খাৰ্গেক সভাপতি নিৰ্বাচন।যাক লৈ কেইবাটাও তীৰ্যক মন্তব্য কংগ্ৰেছ দলটোৰ প্ৰতি সাংসদ গৰাকীৰ।।
Read More

বিজনীত আৰক্ষীৰ অভিযানত বাৰ্মীছ চুপাৰীভৰ্তি ট্ৰাক জব্দ

ৰাজ্যত অব্যাহত আছে বাৰ্মীছ চুপাৰীৰ অবৈধ সৰবৰাহ।অসম আৰক্ষীৰ বাৰ্মীছ চুপাৰী সৰবৰাহৰ ক্ষেত্ৰত কঠোৰ ভূমিকাৰ পিছতো একাংশ অসাধু চক্ৰই চলাই গৈছে বাৰ্মীছ চুপাৰীৰ অবৈধ ব্যৱসায়। আজি দুপৰীয়া বিজনী আৰক্ষীৰ অভিযানত বিজনীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দহলাপাৰাস্থিত টোল প্লাজাত বাৰ্মীছ চুপাৰীভৰ্তি ট্ৰাক সহ এজনক আটক কৰিবলৈ সক্ষম হয়।চিৰাং আৰক্ষীৰ এক নিৰ্ভৰযোগ্য খবৰৰ ভিত্তিত বিশেষ তালাচিত 89 বস্তা সন্দেজনক বাৰ্মীছ চুপাৰী, 110 বস্তা চাও গুটি কঢ়িয়াই লৈ অহা HR 38AD 6148 নম্বৰৰ এখন ট্ৰাকসহ ধৰম কুমাৰ নামৰ এজনক আটক কৰিবলৈ সক্ষম হয়।চুপাৰী সমূহ বৰপেটা ৰোডৰ পৰা উত্তৰ প্ৰদেশৰ কাণপুৰ অভিমুখে গৈ থকা অৱস্থাত চিৰাং আৰক্ষীয়ে জব্দ কৰে।জব্দকৃত বাৰ্মীছ চুপাৰী সমূহৰ ওজন 3690 কিলোগ্ৰাম…
Read More

বিহপুৰীয়াত সোৱণশিৰিৰ ভয়ংকৰ খহনীয়া, চৈধ্যকোটি টকীয়া আঁচনি জাঁহ গ’ল নদীত।

বিহপুৰীয়াত সোৱণশিৰিৰ ভয়ংকৰ খহনীয়া, চৈধ্যকোটি টকীয়া আঁচনি জাঁহ গ'ল নদীত। ধূনাগুৰি বাঁহগড়া সংযোগী প্ৰায় দুই কোটি টকীয়া মথাউৰিত ভয়ংকৰ খহনীয়া। নিশাৰ পৰা মথাউৰিটোত খহনীয়াৰ আৰম্ভ হয় বুলি জানিব পৰা গৈছে।এইবাৰ বাৰিষাৰ পূৰ্বে বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাই প্ৰায় চৈধ্য কোটি টকাৰ বান খহনীয়া প্ৰতিৰোধ আঁচনিখন উদ্বোধন কৰিছিল আৰু বাৰিষাৰ সময়ত সেই আঁচনিখন ৰূপায়ন কৰিছিল। আচনিৰ কাম শেষ হোৱাৰ পিছতেই সোৱণশিৰি নদীয়ে মথাউৰিটোৰ কেইবা ঠাইতো চলাইছে ভয়ংকৰ খহনীয়া। তছনছ কৰিছে চৈধ্য কোটি টকীয়া আঁচনিক। ঠিকাদাৰ আৰু জলসম্পদ বিভাগৰ বিহপুৰীয়াৰ সহকাৰী কায্যবাহী অভিযন্তাই মিলি আচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় বানাক্ৰান্ত ৰাইজৰ। ধূনাগুৰি বাঁহগড়া সংযোগী মথাউৰিটো এতিয়া চৰকাৰী বিষয়া ঠিকাদাৰৰ…
Read More

লক্ষীমপুৰত চিলনী চোৰৰ উপদ্ৰৱত অতিষ্ঠ সৰ্বসাধাৰণ জনতা

লক্ষীমপুৰত চিলনী চোৰৰ উপদ্ৰৱত অতিষ্ঠ সৰ্বসাধাৰণ জনতা। নাওবৈছাত ৰাইজে খেদি খেদি আটক কৰিলে চাৰি জনকৈ চিলনী চোৰক।নাওবৈছাত দিন দুপৰতে চুৰি কাণ্ড সংঘটিত হৈছে।দিনক দিনে বাঢ়িছে চিলনী চোৰৰ উপদ্ৰৱ।নাওবৈছাৰ দলহাটত এগৰাকী মহিলা পথচাৰীৰ হাতৰ পৰা মোবাইল ফোন কাঢ়ি পলায়নৰ চেষ্টা কৰোতে ৰাইজে খেদি খেদি আটক কৰে চাৰি জনকৈ চোৰক।চোৰ কেইটাক আটক কৰি দলহাট আৰক্ষী চকীত সমজাই দিয়ে।চোৰ কেইজন ক্ৰমে জব্বৰ আলি,ফৰিদুল ইছলাম,ফাইজোৰ আলি,গোলজাৰ হুছেইন।উক্ত চোৰ কেইটাক লালুক আৰক্ষীয়ে লখিমপুৰ জেল হাজতলৈ প্ৰেৰণ কৰে।সম্প্ৰতি দলহাট আৰক্ষীয়ে তদন্ত অব্যহত ৰাখিছে।
Read More

ৰাজ্যত চৌদিশে বন্য হস্তীৰ উপদ্ৰৱ

লংকাৰ ফৰমাপাৰত বন্যহস্তী অহা যোৱা কৰা পথত বৈদ্যুতিক স্বৰ্ট লগাই পথ বন্ধ কৰাৰ অভিযোগ।ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত,তাৰে সমান্তৰালকৈ লংকাৰ ফৰমাপাৰ অঞ্চলত উপদ্ৰব চলাই আহিছে প্ৰায় এশজনীয়া এটা হাতীৰ জাকে।বন্যহস্তীৰ উপদ্ৰবত অঞ্চলটোৰ প্ৰায় ২০০ হেক্টৰ খেতি মাটিত কুঁহিয়াৰ,কলখেতি,তামোলৰ খেতিত উপদ্ৰৱ চলাই নষ্ট কৰি পেলাই। আৰু তাৰে সমান্তৰালকৈ লংকাৰ ফৰমাৰপাৰত বৈদ্যুতিক স্বৰ্ট লগাই বনৰীয়া হাতীৰ অহা যোৱা পথ বন্ধ কৰি দিয়াৰ ফলত বনৰীয়া হাতীৰ জাকটোৱে উপদ্ৰব চলাই বুলি অভিযোগ উত্থাপন কৰিছিল যদিও অভিযোগ নস্যাত কৰিছে একাংশ ৰাইজে।
Read More

গৰু সৰবৰাহৰ বিৰুদ্ধে সৰব হৈছে অসম আৰক্ষী।

গৰু সৰবৰাহৰ বিৰুদ্ধে সৰব হৈছে মায়ং আৰক্ষী। ৰাজ্যত গো- সুৰক্ষা আইনেও বাধা আৰোপ কৰিব পৰা নাই একাংশ চোৰাং গো সৰবৰাহীক। আজি মায়ং আৰক্ষীৰ অভিযানত মায়ঙত জব্দ হৈছে ২২ টাকৈ চোৰাং গৰু সহ চাৰিখন গাড়ী। বৰ্তমানলৈ উক্ত গৰু সৰবৰাহৰ সৈতে জড়িত থকা ১১জন লোক মায়ং আৰক্ষীৰ জালত পৰিছে।জানিব পৰা মতে মায়ং অঞ্চলৰ মাজেৰে গৰু কেইটা লৈ গাড়ী কেইখন গৈ থকা অৱস্থাত মায়ং আৰক্ষীৰ অভিযানত জব্দ হয় ।
Read More

বিজনীত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

বিজনীত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ চিৰাং জিলাৰ বিজনীত আজি ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বিজনী আৰক্ষীয়ে।বিজনী ৰেলগেট পৰা পুৰণি বাছআস্থানত উদ্ধাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী এজন লোক ।। ন টা কৈ ড্ৰাগছ ভৰ্তি কন্টেনাৰ জব্দ কৰে আৰক্ষীয়ে। বিজনী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত ড্ৰাগছসহসৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । ন টা কন্টেনাৰসহ ড্ৰাগছৰ ওজন ১২.৩০ গ্ৰাম । সৰবৰাহকাৰীৰ পৰা এটা মোবাইল, নগদ ২২০ টকা জব্দ কৰে বিজনী আৰক্ষীয়ে।সৰবৰাহকাৰী জনৰ নাম ইচৰাফু আলী (২৩) । ইচৰাফুলৰ ঘৰ পুৰান বিজনীৰ সৰকাৰপাৰাত বুলি জানিব পৰা গৈছে ।
Read More

ৰাজ্যৰ বিভিন্ন স্থানত এতিয়া আহিন মহীয়া বানৰ প্ৰকোপ

ৰাজ্যৰ বিভিন্ন স্থানত এতিয়া আহিন মহীয়া বানৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ফেনে-ফুটুকাৰে নৈ-উপনৈ সমূহ পানী বাঢ়ি অহাৰ সমান্তৰাল ভাৱে নকৈ প্লাবিত হৈছে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য কিছু অংশ। বুঢ়াচাপৰি ৰাজহ গাঁও আৰু অভয়াৰণ্য সীমিত থকা বগানলাৰে হুৰাহুৰে অভয়াৰণ্য খনত সোমাইছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী। বিগত তিনিদিন ধৰি অভয়াৰণ্য খনত পানী সোমাই আহি কিছু-কিছু ঠাই প্লাৱিত কৰাৰ লগে-লগে ভাবুকি আহি পৰিছে বন্যপ্ৰাণী সমূহৰ প্ৰতি। যাৰ বাবে অভয়াৰণ্য খনত নিয়োজিত বনকর্মী সকলে দিনে-নিশাই অধিক তৎপৰহৈ পৰিছে বুলি সদৰি কৰিছে বনকর্মী সকলে। ইফালে অভয়াৰণ্য খনলৈ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমাই অহাৰ লগে-লগেই জীৱ জন্তুসমূহ ওলাই আহে পাশৱৰ্তী অঞ্চলসমূহত যদিও ৰাইজে বনকর্মী সকলক খবৰ দি জন্তুসকলক…
Read More