20
Dec
শিৱসাগৰত চাফাই কৰ্মীৰ অভিনৱ প্ৰতিবাদ--মুখ্যমন্ত্ৰীক প্ৰশংসা কৰি বিজেপি দলক তীব্ৰ সমালোচনা--হিমন্ত নহ'লে বিজেপি দলৰ কাম নাই"বিজেপিৰ কোনো কাম নাই।হিমন্ত বিশ্ব শৰ্মা চাৰ থকাৰ বাবেহে বিজেপি অসমত জিকি আছে।তেওঁ নহ'লে বিজেপি জিকিব নোৱাৰে।"শিৱসাগৰ পৌৰ সভাৰ চাফাই কৰ্মী সকলে আজি শিৱসাগৰ নগৰত প্ৰতিবাদ সাৱস্ত্য কৰি বিজেপি দলৰ প্ৰতি তীব্ৰ ক্ষোভ প্ৰকট কৰে।বছৰ বছৰ ধৰি তেওঁলোকৰ দাবী সমূহ সমাধান নোহোৱাকৈ পৰি ৰোৱাৰ পাছতো তেওঁলোকৰ ওপৰত কৰি অহা শোষণ-বঞ্চনাক ধিক্কাৰ দি কালি লক্ষীমপুৰ পৌৰ সভাৰ এজন চাফাই কৰ্মীক মাৰপিট কৰা আৰু আক্ৰোশমূলক ভাৱে গ্ৰেপ্তাৰ কৰাক লৈ চাফাই কৰ্মী সকলে প্ৰতিবাদ সাৱস্ত্য কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আনুগত্য প্ৰকাশ কৰে।অহা ২২ আৰু…
