Dipshikha

3143 Posts

থলুৱা চুপাৰি ক্ৰয় আৰু বিক্ৰীৰ ক্ষেত্ৰত আৰক্ষী আৰু চৰকাৰৰ বাধাৰ প্ৰতিবাদত উত্তাল হাইলাকান্দি।

থলুৱা চুপাৰি ক্ৰয় আৰু বিক্ৰীৰ ক্ষেত্ৰত আৰক্ষী আৰু চৰকাৰৰ বাধাৰ প্ৰতিবাদত উত্তাল হাইলাকান্দি। জিলাখনৰ আয়নাখাল বজাৰত আজি সৰ্বদলীয় প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি অসম - মেঘালয়ৰ দিগৰখাল চেক গেটত বৰাক উপত্যকাৰ ৰাইজৰ উপস্থিতিত প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে । আজিৰ প্ৰতিবাদত ভাগ লৈছিল কাটলিছৰা সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰ সহ কংগ্ৰেছ, ৰাইজৰ দল, সি পি আই (এম) , ছাত্ৰ মুক্তিকে বহু দল সংগঠনৰ নেতা কর্মী সকলে ।
Read More

দলগাঁৱৰ বেছিমাৰীত ভয়ংকৰ অগ্নিকাণ্ড

ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে দলগাঁৱৰ বেছিমাৰীত। অগ্নিকাণ্ডৰ ফলত জাহ গ'ল প্ৰায় ২৫ লাখ টকাৰ সা সম্পত্তি ।উল্লেখযোগ্য যে দলগাঁৱৰ বৰুৱাঝাৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড ৷জানিব পৰা মতে অগ্নিকাণ্ডত নুৰ জামালৰ চাৰিটা বাসগৃহৰ লগতে জাহ গ'ল প্ৰায় ২৫ লাখ টকাৰ সা সম্পত্তি । ইফালে কুব্বাত আলীৰ ঘৰৰো বৃহৎ ক্ষতিসাধন হোৱাৰ লগতে অগ্নিকাণ্ডত জ্বলি ভষ্মীভূত হয় এখন চাৰি চকীয়া বাহন ।পুৱতি নিশা গাঁওখনৰ ব্যবসায়ী কুব্বাত আলী আৰু নুৰজামালৰ ঘৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড ।পিছত স্থানীয় ৰাইজৰ তৎপৰতাত জুই নুমাবলৈ সক্ষম হয় যদিও নিমিষতে জ্বলি ভষ্মীভূত হয় সকলো ।উল্লেখযোগ্য যে, অগ্নিকাণ্ডৰ সূত্ৰপাতৰ প্রকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে…
Read More

পৰ্বতঝোৰাৰ খোৰাঘাটত বলেৰ পিক আপ আৰু ট্টাকৰ মুখামুখি সংঘৰ্ষ

পৰ্বতঝোৰাৰ খোৰাঘাটত বলেৰ পিক আপ আৰু ট্টাকৰ মুখামুখি সংঘৰ্ষ পৰ্বতঝোৰাত অবৈধ বালি ভৰ্ত্তি বলেৰৰ অতপালিত অতিষ্ঠ ৰাইজ। বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত খোৰাঘাট তিনি আলিত অবৈধ বালি ভৰ্ত্তি বলেৰ পিক আপৰ লগত বিপৰীতমুখী ট্টাকৰ সংঘৰ্ষত অবৈধ বালি ভৰ্ত্তি বলেৰ খন বাগৰি পৰে। যাৰফলত হেণ্ডিমেনজন গুৰুতৰ বাবে আঘাতপ্ৰাপ্ত হয। উল্লেখ্য যে ধুবুৰীৰ শৌলমাৰী মহলৰ পৰা অবৈধ বাবে বালি কঢ়িয়াই থকা AS-17C-4683 নম্বৰৰ তীব্ৰ বেগী বলেৰ পিক আপ গাড়ীখনে খোৰাঘাট তিনি আলিত বিপৰীত দিশত গৈ থকা বালি কঢ়িওৱা ট্ৰাক খনক প্ৰচণ্ড জোৰে খুন্দা মাৰি বাগৰি পৰে বুলি গাঁও ৰক্ষী বাহিনীৰ সভাপতি ৰৌচন আলীয়ে জানিবলৈ দিয়ে।বৰ্তমান বলেৰৰ চালক জন…
Read More

টেঙাখাত আৰক্ষীৰ সাফল্য । অভিযানত গাঞ্জা সহ:  এজনক আটক         

টেঙাখাত আৰক্ষীৰ সাফল্য ।অভিযানত গাঞ্জা সহ:  এজনক আটক  । উল্লেখযোগ্য যে টেঙাখাত আৰক্ষী থানাৰ  সহকাৰী আৰক্ষী পৰিদৰ্শক  বিষয়া বেবী নেওগৰ    নেতৃত্বত আজি আৰক্ষী বাহিনীয়ে চলোৱা এক অভিযানত  গাঞ্জা সহ: এজন  গাঞ্জা দোকানীক আটক কৰিবলৈ সক্ষম হয় । জানিব পৰামতে উল্লেখিত আৰক্ষী বাহিনীয়ে নিচাযুক্ত দ্ৰব্য  ব্যৱসায়ৰ  বিশেষ সূত্ৰৰ  পমখেদি আজি সন্ধিয়া প্ৰায়  ৬-৩০  বজাত অচিতপুৰ নতুন লাইনৰ  দেবানন্দ মাঝি (৬০) নামৰ  ব্যক্তিজনৰ ঘৰত  ভাঙৰ দোকানত তালাচি চলাই  ৮ টা প্লাষ্টিক পাত্ৰত ৰখা তথা মুক্ত বেগত ৰখা  ১.০১৭ গ্ৰাম গাঞ্জা জব্দ  কৰাৰ লগতে দেবানন্দ  মাঝিক আটক কৰি টেঙাখাত থানালৈ আনে । ঘটনাৰ সম্পৰ্কে অধিক তথ্যৰ বাবে  আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰখা বুলি  জানিব পৰা গৈছে  । …
Read More

মৈৰাবাৰীত গ্ৰেপ্তাৰ বৃহৎ ড্ৰাগছ ব্যৱসায়ী চক্ৰ

মৈৰাবাৰীত গ্ৰেপ্তাৰ বৃহৎ ড্ৰাগছ ব্যৱসায়ী চক্ৰ।মণিপুৰী আৰক্ষীৰ তথ্যৰ ভিত্তিত মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজনক।বহিঃৰাজ্যৰ ড্ৰাগছ ব্যৱহায়ৰ লগত জড়িত মৈৰাবাৰীৰ ইমৰান হুছেইনক গ্ৰেপ্তাৰ ।মৈৰাবাৰী আৰক্ষীৰ জানিব পৰা মতে-কিছুদিন পূৰ্বে মণিপুৰৰ আৰক্ষীয়ে প্ৰায় দুই কেজি পৰিমাণৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰিছিল এজন ড্ৰাগছ ব্যৱসায়ীক আৰু সেই ড্ৰাগছ ব্যৱসায়ী জনৰ লগত জড়িত থকা ইমৰান হুছেইনক আজি মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মণিপুৰ আৰক্ষীক চমজি দিয়েপ্ৰায় দুই কোটি টকা মূল্যৰ ড্ৰাগছ সহ মণিপুৰত গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ ব্যৱসায়ী জনক মৈৰাবাৰীৰ ইমৰাণ হুছেইন নামৰ যুৱক জনে যোগান ধৰিছিল এই বৃহৎ পৰিমাণৰ ধন।আৰু সেই তদন্তৰ ভিত্তিত আজি মৈৰাবাৰী আৰক্ষীয়ে ইমৰান হুছেইনক গ্ৰেপ্তাৰ কৰে।ইমৰানৰ লগত বহিঃ ৰাজ্যৰ এটা বৃহৎ ড্ৰাগছ…
Read More

কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বন বিভাগ

ৰাজ্যত এতিয়াও চলি আছে অবৈধ শিল বালিৰ বেহা। কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বন বিভাগ। পৰিবহন বিভাগৰ নিয়মিয়া তালাছিত ধৰা পৰে অবৈধ বাবে শিল বালি কঢ়িওৱা ট্ৰেক্টৰ।লখিমপুৰ জিলাৰ লালুকৰ ৰাজ পথত আৰক্ষীৰ নিয়মিয়া তালাছিত ধৰা পৰা ট্ৰেক্টৰ খন হাৰমতি আঞ্চলিক বন বিষয়াক ছমজাই দিয়ে আৰক্ষীয়ে। লখিমপুৰ জিলাৰ হাৰমতি আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অগ্গাতে নিতৌ চলি আছে এই অবৈধ বেহা।
Read More

নকল চহীৰে স্বাস্থ্য কেন্দ্ৰত চলি আছে কাম কাজ

গৰীয়াবৰী উপ স্বাস্থ্যকেন্দ্ৰত ভয়ংকৰ কেলেংকাৰী।চাৰি বছৰ ধৰি জালিয়াতিৰ চহীৰে চলি আছে কাম কাজ।উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ মৈৰাবাৰী চিকিৎসালয়ৰ অন্তৰ্গত গৰীয়াবৰী উপ স্বাস্থ্যকেন্দ্ৰত এক ভয়ংকৰ দুৰ্নীতিৰ কথা পোহৰলৈ আহিছে।অভিযোগ অনুসৰি-চাৰি বছৰ পূৰ্বে গৰীয়াবৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্রী হিচাপে ফৰিদা বেগমে অঞ্চলটোত অৱস্থিত গৰীয়াবৰী উপ স্বাস্থ্যকেন্দ্ৰৰ পৰিচালনা সমিতিৰ সভানেত্রী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি আছিল।উল্লেখযোগ্য যে চৰকাৰী নিয়ম অনুসৰি উপ স্বাস্থ্যকেন্দ্ৰ সমূহত গাঁও পঞ্চায়তৰ সভাপতি বা সভানেত্রী সকলে হে অঞ্চলটোৰ উপ স্বাস্থ্যকেন্দ্ৰৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি কাম কাজ চলাই নিব লাগে।যদিও সভানেত্রী ফৰিদা বেগমৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছতো তেওঁৰ অজ্ঞাতে উপ স্বাস্থ্যকেন্দ্ৰটোত তেওঁৰ চহীৰেই আজিলৈকে এ এন এম ৰুমা কানুই…
Read More

চিৰাঙত চাঞ্চল্যকৰ গুলী চালনা ঘটনা।

চিৰাঙত চাঞ্চল্যকৰ গুলী চালনা ঘটনা সংঘটিত হৈছে।উল্লেখযোগ্য যে চিৰাং জিলাৰ বিজনীৰ পানবাৰী থানাৰ অন্তৰ্গত এন কে কাহিটামাত দুৰ্বৃত্তৰ গুলিচালনা ঘটনা সংঘটিত হৈছে।অন্তৰা বড়ো (৬৫ )নামৰ মহিলাগৰাকী নিহত হয় গুলি চালনাত। ঘটনা সন্দৰ্ভত ইতিমধ্যে চিৰাং আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে।
Read More

মাৰ্ঘেৰিটাত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ভাং ড্ৰাগচ সহ আটক মহিলা।

মাৰ্ঘেৰিটাত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ভাং ড্ৰাগচ সহ আটক মহিলা। মাৰ্ঘেৰিটাত আৰক্ষীৰ ড্ৰাগ্‌চ বিৰোধী অভিযান। অভিযানত ৫ কিঃগ্ৰাঃ ২০০ গ্ৰাম গাঞ্জাৰ লগতে জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগ্‌চ (১১৬.৯৯ গ্ৰাম)। মাৰাত্মক জীৱন নাশক সামগ্ৰী অবৈধ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত আটক কৰা হৈছে এগৰাকী মহিলা। ইতিমধ্যে নৱনিযুক্ত মাৰ্ঘেৰিটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ গগৈয়ে মাৰাত্মক ড্ৰাগ্‌চৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ লগতে ড্ৰাগ্‌চ ব্যৱসায়ৰ লগত জড়িত মহিলা সহ নিছাযুক্ত সামগ্ৰীখিনি জব্দ কৰি মাৰ্ঘেৰিটা থানাত এন ডি পি এচৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
Read More

মাৰ্ঘেৰিটাৰ বৰগোলাইত উদ্ধাৰ দুই শিশু

মাৰ্ঘেৰিটাৰ বৰগোলাইত উদ্ধাৰ দুই শিশু।উল্লেখযোগ্য যেমাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত বৰগোলাইত এক নং নামদাং গাঁৱৰ পৰা উদ্ধাৰ হৈছে দুটি শিশু। জাগুনৰ কোনো ব্যক্তিৰ ঘৰত শিশু দুটিয়ে শ্ৰমিক হিচাপে কাম কৰি আছিল। জাগুনৰ পৰা শিশু দুটি পথে তিনিচুকীয়া দিশে গৈ থকাৰ অৱস্থাত উদ্ধাৰ কৰা হয়। স্থানীয় ৰাইজ শিশু দুটিক উদ্ধাৰ কৰি আৰক্ষীক গতাই দিয়ে।দুয়োজনৰ পৰিচয় সোধাত বিশেষ জানিব পৰা হোৱা নাই যদিও শিশু দুটাৰ নাম অঞ্জলি মুঢ়া আৰু পূৰ্ণিমা মূঢ়া বুলি আৰক্ষীয়ে জানিবলৈ দিছে। তেওঁলোকৰ বয়স প্ৰায় ১১/৯ বছৰ। মাৰ্ঘেৰিটা আৰক্ষী সোধা পোছা চলাই আছে উদ্ধাৰ হোৱা শিশু দুটিক। বৰ্তমানলৈ জানিব পৰা হোৱা নাই ঘৰৰ ঠিকনা।
Read More