Dipshikha

3313 Posts

পাঠানক লৈ বিতৰ্ক চলি থকাৰ মাজতে আগতীয়াকৈ ১২০ টা টিকেট ক্ৰয়

পাঠানক লৈ বিতৰ্ক চলি থকাৰ মাজতে আগতীয়াকৈ ১২০ টা টিকেট ক্ৰয় কৰি চৰ্চাত খাৰুপেটীয়াৰ মফিদুল ইছলাম ।"আমি চিনেমাক চিনেমা হিচাপে চাম!আমি যেনেকৈ পাঠানক আঁকোৱালি লৈছোঁ, তেনেকৈ ডাক্তৰ বেজবৰুৱাকো লম ।"বজৰং দলৰ ভয় ভাবুকি কেৰেপ নকৰে এই সকল লোকে ।
Read More

গা মা পা লি’ল ‘সা ৰে গা মা পা’ লি’ল চেম্পছ ৯’ৰ বিজয় অৰ্জন কৰিলে ন বছৰীয়া জেটছেন দোহনা লামাই।

'সা ৰে গা মা পা লি'ল চেম্পছ ৯'ৰ বিজয় অৰ্জন কৰিলে ন বছৰীয়া জেটছেন দোহনা লামাই। বিজেতা হিচাপে এটা ট্ৰফী আৰু পুৰস্কাৰ হিচাপে ১০ লাখ টকা লাভ কৰিছে ছিকিমৰ পাকিয়ঙৰ ৯ বছৰীয়া জেটছেনে।
Read More

বিজনীৰ জাৰ্ণেলিষ্ট ফ’ৰামৰ সংবাদ সেৱী সকলৰ নেতাজী জন্মজয়ন্তী পালন ।

বিজনীৰ জাৰ্ণেলিষ্ট ফ'ৰামৰ সংবাদ সেৱী সকলৰ নেতাজী জন্মজয়ন্তী পালন ।সমগ্ৰ দেশৰ লগতে আজি বিজনী জাৰ্ণেলিষ্ট ফ'ৰামত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী পালন কৰে । জন্ম জয়ন্তী উপলক্ষে আজি জাৰ্ণেলিষ্ট ফ'ৰামৰ সংবাদ সেৱী সকলে ১২৬ ত'ম জন্ম বাৰ্ষিকী পালন কৰা হয়। তদুপলক্ষে বিজনী জাৰ্ণেলিষ্ট ফ'ৰামৰ সভাপতি সুনীল কুমাৰ শৰ্মায়ে নেতাজীৰ প্ৰতিছবিত মাল্যৰ্পণ কৰি পুষ্পাঞ্জলি অৰ্পণ কৰে । পাছলৈ ফ'ৰামৰ সকলো সদস্য-সদ্যসায়ে নেতাজিলৈ পুষ্পাঞ্জলি জ্ঞাপন কৰে ।
Read More

ৰূপহীহাটৰ বাৰোৱাৰী পূজাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

ৰূপহীহাটৰ বাৰোৱাৰী পূজাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড।গেছৰ চিলিণ্ডাৰৰ পৰা অগ্নি কাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে।ৰাইজৰ তৎপৰতাত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও প্ৰসাদ বনোৱা ৰান্দনী ঘৰ জুইত জাহ যায়।এক ভয়ঙ্কৰ বিপদৰ পৰা কথমপী ৰক্ষা পৰে মধ্য অসমৰ ব্যৱসায়ীক প্ৰাণকেন্দ্ৰ ৰূপহীহাট বজাৰ।বৃহত্তৰ ৰূপহীহাট অঞ্চলত নাই এখনো অগ্নি নিৰ্বাপক বাহিনীৰ ব্যৱস্থা।ৰাইজৰ আহ্বান চৰকাৰ লৈ অতি সোনকালেই ৰূপহীত অগ্নি নিৰ্বাপক বাহিনীৰ ব্যৱস্থা কৰিব লাগে।
Read More

টেঙাখাত তেলপানীত বাঘৰ মৃতদেহ উদ্ধাৰ।

টেঙাখাত তেলপানীত বাঘৰ মৃতদেহ উদ্ধাৰ। টেঙাখাত তেলপানী নদী ঘাটৰ সমীপত আজি পুৱাৰ ভাগতে বন বিভাগে এটা নাহৰ ফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ কৰা পৰিলক্ষিত হয় ৷জানিব পৰা মতে পুৱা ১০ মান বজাত স্থানীয় ৰাইজে নদীৰ কাষৰ এটা নলাত বাঘটোৰ মৃতদেহ প্ৰতক্ষ্য কৰি গাঁওবুঢ়াৰ লগতে বন বিভাগক খবৰ দিয়ে। আৰু পৰৱৰ্তী সময়ত খণ্ড বন বিষয়া আফটাব খানৰ নেতৃত্বত যোৱা এটা বনকৰ্মীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ বাঘটোৰ মৃতদেহ উদ্ধাৰ কৰি পশু চিকিৎসকৰ দ্বাৰা মৰণোত্তৰ পৰীক্ষা কৰি তেলপানী বনাঞ্চলত শেষকৃত্য সম্পন্ন কৰে।
Read More

পূৰ্বতকৈ এইবাৰ কিছু পৃথক হ’ব গণৰাজ্য দিৱসৰ কাৰ্যসূচী।

সমাগত এতিয়া গণৰাজ্য দিৱস। জানিব পৰা মতে পূৰ্বতকৈ এইবাৰ কিছু পৃথক হ'ব গণৰাজ্য দিৱসৰ কাৰ্যসূচী।এইবাৰ গণৰাজ্য দিৱস ৭ দিনকৈ অনুষ্ঠিত হ'ব ।উল্লেখযোগ্য যে ২৩ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচী ৩০ জানুৱাৰীত অন্ত পৰিব।প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা এই কথা সদৰি কৰিছে। এইবাৰ গণৰাজ্য দিৱসত ভি আই পিৰ আসনৰ সংখ্যা কিছু হ্ৰাস কৰা হৈছে বুলি জানিব পৰা গৈছে। গণৰাজ্য দিৱসৰ দিনটোত দিল্লীৰ কৰ্তব্য পথত একেবাৰে প্ৰথম শাৰীত বহাৰ সুযোগ লাভ কৰিব ৰিক্সা চালক, শাক-পাচলি বিক্ৰেতা আৰু শ্ৰমিকসকলে।
Read More

অন্ত পৰিল ঐতিহাসিক গোভা দেওঁৰজাৰ জোনবিল মেলা

অন্ত পৰিল ঐতিহাসিক গোভা দেওঁৰজাৰ জোনবিল মেলা।তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা জোনবিল মেলা শনিবাৰে অন্ত পৰে।উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ১০খন মেলাৰ ভিতৰত জোনবিল মেলাও অন্তৰ্ভুক্ত।প্ৰতিবছৰৰে মাঘবিহুৰ পিছৰ প্ৰথমটো বৃহস্পতি,শুক্ৰ আৰু শনিবাৰে অনুষ্ঠিত হয় এই জোনবিল মেলা।এই মেলাৰে শুক্ৰবাৰৰ পুৱতি নিশা পাহাৰৰ পৰা নামি অহা মামা মামী আৰু ভৈয়ামৰ লোক সকলৰ লগত বিনিময় প্ৰথাৰ মাধ্যমেৰে মৰম আদান-প্রদান কৰা হয়।এই মেলাৰ ঔদ্যোক্তা গোভা ৰাজ্যৰ ৰজা দীপচিং দেউৰজা আৰু গোভা দেউৰজা জোনবিল মেলা উন্নয়ন সমিতি।বিশেষকৈ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে গোভা ৰাজ্যৰ ৰজাৰ লগতে তিৱা ৰজাসকল,অসমৰ মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মা ,সদৌ অসম ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা ,মন্ত্ৰী পীযুঁজ হাজৰিকা ,ডঃ ৰানোজ…
Read More

জোনবিল মেলাকলৈ মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা।

জোনবিল মেলাকলৈ মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা।প্ৰত্যেক বছৰৰ দৰে এইবছৰো জোনবিল মেলাত অসমৰ প্ৰৱল প্ৰতাপী মুখ্যমন্ত্ৰী ড'হিমন্ত বিশ্ব শৰ্মাই জোনবিল মেলাক লৈ হৈ থকা বহু দিনীয়া মাটিৰ সমস্যা অন্ত পেলোৱাৰ লক্ষ্যৰে অসম চৰকাৰৰ তৰফৰ পৰা ২০ বিঘা মাটি গোভা দেওৰজা জোনবিল মেলাৰ উন্নয়ন সমিতিক ক্ৰয় কৰি দিয়া কথা ঘোষণা কৰে।লগতে আজু ককাৰ দিনৰে পৰা চলি অহা মেলা বা ধৰ্মীয় অনুষ্ঠান উৎসৱ পাৰ্বনত মুকলিকৈ থুলুৱা মদ্যপান কৰিব পাৰি বুলি মন্তব্য কৰে ।উক্ত বিষয়ত উপায়ুক্তক হস্তক্ষেপ নকৰিবলৈ নিৰ্দেশ দিয়ে।
Read More

ছাত্ৰ ছাত্ৰীৰ সৈতে মধ্যাহ্ন ভোজনত অংশ ললে মন্ত্ৰী অতুল বৰাই।

লখিমপুৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সৈতে মধ্যাহ্ন ভোজনত অংশ ললে মন্ত্ৰী অতুল বৰাই। একে শাৰীতে বহি খিছিৰিৰ জুতি ললে বৰাই।লখিমপুৰত আজি প্ৰথম পৰ্য্যায়ৰ গুণোতসৱৰ অন্তিম দিন। পানীগাঁও আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গুণোৎসৱত অংশ গ্ৰহণ কৃষি মন্ত্ৰী অতুল বৰাৰ মত বিনিময় কৰিলে ছাত্ৰ ছাত্ৰীৰ লগত। লখিমপুৰ জিলাৰ এক লাখ পচপন্ন হাজাৰ পাঁচ শ একাৱন্ন গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশ ললে এইবাৰৰ গুণোৎসৱত।লখিমপুৰত মুঠ 2099 খন বিদ্যালয়ে অংশ ললে এই গুণোতসৱত ।
Read More

বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টি মাজেৰে বৈ যোৱা আই নদীৰ ভয়ংকৰ গৰাখহনীয়া

বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টি মাজেৰে বৈ যোৱা আই নদীৰ ভয়ংকৰ গৰাখহনীয়া ২নং বাশবাৰীত শশ পৰিয়ালৰ লগতে কীত্তনপাৰা-ডাঙাইগাও সংযোগী গড়কাপ্তানি ৰাস্তা বিলীন হৈ যায়। তাৰ পিছত ১৫-১৬ জনীয়া দলে ৰাস্তা ৩ লক্ষাধিক টকা খৰচ কৰি বাশবাৰীত ৰাস্তা নিৰ্মাণ কৰে। ৰাস্তা নিৰ্মাণ কৰি পথচাৰীৰ লগতে গাড়ীৰ পৰা টকা তুলিবলৈ আৰম্ভ কৰে। বহু গাড়ী চালকৰ পৰা জৱৰদস্তি টকা লোৱাৰ লগতে চাৰিচকীয়া বাহনৰ চাবি ৰাখি দিয়াৰ অভিযোগ উঠিছে ।ছিণ্ডিকেটৰাজ চলোৱাৰ বিৰুদ্ধে কতৃপক্ষক অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা লোৱা নাই। স্হানীয় ৰাইজে গৰাখহনীয়াৰ স্হায়ী প্ৰতিৰোধ কৰাৰ লগতে ছিণ্ডিকেটৰাজ চলোৱা চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনাইছে ।আনহাতে টকা লোৱাৰ কথা কেমেৰাৰ সন্মুখত স্বীকাৰ কৰে।
Read More