23
Dec
বিশ্বনাথ জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা চিনেমাৰ কায়দাৰে খেদি খেদি কৰায়ত্ত দুই গাঞ্জা সৰবৰাহকাৰীক। আৰক্ষীৰ পৰা বাচিবলৈ হিন্দী চিনেমাৰ কায়দাৰে গাঞ্জা সৰবৰাহকাৰীয়ে কিদৰে গাড়ীৰ খিৰিকীৰে পেলাই গৈছে গাঞ্জা সমূহ ৷এই দৃশ্য বন্দি হৈছে গাঞ্জা সৰবৰাহকাৰীক অনুসৰণ কৰি যোৱা আৰক্ষীৰ মোবাইলৰ কেমেৰাত ৷ প্ৰায় ৪০ কিঃ মিঃ খেদি নিয়াৰ পাছত অৱশেষত এখন AS-12X-0498 নম্বৰৰ হোণ্ডাই আই ২০ বাহনৰ সৈতে জামুগুৰিহাটৰ বৰপথাৰত দুটা গাঞ্জা সৰবৰাহকাৰীক কৰায়ত্ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষী ৷জানিব পৰামতে, তেজপুৰ দিশৰ পৰা আহি থকা AS-12X-0498 নম্বৰৰ হোণ্ডাই i20 বাহন খনত গোপন সুত্ৰৰ পমখেদি বৃহৎ পৰিমাণৰ গাঞ্জা থকাৰ খবৰ বিশ্বনাথ আৰক্ষীয়ে লাভ কৰে যদিও পুৱাৰ ভাগত গাড়ীখনে তীব্ৰবেগত বিশ্বনাথ চাৰিআলিৰ মাজ-মজিয়াৰে…
