Dipshikha

3313 Posts

প্ৰতিভাৰে উজ্বলি উঠিছে নাজিৰাৰ এগৰাকী কণমানি

প্ৰতিভাৰে উজ্বলি উঠিছে নাজিৰাৰ এগৰাকী কণমানিনাজিৰা ৮ নং ৱাৰ্ডৰ বাসিন্দা চৈয়দ মৈনুৰ ৰহমান আৰু চৈয়দা নাফিয়া হকৰ সু-যোগ্য কন্যা চৈয়দা নাবিহা ৰহমানে ১১ বছৰ বয়সতে উজলি উঠিছে বৰ্ণিল প্ৰতিভাৰে। ৪ বছৰ বয়সৰ পৰাই কনমানী জনীয়ে কৰা অবোধ প্ৰচেষ্টা আৰু অধ্যৱসায়ৰ ফলত নাজিৰা অঞ্চলৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ছাত্ৰী গৰাকীয়ে যোৱা কালিৰ দিনটোত চৈয়দ কৈলাণ ন্যাসে আয়োজন কৰা Culture , Education আৰু sport's প্ৰতিযোগিতাত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় । প্ৰতিযোগিতা খনিত পুৰস্কাৰ হিচাপে কনমানী জনীয়ে লাভ কৰে নগত ২৫,০০০ হাজাৰ টকাৰ এখনি চেকৰ লগতে এটা ট্টফী। ছাত্ৰী গৰাকীয়ে মাত্ৰ এই ১১ বছৰ বয়সতে আয়ত্ব কৰিছে…
Read More

বৰপেটাৰ ভেল্লাত ভয়ংকৰ পথ দুৰ্ঘটনা ।

বৰপেটাৰ ভেল্লাত ভয়ংকৰ পথ দুৰ্ঘটনা ।এজন থিতাতে মৃত্যু , দুজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ ।মৃত ব্যক্তিজন বৰবিলাৰ নিতুল শৰ্মা । নিতুল আছিল পেছাত এগৰাকী অনলাইন ডেলিভেৰি বয় ।সোমবাৰে নিশা প্ৰায় ১০-৩০ বজাত সংঘটিত হয় এই পথ দুৰ্ঘটনা । ভেল্লা আঞ্চলিক জুনিয়ৰ কলেজৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো । জানিব পৰা মতে, AS-01AQ- 5233 নম্বৰৰ মাৰুতি 800 এখন আৰু AS-23R- 0892 নম্বৰৰ Swift ডিজেয়াৰ এখনৰ মাজত প্ৰচণ্ড মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো । দুৰ্ঘটনাগ্ৰস্ত মাৰুতি 800 খনে নিয়ন্ত্ৰণ হেৰুৱাই বাইক আৰোহী নিতুল শৰ্মাক মহতিয়াই নিয়ে । ফলত থিতাতে মৃত্যু হয় এইগৰাকী নিতুল শৰ্মাৰ । নিতুল শৰ্মা বৰবিলা গাৱঁৰ বুলি…
Read More

বিহালীত বনৰীয়া হাতীৰ সন্ত্রাস। ভাঙি তহিলং কৰিছে ইটোৰ পিছত সিটোকৈ বাসগৃহ।

বিহালীত বনৰীয়া হাতীৰ সন্ত্রাস। ভাঙি তহিলং কৰিছে ইটোৰ পিছত সিটোকৈ বাসগৃহ। নিশা বিহালীৰ ৰাংছালী দলনী গাঁৱত বনৰীয়া হাতীৰ তাণ্ডৱএটা ঘৰ লণ্ডভণ্ড;কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ ।বিহালীত হাতী আৰু মানুহৰ সংঘাত নতুন নহয়।বিগত বহু বছৰ ধৰি বিহালীত বনৰীয়া হাতীৰ উপদ্ৰৱ কৰি আহিছে। আজি ৰাতি প্ৰায় ২:৩০ পৰা ৩ মান বজাত বিহালী সমষ্টিৰ নিজ বিহালী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাংছালী দলনী গাঁৱৰ নিবাসী পূৰ্ণ প্ৰধানৰ ঘৰ বনৰীয়া হাতীয়ে ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে প্ৰায় ১০০ কে:জি:ৰো অধিক ধান ভড়ালৰ পৰা খায় অনিষ্ট কৰে । ৰাতি সকলো টোপনিত থকাত হঠাতে অহা বনৰীয়া হাতী জাকৰ পৰা এটা হাতী ফালৰি কাটি আহি পূৰ্ণ প্ৰধানৰ ঘৰ ভাঙি…
Read More

মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভয়ানক কাণ্ড

মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভয়ানক কাণ্ড নাৰ্চৰ ভুলৰ বাবে গৰম তেলে পুৰিলে দেৱ শিশুক ICU ত থকা অৱস্থাত এই দুৰ্ঘটনা , নাৰ্চে শিশুটিৰ ওপৰত থকা লাইটৰ ওপৰত নাৰিকলৰ তেল গৰম কৰোঁতে এই ঘটনা শিশুটিৰ দেহ আৰু মুখমণ্ডল বেয়াকৈ গৰম তেলে পুৰিলে নাৰ্চে পৰিয়ালক ঘটনাটো প্ৰকাশ নকৰিবলৈ হেঁচা দিছিল কিছুদিন আগতে ওদালগুৰি জিলা বেংবাৰী অঞ্চলৰ দীনেশ ৰাভাৰ পত্নীয়ে মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত দেৱ শিশুটি জন্ম দিছিল কিন্তু এই দুৰ্ঘটনা হোৱাৰ বাবে আজিও চিকিৎসাধীন হৈ আছে৷
Read More

চৰকাৰী কাৰ্যালয়ত এলাগী অসমীয়া ভাষা।

চিৰাঙৰ বিজনীত আছুই আঁতৰালে চৰকাৰী কাৰ্যালয়ৰ ফলক।অসমীয়া ভাষাক এলাগী কৰাৰ অভিযোগ বিজনী আঞ্চলিক আছুৰ।অসমীয়া ভাষা বিৰোধী কাম নকৰিবলৈ বিটিআৰৰ প্ৰমোদ বড়ো প্ৰশাসনক সকিয়নী বিজনী আছুৰ।চিৰাং জিলাৰ বিজনীত চৰকাৰী কাৰ্যালয়ত এলাগী অসমীয়া ভাষা।চৰকাৰী কাৰ্যালয়ৰ ফলকত অসমীয়া ভাষাক অপমান কৰাত সৰৱ হৈ উঠিছে বিজনী আঞ্চলিক আছুৰ কৰ্মকৰ্তা। বিজনী চহৰস্থিত নৱ নিৰ্মিত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সহকাৰী সঞ্চালকৰ কাৰ্যালয়ৰ নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰ নকৰাত ক্ষোভিত হৈ পৰিছে বিজনীৰ আছু। বিভাগটোৰ ফালৰ পৰা লগোৱা ফলকত ইংৰাজী আৰু বড়ো ভাষা ব্যৱহাৰ কৰিছে।ফলত বিজনী আঞ্চলিক ছাত্র সন্থাৰ কৰ্মীয়ে আজি উক্ত ফলকখন আঁতৰাই পেলায়। আনহাতে অনাগত দিনত কাৰ্যালয়টোত ইংৰাজী, বড়ো আৰু অসমীয়া তিনিওটা…
Read More

লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী

লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচীআজি লখিমপুৰ নগৰত অসমীয়া যুৱ মঞ্চই গ্ৰহণ কৰিলে এক প্ৰতিবাদী কাৰ্যসূচী।চিৰিয়াখানাৰ পৰা গড়, বান্দৰ আদি জীৱ জন্ত সমূহ আম্বানীক দিয়াৰ বিৰোধিতা কৰি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি কয় যে কোনো ক্ষেত্ৰত এই কথা মানি নলয় অসমৰ চিৰিয়াখানাৰ জীৱ জন্তুক আম্বানীক গটাই দিয়াটো।
Read More

এক মৰ্মান্তিক ঘটনাই কঁপাইছে নামৰূপত ।

এক মৰ্মান্তিক ঘটনাই কঁপাইছে নামৰূপত । নামৰূপৰ বীৰেন সিংৰ শিল কেচাৰ মেছিনৰ লোহাৰ চকা খুলি যোৱাত তিনি গৰাকী শ্ৰমিক গুৰুত্ত্ব ভাৱে আঘাত প্ৰাপ্ত হয়।তেওঁলোকক ততাতৈয়াকৈ নামৰূপ মিনি পি এইচ চি লৈ নিয়ে যদিও আঘাত গুৰুত্বৰ বুজি প্ৰাথমিক চিকিৎসা কৰি ডিব্ৰুগড় অসম চিকিৎসালৈ মহাবিদ্যালয় লৈ প্ৰেৰণ কৰে।
Read More

গোৰেশ্বৰৰ কাউবাহাত পুঠিমাৰী নদীৰ ওপৰত অবৈধ বালি খনন

গোৰেশ্বৰৰ কাউবাহাত পুঠিমাৰী নদীৰ ওপৰত অবৈধ বালি খনন, আনফালে ধন সংগ্ৰহত ব্যস্ত একাংশ বন বিষয়াশূন্য সহনশীলতাৰ নীতি দোহাই দি সভা সমিতিয়ে ভাষণ দিয়া চৰকাৰখনক বুঢ়া আঙুলি দেখুৱাই আহিছে একাংশ বিষয়াই।তামুলপুৰ জিলাৰ গোৰেশ্বৰ বন সংমণ্ডল বিষয়া কাৰ্যালয়ৰ অধীনৰ পুঠিমাৰী নদীৰ ওপৰত অব্যাহত আছে অবৈধ বালি খনন কাৰ্য্য।ইফালে বন বিভাগৰ একাংশ বিষয়াই নাওকাটাত এটি অস্থায়ী গৃহ লৈ শিল বালি কঢ়িয়াই অনা প্ৰত্যকখন ডাম্পাৰৰ পৰা ২০০ টকাকৈ ধন সংগ্ৰহত ব্যস্ত হৈ পৰিছেস্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি এচাম অসাধু বালি মাফিয়াই অহৰ্নিশে পুঠিমাৰী নৈত চলাই আহিছে অবৈধ বালি খনন।সংশ্লিষ্ট বিভাগৰ অনুমতিবিহীনভাৱে ৰাজহ ফাকি দি কেৱল ধন বল আৰু বাহু বল প্ৰয়োগ কৰি এটা দুষ্ট…
Read More

২৮ টা সন্দেহজনক অবৈধ গৰু জব্দ বিজনী আৰক্ষীৰ।

বিজনীৰ মাজৰাৰীত অবৈধ ভাবে সৰবৰাহ কৰি থকা ২৮ টা সন্দেহজনক অবৈধ গৰু জব্দ বিজনী আৰক্ষীৰ।চিৰাং জিলাৰ বিজনীত অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ।আজি পুৱাৰ ভাগত বিজনী আৰক্ষীৰ অভিযানত মাজৰাৰীত ২৮ সন্দেহজনক অবৈধ গৰু জব্দ কৰা হয়।বিজনীৰ উত্তৰাঞ্চল মঙ্গলিয়ানৰ পৰা বিজনী অভিমুখে লৈ অহা অৱস্থাত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় গৰু সমূহ। অৱশ্যে আৰক্ষীক দেখা মাত্ৰেই পলায়ন কৰিবলৈ সক্ষম হয় গৰু সৰবৰাহৰ সৈতে জড়িত লোক কেইজন।সম্প্ৰতি আৰক্ষীয়ে বিজনী থানাত ৰাখিছে গৰুসমূহ।
Read More

গেলেকীৰ বনভোজস্থলী কমলাবাৰীত অসমীয়া যুৱ মঞ্চৰ শ্ৰমদান কাৰ্যসূচী

গেলেকীৰ বনভোজস্থলী কমলাবাৰীত অসমীয়া যুৱ মঞ্চৰ শ্ৰমদান কাৰ্যসূচী ।।এই কাৰ্যসূচীৰ যোগেদি বনভোজস্থলীলৈ প্ৰৱেশ দ্বাৰকে ধৰি বনভোজ স্থলীৰ বিভিন্ন স্থানত শ্ৰমদান কৰা হয় ।। অনুষ্ঠানটিত গেলেকী আঞ্চলিক সমিতিৰ প্ৰায় অৰ্ধশতাধিক সদস্য উপস্থিত আছিল ।। নৱবৰ্ষৰ প্ৰাকমূহুৰ্তত বনভোজপ্ৰেমীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি এই কাৰ্যসূচী ৰূপায়ন কৰে অসমীয়া যুৱ মঞ্চ‌ই ।।
Read More