Dipshikha

3313 Posts

চিকিৎসাৰ নামত ৰোগীৰ আত্মীয়ক প্ৰহাৰ

লাহৰীঘাটত মুন্নাভাই M B B S ৰ আক্ৰমন চিকিৎসাৰ নামত ৰোগীৰ আত্মীয়ক প্ৰহাৰ । চিকিৎসাৰ বাবে ধন লৈ অৱশেষত ৰোগীৰ আত্মীয়ক জখম কৰাৰ অভিযোগ ৰোগীৰ পিতৃৰ । লাহৰীঘাটৰ বৰবড়ীত দিলজাৰ হুছেইন ওৰফে পগলা ডাক্তৰে দীৰ্ঘদিন ধৰি নিজগৃহতে চলাই গৈছে চিকিৎসা । এগৰাকী ৰোগীৰ চিকিৎসাৰ নামত দশহেজাৰ টকা লৈ চিকিৎসা কৰি দিৱ কৈ অৱশেষত আজি পুৱা ৰোগীৰ আত্মীয়ৰ কেইবাজনলোকৰ লগত প্ৰথমে কাজিয়াত লিপ্ত হৈ পৰৱৰ্তী সময়ত ৰোগীৰ আত্মীয়ক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে মুন্নাভাইৰূপী ডাক্তৰ জনে । আহত কেইজন বৰ্তমান লাহৰীঘাট মডেল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে
Read More

ডুমডুমাৰ বিছাকপি ২ নং লাইনত অচিনাক্ত মৃতদেহ উদ্ধাৰ ।

ডুমডুমাৰ বিছাকপি ২ নং লাইনত অচিনাক্ত মৃতদেহ উদ্ধাৰ ।বিছাকপি ২ নং লাইনৰ AT Roadৰ কাষত উদ্ধাৰ হৈছে পুৰুষৰ মৃতদেহটো ।ইতিমধ্যে ডুমডুমা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰিছে ।লোকজন কোন হয় বা তেওঁৰ কেনেকৈ মৃত্যু হ'ল সেইয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই ।
Read More

লালুক আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ

লালুক আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ।লালুক আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নয়ন জ্যোতি ডেকা আৰু চক্ৰ পৰিদৰ্শক মানৱেন্দ্ৰ ডেকাৰ নেতৃত্বত চলা ড্ৰাগছ বিৰোধী অভিযানত ২টা ড্ৰাগছ সৰবাৰাহকাৰী আটক । গোপন সূত্ৰৰ পম খেদি লালুক আৰক্ষী থানৰ অন্তৰ্গত ২নং কেহুতলী গাৱৰ পৰা আটক কৰে ড্ৰাগছ সৰবাৰাহকাৰী দুজনক। ছিলনিবাৰীৰ খনাজানৰ পৰা নাম্বাৰবিহীন বলেৰো বাহনেৰে লালুকৰ ২নং কেহুতলিত বিক্ৰী কৰিবলৈ আহি আটক ধৃত ক্ৰমে জীয়াবোৰ ৰহমান আৰু নুৰজামাল আলী
Read More

অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম অধিবেশনৰ লাই খুটা স্থাপন

"চিৰ চেনেহী মোৰ ভাষা জননী" অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম অধিবেশনৰ লাই খুটা স্থাপন অনুষ্ঠান।অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম অধিৱেশন অনুষ্ঠিত হ'ব লখিমপুৰ জিলাৰ নাৰায়ণপুৰত।আজি অধিৱেশনৰ লাই খুঁটা স্থাপন অনুষ্ঠান অনুষ্ঠিত হয়।নাৰায়ণপুৰ বৰ খামতি পথাৰত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম দ্বি-বাৰ্ষিক অধিৱেশন।২০২৩ চনৰ ৩১ জানুৱাৰী পৰা পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৬ কোটি ৪০ লাখ টকাৰ ব্যয়বহুল বাজেটেৰে অনুষ্ঠিত হ'ব। আজি লাই খুঁটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ পৰ্যটন আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু লগতে অসম সাহিত্য সভাৰ জিলা সমিতি সমূহৰ সভাপতি সম্পাদকৰ লগতে শাখা সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে। লাই খুঁটা স্থাপন অনুষ্ঠানত অসম সাহিত্য…
Read More

তিনি বছৰীয়া দেৱ শিশুৰ চিকিৎসা বাবে সহায় বিচাৰি মুখ্যমন্ত্ৰীক সাক্ষাৎকাৰ

তিনি বছৰীয়া দেৱ শিশুৰ চিকিৎসা বাবে সহায় বিচাৰি মুখ্যমন্ত্ৰীক সাক্ষাৎকাৰ দেৰগাঁও সমষ্টিৰ টেকেলা গাঁৱৰ এগৰাকী অসহায় মহিলাৰযোৰহাটৰ পৰা জগত নেওগৰ প্ৰতিবেদন ১৫ডিচেম্বৰযোৰহাটৰ সোতৰতা বিভিন্ন বিভাগৰ শিলান্যাস আৰু ভুমি পূজন কৰিবলৈ অংশগ্ৰহণ কৰা বিশাল জন সভাৰ মাজত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহানুভৱতা তিনিবছৰীয়া এটি কন্যাসন্তান খোজ কাঢ়িব নোৱাৰা বাবে সাহায্য বিচাৰি মাতৃসহ উপস্থিত হৈছিল যোৰহাটৰ ক্ৰীড়া সন্থা খেল পথাৰত আয়োজন কৰা বিশাল জন সভাত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ দেৰগাঁও সমষ্টিৰ অন্তৰ্গত ৭১নং খঙীয়া গাওঁ পঞ্চায়তৰ টেকেলা গাঁৱৰ নিবাসী বিজিত বৰা কন্যাই তিনিবছৰ সম্পূৰ্ণ কৰা পিছতো খোজ কাঢ়িব পৰা নাছিল ,নিজৰ মাটি বাৰি ঘৰৰ অনন্যা সামগ্ৰী বিক্ৰী কৰি বিগত বছৰ জুৰি…
Read More

কেন্দ্ৰীয় চৰকাৰে এক অভিলাষী আঁচনি জল জীৱন মিছনৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্যৰে সমগ্ৰ ভাৰতৰ লগতে অসমতো পূৰ্ণদ্যমে চলি আছে আচঁনিৰ কাম

কেন্দ্ৰীয় চৰকাৰে এক অভিলাষী আঁচনি জল জীৱন মিছনৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্যৰে সমগ্ৰ ভাৰতৰ লগতে অসমতো পূৰ্ণদ্যমে চলি আছে আচঁনিৰ কাম। ২০২৪ ৰ ভিতৰত যাতে প্ৰতিঘৰ লোকেই বিশুদ্ধ খোৱা পানীৰ সংযোগ লাভ কৰে সেইয়া নিশ্চিত কৰণৰ লক্ষ্যৰে আগবাঢ়িছে চৰকাৰ। সেই উদ্দেশ্যে জনস্বাস্থ্য কাৰিকৰী বিভাগ নাজিৰা সংমণ্ডলৰ অধীনত চৰাইদেউ জিলাৰ কুকুৰাচোৱা গাঁৱৰ কলীয়া মাটিত জল জীৱন মিছনৰ এক আঁচনিৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে। এই আচঁনিত কলীয়ামাটি অঞ্চলৰ প্ৰায় ১৩৮ ঘৰ লোক উপকৃত হ'ব বুলি জনায় মন্ত্ৰীগৰাকীয়ে।
Read More

আশ্রয় লোৱা ব্যক্তিয়ে বেদখল কৰিলে আশ্রয় দাতাৰ মাটি।

আশ্রয় লোৱা ব্যক্তিয়ে বেদখল কৰিলে আশ্রয় দাতাৰ মাটি। থানাত এজাহাৰ আশ্ৰয় দাতাৰ ওপৰত..! আপুনি নিজৰ ভূমিত আনক আশ্ৰয় দিয়ে নেকি...? আপুনি কাৰোবাৰ বিপদৰ সময়ত নিজৰ ভুমিত থাকিবলৈ দিয়ে নেকি..? তেতিয়া হ'লে সাৱধান হওক এতিয়াৰ পৰা..! কাৰণ::এইবাৰ নিজৰ ভুমিত বেলেগক আশ্ৰয় দি বিপদত পৰিছে এজন ব্যক্তি..! বাঘবৰ সমষ্টিৰ ভাতনাপাইতিত সংগঠিত হৈছে এই ঘটনা। উল্লেখ্য যে ভাতনাপাইতিৰ আব্দুল হাশেম নামৰ ব্যক্তিজনে আনোৱাৰ আলী ওৰফে আনু নামৰ ব্যক্তি এজনকনিজৰ ভুমিত ঘৰ বান্ধি থাকিবলৈ দিছিলে কেইটামান মাহৰ বাবে । কিন্তু এইবাৰ আনোৱাৰ আলী ওৰফে আনুৱে মাটি খিনি নিজৰ বুলি দম্ভালি মাৰি ফুৰিছে..! আনোৱাৰ আলী ওৰফে আনু নামৰ এইজন দূষ্ট প্ৰকৃতিৰ লোকে ২৫ হাজাৰ টকাত…
Read More

অসমীয়াৰ স্বাভিমান গামোচাই লাভ কৰিলে GI টেগ

অসমীয়াৰ বাবে আহিল এক সুখবৰ।এক গৌৰৱৰ খবৰ। অসমীয়াৰ স্বাভিমান গামোচাই লাভ কৰিলে GI (Geographical Indication Tag)টেগ। এই ভাল খবৰটো টুইটযোগে প্ৰকাশ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলে।উল্লেখযোগ্য যে অসম কৃষি বিশ্ববিদ্যালয়ে উত্থাপন কৰিছিল গামোচাক GI টেগ প্ৰদান কৰাৰ বিষয়টো। তাৰ পিছতে ৰাজ্য চৰকাৰে বিষয়টো আগবঢ়াই নিয়ে। আৰু শেষত অসমৰ স্বাভিমান, অসমৰ চিনাকি, অসমীয়াৰ গৌৰৱ ,অসমীয়াৰ আবেগ গামোচাই লাভ কৰিলে GI টেগ।
Read More

পুনৰ ভাৰত আৰু চীন সীমান্তত উত্তেজনা। সংঘৰ্ষত ভাৰত–চীন সেনা

পুনৰ ভাৰত আৰু চীন সীমান্তত উত্তেজনা। সংঘৰ্ষত ভাৰত–চীন সেনা। গালৱানৰ পিছত এইবাৰ আৰুণাচল সীমান্তত উত্তেজনা।উল্লেখযোগ্য যে মাজত ব্যৱধান ২ বছৰ। পুনৰ সংঘৰ্ষ ভাৰত আৰু চীনৰ সেনাৰ মাজত। ডিচেম্বৰৰ ৯ তাৰিখে নিশা দুয়োখন দেশৰ সেনাই নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সংঘৰ্ষত লিপ্ত হয়। দুয়ো পক্ষৰ কেইবাজনো আহত হোৱাৰ খবৰ পোৱা হৈছে। সংঘৰ্ষৰ ফলত বহু কেইজন সেনা জোৱান আহত হৈছে বুলি জানিব পৰা গৈছে।
Read More

অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধান কোন হ’ব?

অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধান কোন হ'ব?উল্লেখযোগ্য যে এই মাহতে অন্ত পৰিব আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ কাৰ্যকাল। জানিব পৰা মতে ৩১ ডিচেম্বৰত অৱসৰ ল’ব ভাস্কৰজ্যোতি মহন্তই। কিন্তু কোন হ’ব পৰৱৰ্তী অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান তাক লৈ এতিয়া সৰ্বতে চলিছে চিন্তা–চৰ্চা।এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে মুখ্যমন্ত্ৰীৰ সিদ্ধান্তৰ ওপৰত৷কিয়নো কাক দায়িত্ব দিব অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালকপ্ৰধান হিচাপে সেয়া লক্ষণীয় হব পৰৱৰ্তী সময়ত।
Read More