Dipshikha

3144 Posts

ৰূপহীহাটতো চলিছে বীৰ লাচিত বৰফুকনৰ ৪০০ তম জন্মজয়ন্তীৰ প্ৰস্তুতি

সমগ্ৰ দেশৰ লগতে ৰূপহীহাটতো চলিছে বীৰ লাচিত বৰফুকনৰ ৪০০ তম জন্মজয়ন্তীৰ প্ৰস্তুতি। সেই উপলক্ষে ৰূপহীহাট আৰক্ষীৰ উদ্যোগত এটি পদযাত্ৰাৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই পদযাত্ৰাত আৰক্ষী-প্ৰশাসন গাওঁৰক্ষী বাহিনীৰ উপৰিও বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ নাগৰিকেও অংশগ্ৰহণ কৰে। প্ৰতিজন ভাৰতীয়ৰ বাবেই লাচিত চিৰ নমস্য বীৰ। সেই কথা সকলোকে সোঁৱৰাই পদযাত্ৰা উলিয়াই সজাগতা বৃদ্ধি কৰে ৰূপহী হাট আৰক্ষীয়ে।
Read More

কলগাছিয়াৰ সোনাপুৰ ৰুভি গাঁওত বোৱাৰীৰ ৰহস্যজনক আত্মহত্যা

কলগাছিয়াৰ সোনাপুৰ ৰুভি গাঁওত বোৱাৰীৰ ৰহস্যজনক আত্মহত্যা । এক সন্তানৰ মাতৃ আমিনা খাতুনক হত্যা কৰাৰ অভিযোগ পিতৃ গৃহৰ। এই ঘটনাই সমগ্ৰ অঞ্চল ব্যাপী সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । হত্যাকাৰীৰ শাস্তিৰ দাবী জনাইছে আমিনা খাতুনৰ পিতৃ পৰিয়ালে। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত সোণাপুৰ ৰুভি গাঁওত নিশা সংগঠিত হৈছে এক হৃদয় বিদাৰক ঘটনা। আঁমিনা খাতুন নামৰ বোৱাৰী জনী আত্মহত্যা। হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ পিতৃ পৰিয়ালৰ । জানিব পৰা মতে স্বামী পানু মিঞা কৰ্মসূত্ৰে কেৰেলাত থাকে । স্বামী ঘৰত নথকাৰ পিছত পত্নী আমিনা খাতুনে কি কাৰণত আত্মহত্যা কৰিলে তাক লৈ গাওঁ খনত তীব্ৰ ৰহস্যৰ সৃষ্টি হৈছে।বাহিৰৰ পৰা দুৱাৰ বন্ধ থকাক…
Read More

বিলাসীপাৰাত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ।

বিলাসীপাৰাত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ। বিলাসীপাৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত সংগঠন দুটাই সাব্যস্ত কৰে এই প্ৰতিবাদ। উল্লেখ্য যে বিলাসীপাৰা মহকুমাৰ মহামায়া উন্নয়ন খণ্ডৰ অন্তৰ্গত কদমতলা গাঁৱ পঞ্চায়তত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল। ইতিমধ্যে উক্ত গাঁৱ পঞ্চায়তখনত PMAY ৰ গৃহত সংঘটিত হোৱা দুৰ্নীতিৰ উচিত তদন্ত বিচাৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিলাসীপাৰা মহকুমাধিপতি কাৰ্যালয়ত অভিযোগ দাখিল কৰিছিল যদিও আজিলৈ কোনো সুফল নপোৱাৰ অভিযোগ উঠিছে। যাৰ বাবে আজি ৰাণীগঞ্জ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে বিলাসীপাৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি মহকুমাধিপতিৰ জৰিয়তে…
Read More

নগাঁৱৰ বঢ়মপুৰ বালিজুৰিত বন্যহস্তীৰ সন্ত্ৰাস

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ ইয়াৰ মাজতে নগাঁও জিলাৰ বঢ়মপুৰৰ বালিজুৰিত এতিয়া নিতৌ চলিছে বন্যহস্তীৰ সন্ত্ৰাস । বিয়লি হ'লেই বালিজুৰিৰ ডাক্টৰ বাগানৰ সমীপৰ ভৈয়ামৰ পথাৰলৈ নামি আহি অৱস্থান কৰে শতাধিক বন্যহস্তীয়ে । ফলত আতংকিত হৈ পৰিছে অঞ্চলবাসী ৷ আনকি আঘোণৰ পথাৰত সোণগুটি চপাবলৈ আশাৰে বাট চাই ৰোৱাৰ সময়তে ফুটগধূলিতে বালিজুৰিৰ বিশাল ধাননি পথাৰলৈ নামি আহি বিস্তৰ অনিষ্ট সাধন কৰিছে বন্যহস্তীৰ জাকে। যোৱা দুসপ্তাহ ধৰি স্থানীয় ৰাইজে আতচবাজী ফুটাই, জুই আৰু টৰ্চলাইট জ্বলাই ধাননি পথাৰত প্ৰবেশত বাধা প্ৰদানৰ চেষ্টা কৰি আছে অতি বিপদসংকুল ভাৱে। বনবিভাগৰ কেইজনমান বনকৰ্মী কেইঘণ্টামানৰ বাবে আহে যদিও বৃহৎ সংখ্যক হাতী খেদি পঠিওৱাত হ'ব লগীয়া…
Read More

এৰিয়া কামাণ্ডাৰ সহ ৯ দুৰ্ধৰ্ষ উগ্ৰপন্থী কেডাৰৰ অস্ত্ৰসহ আত্মসমৰ্পণ

আদিবাসী উগ্ৰপন্থী সংগঠন আপলাৰ স্বয়ম্ভু উপ-সৈনাধ্যক্ষ, এৰিয়া কমাণ্ডাৰ সহ ৯ দুৰ্ধৰ্ষ উগ্ৰপন্থী কেডাৰৰ অস্ত্ৰসহ আত্মসমৰ্পণকিছুদিন পূৰ্বে আনলাকে ধৰি কেইবাটাও অস্ত্ৰবিৰত উগ্ৰপন্থী সংগঠনে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰি স্থায়ী শান্তিৰ পৰিৱেশ সূচনা কৰাৰ সময়তে আদিবাসী পিপʼলছ লিবাৰেশ্যন আৰ্মী চমুকৈ আপলাৰ শীৰ্ষ নেতৃত্বকে ধৰি ৯ জন দুৰ্ধৰ্ষ কেডাৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ বাতৰি পোৱা গৈছে। সেই অনুসৰি যোৱানিশা খটখটী আৰক্ষী থানাত আত্মসমৰ্পণ কৰা উগ্ৰপন্থী কেডাৰকেইগৰাকী ক্ৰমে স্বয়ম্ভু উপ-মুখ্য সৈনাধ্যক্ষ জয়ন্ত হাও (৩১), এৰিয়া কমাণ্ডাৰ ডিমেশ ওৰাং (২৬), মেজৰ জেনেৰেল চাহাটʼ ইমচুংগাৰ (২৪), বিমল টপ্ন (৪৫), চটু কৰ্মকাৰ (২৪), গোপাল বৰাইক (৩৮), চৌজা শ্যাম (২৩), জোচেফ বাৰ্লা (৩৮) আৰু…
Read More

লখিমপুৰৰ বঙালমৰাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান

লখিমপুৰৰ বঙালমৰাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান।আমছু আৰু আৰক্ষীৰ অভিযানত ড্ৰাগছৰ সৈতে কৰায়ত্ত কৰে তিনিটা সৰবৰাহকাৰীক।149 গ্ৰাম ড্ৰাগছৰ সৈতে ধৃত আব্দুল কৰিম, আব্দুল বাছিৰ আৰু ছাদ্দাম হুছেইনক আটক কৰে।বঙালমৰা আঞ্চলিক আমছু আৰু বঙালমৰা আৰক্ষীয়ে ৰাইজৰ সহযোগত ড্ৰাগছৰ সৈতে কৰায়ত্ত কৰে এই তিনিটা সৰবৰাহকাৰীক।এই চক্ৰটোৰ লগত আৰু কেইবাটাও সৰবৰাহকাৰী জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।ইতিমধ্যে পৃথকে পৃথকে অইন দুটা সন্দেহজনক সৰবৰাহকাৰীৰ ঘৰতো বঙালমৰা আৰক্ষীয়ে অভিযান চলায়।আৰু কেইবাটাও সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
Read More

অৱশেষত গ্ৰেপ্তাৰ হ’ল ধৰ্ষণকাৰী হুছেইন আলী ।

ৰাজ্যত অব্যাহত আছে ইটোৰ পিছত সিটো জঘন্য ঘটনা।ধৰ্ষণ কৰা নৰপিশাচক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।অৱশেষত গ্ৰেপ্তাৰ হ'ল ধৰ্ষণকাৰী হুছেইন আলী ।বৰপেটাৰ মাজদিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হুছেইন আলীক ।ধৰ্ষণকাৰীজন সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চেংদী গাঁৱৰ হুছেইন আলী । উল্লেখযোগ্য যে গৰাকী ৬০ বছৰীয়া বৃদ্ধ হুছেইন আলীয়ে নিকটৱৰ্তী এগৰাকী নাবালিকা কন্যাক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে মাজদিয়া আৰক্ষীয়ে । কিছুদিন পূৰ্বে এগৰাকী নাবালিকাক খেলি থকা অৱস্থাত ফুচুলাই নি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী হুছেইন আলীৰ বিৰুদ্ধে । ঘটনা সন্দৰ্ভত সৰ্থেবাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল ভুক্তভোগী পৰিয়ালৰ লোকে । উক্ত গোচৰ ভিত্তিত মাজদিয়া আৰক্ষী চকীৰ এটি আৰক্ষীৰ দলে অৱশেষত কালি নিশা…
Read More

দক্ষিণ কামৰূপৰ লাৰুৱাজানত বন বিভাগৰ অভিযান

দক্ষিণ কামৰূপৰ লাৰুৱাজানত বন বিভাগে অভিযান চলাই মূল্যৱান ফলা শাল কাঠ জব্দ কৰিবলৈ সক্ষম হয়।জানিব পৰামতে বামুণীগাঁৱস্থিত পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী কাৰ্যালয়ৰ অন্তৰ্গত গৰৈমাৰীৰ বনৰক্ষী বাহিনীৰ আব্দুল গফুৰ, গিয়াছউদ্দিন আহমেদ আৰু হাসমত আলীয়ে আজি গৰৈমাৰীৰ লাৰুৱাজানত গোপন খবৰৰ ভিত্তিত অতৰ্কিতভাৱে অভিযান চলায়৷ বন বিভাগৰ দলটোৱে লাৰুৱাজানৰ পথৰ দাঁতিৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ ফলা নন শাল কাঠ জব্দ কৰিবলৈ সক্ষম হয়৷ জব্দকৃত ফলা কাঠখিনি গৰৈমাৰীৰ বন বিভাগৰ কাৰ্যালয়লৈ নিয়ে৷
Read More

বৰগোলাইত ড্রাগছ সহ দুজন আটক

বৰগোলাইত ড্রাগছ সহ দুজন আটক নিচাযুক্ত দ্রব্যৰ বিৰোদ্ধে আৰক্ষীৰ তীব্র অভিযান চলি থকাৰ মাজতো ড্রাগছ কানি আদি নিচাযুক্ত দ্রব্য প্রচলন বন্ধ হোৱা নাই । মাৰ্ঘেৰিটাৰ নগৰ গাওঁ সকলোতে এনে নিচা যুক্ত দ্রব্যৰ ব্যাপক প্রচলন হৈ থকাৰ অভিযোগ উত্থাপন হৈ আহিছে ।বন্ধ হোৱা নাই নিচা যুক্ত দ্রব্যৰ সৰবৰাহ , প্রচলন। মাৰ্ঘেৰিটা আৰক্ষী থানাৰ আৰক্ষী বিষয়া প্রতাপ গগৈৰ নেতৃত্বত চলোৱা অভিযান কালত দুজন যুৱকক আটক কৰাৰ লগতে তেওঁ লোকৰ পৰা দুটা চাধা টেমাত ভৰাই থোৱা ড্রাগছ জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে গোপন সুত্রৰ ভিত্তিত মাৰ্ঘেৰিটাৰ উপকণ্ঠ অঞ্চলৰ বৰগোলাই পাণ্ডু ঘাটত আটক কৰে যুৱক দুজনক । আটকাধীন যুৱক দুজন ক্ৰমে দেৱাশীষ মণ্ডল…
Read More

চামগুৰি বৈদ্যুতিক উপ সংমণ্ডল কাৰ্য্যালয়ৰ আজৱ কাণ্ড

চামগুৰি বৈদ্যুতিক উপ সংমণ্ডল কাৰ্য্যালয়ৰ আজৱ কাণ্ড। নিজ মইমতালিৰে বিদ্যুতৰ মাচুল ধাৰ্য্য কৰে কাৰ্যালয়ৰ কৰ্তৃপক্ষই। মিটাৰ ভালদৰে নাছাই দায়িত্বত থকা কৰ্ম্মচাৰীয়ে। যাৰ ফলত বিপদত এজন বিকলাংগ লোক। চামগুৰিৰ সোণাৰী বালিৰ ফাতেমা খাতুন আৰু তেওঁৰ বিকলাংগ স্বামী হাছেম আলিৰ নামত অহা চলিত বৰ্ষৰ অক্টোবৰ আৰু নৱেম্বৰ মাহৰ বিল আহিল অধিক পৰিমাণৰ। মাত্ৰ ৩ টা লাইট আৰু এখন ফেন থকা ফাতেমা খাতুনৰ নামত অহা ২০ হাজাৰ টকাতকৈ বেছি বিল দেখি সৰ্বশান্ত হৈ পৰিছে খুজি মাগি জীৱন চলোৱা হাছেম আলি। পূৰ্বৰে পৰা বিভিন্ন সময়ত বহুকেইজন লোকৰ বিল নিজ মইমতালিৰে ধাৰ্য্য কৰি অহাৰ অভিযোগ চামগুৰি বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্য্যালয়ৰ বিৰুদ্ধে।
Read More