02
Jan
জুইত সৰ্বশান্ত হ'ল মানকাচৰ ডাকেৰগাঁৱৰ এটা দূৰ্ভগীয়া মহিলা। প্ৰায় আঢ়ৈ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি ।জুইশালৰ পৰা অগ্নিকাণ্ড সংগঠিত হোৱা বুলি অনুমান কৰা হৈছে।দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত- বাংলা সীমান্তৱৰ্তী ঝগৰাৰচৰ গাঁৱ পঞ্চায়তৰ ডাকেৰগাৱত নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংগঠিত হয়। নিশা আনুমানিক ১২ বজাত মনঝুৰি বেগম নামৰ এজনী বিবাহ- বিচ্ছেদ হৈ অকলশৰে থকা দূৰ্ভগীয়া মহিলা গৰাকীৰ ঘৰত জুইকুৰা লাগি যায়।অগ্নি কাণ্ডৰ ফলত যাৱতীয় আচবাব- পত্ৰ, বস্তূ- বাহিনী,সকলো ধৰণৰ নথি- পত্ৰ সহ প্ৰধান মন্ত্ৰীৰ গৃহ নিৰ্মাণৰ টকা সহকাৰে নগদ ৮০ আশী হেজাৰ টকা ভস্মিভূত হয় বুলি ভুক্তভোগীয়ে জানিবলৈ দিছে। লগতে অগ্নিকাণ্ডত মনোৱাৰ হুচেইন নামৰ ল'ৰা এজন জুইত আঘাতপ্ৰাপ্ত হয়।মাজনিশা হঠাতে জুইৰ উমান পায়…
