09
Dec
এদিনতে পাচঁখনকৈ উন্নয়ণমূলক কামৰ শুভ উদ্বোধন বিধায়ক ৰেকিবুদ্দিন আহমেদৰকামৰূপ জিলাৰ ছয়গাওঁ সমষ্টিৰ গৰৈমাৰী এলেকাত দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন আঁচনিৰ অধীনত পাচটাকৈ কামৰ শুভ উদ্বোধন ও শিলান্যাস কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে। আজি বিধায়ক আহমেদে উপস্থিত হৈ প্ৰথমে পূৱ মহিমাৰী অঞ্চলৰ কৃষক ৰাইজৰ সহায়ক হোৱাকৈ কম্বাইন হাৰ্ভেষ্টৰ কাৰ্যসূচীৰ মুকলি কৰে। ইয়াত অতি কম খৰচত ৰাইজে ধানৰ উপৰিও অন্যান্য শস্য কটা আৰু মৰণা মৰা যন্ত্ৰ প্ৰায় ২৬ লাখ টকা মূল্যৰ ৯০ শতাংশ ৰেহাইৰে কৃষি বিভাগে বিতৰণ কৰে ।লগতে শস্য কঢ়িওৱাৰ বাবে ট্ৰেক্টৰো বিতৰণ কৰে। পিছত পঞ্চদহ বাৰ্ষিক পৰিকল্পনাৰ ২০২০-২১বৰ্ষৰ আঁচনিৰ দ্বাৰা উত্তৰ মাজোৰটোপ বালিকা প্ৰাথমিক বিদ্যালয় আৰু পশ্চিম মাজোৰটোপ অঙ্গনাবাদী কেন্দ্ৰ শৌচালয় নিৰ্মাণৰ লগতে…
