Dipshikha

3313 Posts

বাঘমাৰা চৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

বাঘমাৰা চৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজনবৰপেটা বাঘমাৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দূৰ্ঘটনা।দুখন বাইকৰ সংঘৰ্ষৰ ফলত এজন লোক থিতাতে নিহত হোৱাৰ লগতে দুজন লোক গুৰুতৰ ভাৱে আহত হয়। জানিব পৰা মতে বাঘমাৰা বজাৰৰ পৰা ভাতনাপাইতি লৈ গৈ থকা এখন বাইক বাঘমাৰা বজাৰলৈ আহি থকা বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। ভাতনাপাইতি গাওৰ নুৰুল ইচলামৰ পুত্ৰ আজগৰ আলী থিতাতে নিহত হয় আৰু গুৰুতৰভাৱে আহত হয় ২ নং বাঘমাৰা চৰৰ মমতাজ আলীৰ পুত্ৰ হুছেইন আলী ও ৪ নং বাঘমাৰা চৰৰ ছানিদুল ইচলাম বুলি জানিব পৰা গৈছে।দুৰ্ঘটনাত আহত যুৱক দুজনক আলোপতি স্বাস্থ্য কেন্দ্ৰৰ পৰা উন্নত চিকিৎসাৰ বাবে…
Read More

কমতাপুৰকলৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) ৰ উপ সভাপতি আৰু সাধাৰণ সম্পাদকৰ প্ৰতিক্ৰিয়া প্ৰকাশ

কমতাপুৰকলৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) ৰ উপ সভাপতি আৰু সাধাৰণ সম্পাদকৰ প্ৰতিক্ৰিয়া প্ৰকাশ। KLOৰপৃথক কমতাপুৰ দাবীৰ সম্পৰ্কত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা)‌ৰ কেন্দ্ৰীয় উপ সভাপতি আৰু সাধাৰণ সম্পাদকৰ প্ৰতিক্ৰিয়া প্ৰকাশ৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোনিতপুৰ জিলা সমিতিৰ যোৱা ২০/০১/২০২৩ তাৰিখে অনুষ্ঠিত হোৱা অধিবেশনত অংশ গ্ৰহণ কৰাৰ লগতে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উপ সভাপতি আৰু সাধাৰণ সম্পাদক গৰাকীয়ে। কোছ সকলৰ কমতাপুৰ দাবীৰ এক ঐতিহাসিক পটভূমি আছে যদিও বৰ্তমান অসম খন দ্বিখণ্ডিত হোৱাতো নিবিচাৰে আছাই ৷কোনোবা জাতি-জনগোষ্ঠীৰ অধিকাৰ যদি চৰকাৰে দিব বিচাৰে সেয়া তেওঁলোকে আদৰনী জনাব বুলি মন্তব্য আগবঢ়াইছে উপ সভাপতি আৰু সাধাৰণ সম্পাদকে। ইয়াৰোপৰি কোছ ৰাজবংশী…
Read More

কোটি কোটি টকাৰ ব্যাপক দুৰ্নীতি।

সৰ্বানন্দ সোনোৱালৰ লগতে ঘূৰি ফুৰা বিজেপিৰ নেতা ডিপু ৰঞ্জণ মাক্ৰাৰীৰ শ শ কোটি টকীয়া কেলেংকাৰীৰাজ্য কঁপোৱা উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ হাজাৰ কোটি টকীয়া বিয়াগোম কেলেংকাৰীৰ পাছত আন এক স্বায়ত্তশাসিত পৰিষদত বৃহৎ কেলেংকাৰী। এইবাৰ সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদত বিয়াগোম কেলেংকাৰী।পৰিষদত শ শ কোটি টকাৰ বৃহৎ কেলেংকাৰী অভিযোগ উত্থাপন সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ।পূৰ্বৰ মুখ্য কাৰ্য্যবাহী সদস্যা দিপুৰঞ্জন মাক্ৰাৰীৰ দিনত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ সংঘটিত হৈছিল এটা পাছত এটাকৈ কোটি কোটি টকাৰ ব্যাপক দুৰ্নীতি।ইফালে এই দিশত অব্যাহত আছে CID তদন্ত।কিন্তু তদন্তৰ আউতালৈ অহা নাই দিপুৰঞ্জন মাক্ৰাৰী। আজিও মুকলি আকাশ তলত সৰ্বানন্দ সোনোৱালৰ ঘনিষ্ঠ হিচাপে পৰিচিত মাক্ৰাৰী।দিপুৰঞ্জন মাক্ৰাৰীক অতি সোনকালে গ্ৰেপ্তাৰৰ দাবি…
Read More

বিজনীত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত

বিজনীত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত বিজনী আৰক্ষীৰ।আজি বিয়লিৰ ভাগত বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাপুকন মৰাঙৰ নেতৃত্বত এটা আৰক্ষীৰ দলে বিজনীৰ সিতলা মন্দিৰৰ সমিপত ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়।ধৃত সৰবৰাহকাৰী দুটা ফুংখা নাৰ্জাৰী(20) আৰু জিবিঅন নাৰ্জাৰী(22)। দুয়োৰে ঘৰ বিজনী মহকুমাৰ আমগুৰী থানাৰ অন্তৰ্গত আমটেঙাত।আৰক্ষীয়ে সৰবৰাহকাৰী দুটাৰ পৰা ছয়টা ড্ৰাগছভৰ্তি প্লাষ্টিক কণ্টেইনাৰ, দুটা চিৰিঞ্জ আৰু দুটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়।
Read More

অশান্ত যোশীমথ।যোশীমথত এতিয়া তুষাৰপাত

অশান্ত যোশীমথ।যোশীমথত এতিয়া তুষাৰপাত। যোশীমঠত সঘনাই সংকটৰ সৃষ্টি হোৱাৰ লগতে এতিয়া যোশীমঠত বৰফ পৰা আৰম্ভ হৈছে। বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে অহা সপ্তাহলৈকে অবিৰত বৰষুণ আৰু বৰফ পৰিব বুলি ভৱিষ্যতবাণীও কৰিছে। আগন্তুক তিনি-চাৰি দিনলৈ ডুব যোৱা চহৰখনৰ পৰিস্থিতি অধিক কঠিন হোৱাৰ সম্ভাৱনা আছে। বতৰ বিভাগে পূৰ্বে বদ্ৰীনাথৰ শীতকালীন বাসস্থানত বৰষুণ আৰু বৰফৰ ভৱিষ্যতবাণী কৰিছিল। উত্তৰাখণ্ডৰ চামোলী জিলাৰ যোশীমঠ, আউলি আৰু পিথোৰাগড়ত ২৪ জানুৱাৰীলৈ বৰষুণ আৰু বৰফ হোৱাৰ সম্ভাৱনা আছে। একাংশ ভূতত্ত্ববিদৰ মতে, মাটি অবিৰতভাৱে পানীৰ সংস্পৰ্শলৈ আহিলে ভাঙি যোৱাৰ সম্ভাৱনা বাঢ়ি যায়। ফলত ডুব যোৱা চহৰখনে এতিয়া নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ইয়াৰ বাহিৰেও যোছিমথৰ বিপদজনক ঘৰসমূহ ভাঙি পেলোৱাত সমস্যা বৃদ্ধি পাব…
Read More

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বেদেতী চেন্টাৰত পথ অবৰোধ

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বেদেতী চেন্টাৰত পথ অবৰোধ।বেদেতীৰ ৰেলৱে ষ্টেচন পথ আৰু গাৱঁলৈ যোৱা পথ বন্ধ কৰাৰ প্ৰতিবাদত বেদেতীত DCC ৰ বিৰুদ্ধে পথ অবৰোধ তিনি শতাধিক ৰাইজৰ ।বিহালীৰ বেদেতীৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত তিনি শতাধিক ৰাইজৰ উত্তাল প্ৰতিবাদ । চাৰিলেণ্ড যুক্ত পথ নিৰ্মাণকাৰী সংস্থা কোম্পানী গ'বেক , আমাৰ গাৱঁলৈ আৰু ৰেলৱে ৰাস্তা লাগিব আদি শ্ল'গানে বেদেতীত আকাশ বতাহ কঁপাই তোলে। বিহালী আৰক্ষী থানাৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া হৰেন গগৈয়ে ৰাইজক পথ বন্ধ নকৰাকৈ প্ৰতিবাদ সাব্যস্ত কৰিবৰ বাবে আহ্বান জনায় যদিও উত্তেজিত ৰাইজে মানি নলয় । অৱশেষত কাৰ্যবাহী দণ্ডাধিশ দেবানন্দ নাথৰ উপস্থিতিত ৰাইজৰ প্ৰদান কৰা স্মাৰক পত্ৰ গ্ৰহণ কৰে আৰু উত্তেজিত ৰাইজক…
Read More

কামৰূপ জিলাৰ কেন্দুকোনাত ভয়ানক পথ দূৰ্ঘটনা

🔴 কামৰূপ জিলাৰ কেন্দুকোনাত ভয়ানক পথ দূৰ্ঘটনা। নিহত দুই ভাতৃ - ভগ্নী🔴 কামৰূপ জিলাৰ কেন্দুকোনাত দুদিন পূৰ্বে সংগঠিত হৈছিল এক শোকাৱহ পথ দুৰ্ঘটনা।🔴 সুৰাসুক্ত চিকিৎসকে তীব্ৰবেগী বাহনৰে মহতীয়াছিল দুই ভাতৃ- ভগ্নীসহ চাৰিজনক। 🔴দূৰ্ঘটনত চিকিৎসাধীন অৱস্থাত মৃত্যু দুই ভাতৃ - ভগ্নীৰ। ভাতৃ - ভগ্নীৰ মৃত্যুদেহ লৈ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱৰোধ শ শ লোকৰ।🔴 ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়ত সম্পূৰ্ণৰূপে স্তব্ধ।🔴 ৰাইজৰ দাবী দোষীক কৰায়ত্ব কৰি পৰিয়ালটোক ক্ষতিপূৰণ দিয়ক।
Read More

লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ

লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ লাহোৱাল সমষ্টি বিলুপ্তিকৰণ বিৰোধী মঞ্চৰ।শুদ্ধ নাগৰিকপঞ্জী অবিহনে সমষ্টি বিলুপ্তিকৰণ প্ৰক্ৰিয়া গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰিছে প্ৰতিবাদকাৰীসকলে।লাহোৱাল সমষ্টি বিলুপ্তিকৰণ বন্ধ কৰক, লাহোৱাল সমষ্টি আমাক লাগিবই লাগিব, এই জুই জ্ঝলিছে, আমাৰ সংগ্ৰাম চলিছে, লাহোৱাল বাসী দাবী মানিবই লাগিব, লাহোৱাল সমষ্টি বিলুপ্তিকৰণ বিৰোধী মঞ্চ জিন্দাবাদ আদি বিভিন্ন শ্ল'গান দি লাহোৱালৰ আকাশ বতাহ কপাই তোলে প্ৰতিবাদকাৰীসকলে।
Read More

বাইথ মন্দিৰ উদ্বোধন

বাইথ মন্দিৰ উদ্বোধন।ডিব্ৰুগড় জিলা পৰিষদ আৰু সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ যৌথ পূঁজিৰে জকাই হাৰকপথাৰত নিৰ্মাণ কৰা জকাই আঞ্চলিক বাইথ মন্দিৰটি আজি আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰে । ডিব্ৰুগড় জিলা পৰিষদৰ উপ-সভানেত্ৰী পুস্পাঞ্জলি সোনোৱাল আৰু সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ সোনোৱালৰ উপস্থিতিত এই মন্দিৰটো ধৰ্মীয় পৰম্পৰাগত ৰীতি-নীতি নিয়মৰ মাজেৰে ফিটা কাটি মুকলি কৰে সোনোৱাল কছাৰী সম্প্ৰদায়ৰ শদিয়া বৰপথাৰৰ প্ৰাক্তন মজিন্দাৰ প্ৰমোদ সোনোৱালে । অনুষ্ঠানত জকাই অঞ্চলৰ সোনোৱাল কছাৰী শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে।
Read More

বিশ্ব ভিতৰত এখন ঠাণ্ডা চহৰ

বিশ্বত এতিয়া প্ৰচণ্ড শীত। আপুনি জানেনে বিশ্বৰ এখন চহৰত বৰ্তমান তাপমাত্ৰা মাইনাছ ৫০ ডিগ্ৰী ছেলচিয়াছৰো তললৈ নামিছে। বিশ্বৰ আটাইতকৈ ঠাণ্ডা চহৰ য়াকুত্‍স্কত অস্বাভাৱিক ৰূপত দীৰ্ঘ সময়লৈ চলিবলগীয়া শীত প্ৰবাহৰ বাবে এই সপ্তাহত তাপমাত্ৰা শূন্যৰ পৰা ৫০ ডিগ্ৰী ছেলচিয়াছ তললৈ নামিছে।যাৰ ফলত সমস্যাত পৰিছে জনসাধাৰণ।
Read More