Dipshikha

3313 Posts

বকোৰ জৱেপাৰাত বনৰীয়া হাতীৰ গচকত গণেশ বড়োৰ মৃত্যু।

বকোৰ জৱেপাৰাত বনৰীয়া হাতীৰ গচকত গণেশ বড়োৰ মৃত্যু। অঞ্চলজুৰি প্ৰতিক্ৰিয়া।ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত নিত্য নৈমিন্তিক ঘটনা। এনে ঘটনাৰ আজিও প্ৰতিফলন ঘটিল কামৰূপ জিলাৰ বকোত। বকো আৰক্ষী থানাৰ অন্তৰ্গত জৱেপাৰাত আজি সন্ধিয়া পৰত বনৰীয়া হাতীৰ গচকত মৃত্যু হয় গণেশ বড়ো নামৰ এজন কৃষক। প্ৰাপ্ত খৱৰ মতে আজি সন্ধিয়া পৰত ঘৰৰ কাষৰ পথাৰৰ পৰা খৰি বুটলি আনিবলৈ গৈছিল প্ৰায় ৮০ বছৰীয়া গণেশ বড়ো। ইফালে সঘনাই অঞ্চলটোত ঘুৰি ফুৰা বনৰীয়া হাতী এটাই পথাৰত জৱেপাৰা গাওঁৰ প্ৰয়াত গান্ধী বড়োৰ পুত্ৰ গণেশ বড়োক আক্ৰমণ কৰে আৰু গচকি মাৰে। এই লৈ অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে স্থানীয় ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়…
Read More

কাছাড়ৰৰ কাটিগড়াত এতিয়াও অব্যাহত আছে নন কৌশলেৰে বাৰ্মিজ চুপাৰীৰ ছিণ্ডিকেট।

কাছাড়ৰৰ কাটিগড়াত এতিয়াও অব্যাহত আছে নন কৌশলেৰে বাৰ্মিজ চুপাৰীৰ ছিণ্ডিকেট।বিলাসী বাহনেৰে বাৰ্মিজ চুপাৰী মাফিয়া সকলে অব্যাহত ৰাখিছে বাৰ্মিজ চুপাৰী ছিণ্ডিকেট সাম্ৰাজ্য।আজি দিনৰ ভাগত কালাইন থানাৰ ভাৰপ্ৰাপ্ত অসি বিপুল বিশ্বাসে গোপন সুত্ৰৰ পম খেদি অভিযান চলাই এখন AS 11J 6398 নাম্বাৰৰ বিলাসী বাহনৰ পৰা জব্দ কৰে বাৰ্মিজ চুপাৰী লগতে দুই জন পাচাৰকাৰীক আটক কৰিবলৈ সক্ষম হৈছে।আটক কৰা দুজনৰ ওপৰত সূদপোছ অব্যাহত ৰাখিছে কালাইন আৰক্ষীয়ে ইয়াৰ লগতে জৰিত থকা বাকী সকলো পুলিচৰ জালত পৰাৰ সম্ভাবনা আছে বুলি জানিব পৰা গৈছে।
Read More

গণৰাজ্য প্ৰাকক্ষণত তৎপৰ হৈ উঠিছে অসম আৰক্ষী ।

বৰপেটা সৰভোগত সৰভোগ আৰক্ষীৰ তালাচি অভিযান। অহা ২৬ জানুৱাৰীলৈকে অসম আৰোক্ষীয়ে তীক্ষ্ণ নজৰ ৰাখিছে যান- বাহনৰ ক্ষেত্ৰত । অহা ২৬ জানুৱাৰীত দেশে উদযাপন কৰিব ৭৪ সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ ৰাজ্যৰ লগতে সৰভোগত উদযাপন কৰিব গণৰাজ্য দিৱস। গণৰাজ্য প্ৰাকক্ষণত তৎপৰ হৈ উঠিছে অসম আৰক্ষী ।অসমৰ বিভিন্ন প্ৰান্তৰ লগতে সৰভোগত বিভিন্ন ঠায়ে ঠায়ে নাকা চেকিং কৰা পৰিলক্ষিত হৈছে। কোনো দুষ্টচক্ৰই অসমৰ লগতে সৰভোগত কোঠাঘাত কৰিব নোৱাৰে সৰভোগ আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে । সৰভোগ থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৰ ঘোষে উল্লেখ কৰে সৰভোগৰ বিভিন্ন প্ৰান্তে প্ৰান্তে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেকী দলংৰ কাষতে দুচকীয়া চাৰিচকীয়া বাহনত তন্ন তন্নকৈ তালাচি কৰা পৰিলক্ষিত হৈছে…
Read More

পাঠান চিনেমা চাবলৈ 120 টা টিকট কটাৰ বাবে গ্ৰেপ্তাৰ এজন যুৱক

মঙ্গলদৈৰ ধুলা থানাত আবদ্ধ মফিদুল ইছলাম নামৰ এজন যুৱক।পাঠান বিতৰ্ক চলি থকা সময়তে বন্ধুৰ সতে চিনেমা খন চাবলৈ যুৱক জনে কাটিছিল 120 টা টিকট। মফিদুলে 120 টা টিকট সংগ্ৰহ কৰি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।বৰ্তমান ধূলা থানাত আবদ্ধ যুৱক জন।11 বজাৰ পৰা আৰম্ভ হোৱা মঙ্গলদৈৰ ড্ৰিম থিয়েটাৰ হলত পাঠান চিনেমা চাবলৈ নাপালে মফিদুলে।কিয় আবদ্ধ কৰি ৰাখিছে মফিদুলক এতিয়াও জানিব পৰা নাই।
Read More

মৃৎ শিল্পী সকল সাজু হৈছে সমাগত সৰস্বতী পূজাৰ বাবে

মৃৎ শিল্পী সকল সাজু হৈছে সমাগত সৰস্বতী পূজাৰ বাবে।বাক্সাৰ মুছলপুৰতো নিৰ্মাণ কৰিছে সৰস্বতীৰ মৃন্ময় মূৰ্ত্তি।সমাগত সৰস্বতী পূজা। মাজত মাথো দুটা দিন। বিদ্যাৰ অধিষ্ঠাত্রী দেৱী আই সৰস্বতীক পূজিবলৈ সাজু বিদ্যালয় মহাবিদ্যালয় কৰ্তৃপক্ষ। সমান্তৰাল ভাবে সাজু হৈ উঠিছে মৃৎ শিল্পী সকল। দুই-এদিনৰ ভিতৰতে মৃণ্ময় মূৰ্ত্তি সমূহত দিব শেষ পৰশ, পিন্ধাব কাপোৰ। বিদ্যালয়-মহাবিদ্যালয় সমূহে আদৰিব, তুলিব বেদীত। বাগদেৱী বীণাপানিক পূজিব সকলোৱে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সাৰ মুছলপুৰতো সৰস্বতী দেৱীৰ মূৰ্ত্তি নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে। জিলা খনৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানৰ পৰা লাভ কৰা অৰ্ডাৰ অনুসৰি নিৰ্মাণ কৰিছে দেৱীৰ মূৰ্ত্তি সমুহ। প্ৰতিটো মূৰ্ত্তি ১০০০ টকাৰ পৰা প্ৰায় ১২০০ টকা পৰ্যন্ত বিক্ৰী কৰি আহিছে এওঁলোকে। বিগত…
Read More

মৰিগাঁও পৰিবৰ্তন হৈছে দ্বিতীয় দিশপুৰলৈ

মৰিগাৱত দিনযোৰা কাৰ্যসূচীৰে পালন ৰাজ্যিক বি জে পি কাৰ্যনিৰ্বাহক সভাআজি মৰিগাঁও পৰিবৰ্তন হৈছে দ্বিতীয় দিশপুৰলৈ বি জে পিৰ বহু ৰথি মহাৰথি ভৰি পৰিছে মৰিগাঁওতমৰিগাঁওত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৱাহক সভা উক্ত সভাত ওপস্থিত থাকে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহু কেইগৰাকী মন্ত্ৰী বিধায়ক!মৰিগাঁওত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পোনপ্ৰথমে মৰিগাঁও পণ্ডিত দয়াল কৃষ্ণ বৰা ৰচনাৱলী মূলত গ্ৰন্থ মুকলি কৰে।
Read More

জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয় ডাম্পাৰ দুখনৰ চালক

বকোৰ বীৰপাৰাত সংঘটিত হোৱা দুৰ্ঘটনাত নিহত দুজন ৷ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰে দুখনকৈ ডাম্পাৰে ৷ দুৰ্ঘটনাৰ ফলত দাউ দাউকৈ জ্বলি উঠে তিনিওখন বাহন ৷ফলত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয় ডাম্পাৰ দুখনৰ চালক ৷দুৰ্ঘটনাত নিহত চালক দুজনৰ এজন মনোজ দাস, আনজন ভদ্ৰেশ্বৰ পাটগিৰি ৷দুৰ্ঘটনা গ্ৰস্ত ডাম্পাৰ দুখনৰ পঞ্জীয়ন নম্বৰ AS25 EC1877 আৰু AS01NC 9882ট্ৰাকখনৰ নম্বৰ AS01 JC3804 বুলি জানিব পৰা গৈছে।
Read More

চিৰাঙৰ বিজনীত ৰেচন কাৰ্ড লৈ অৱাধ দুৰ্নীতি।

চিৰাঙৰ বিজনীত ৰেচন কাৰ্ড লৈ অৱাধ দুৰ্নীতি।ৰেচন কাৰ্ড বোনোৱাৰ নামত ৩০০ টকা কৈ ধন সংগ্ৰহৰ অভিযোগ।BJPৰ নেতা-পালিনেতাৰ বাবে সোনৰ খনিত পৰিণত একাংশ চিৰাং জিলাৰ বিজনীৰ ডাঙাইগাৱ ভিচিডিচিৰ অন্তৰ্গত ভিচিডিচিৰ উপ-সভাপতিৰ বিৰুদ্ধে উত্থাপন হৈছে ধন সংগ্ৰহৰ কৰাৰ অভিযোগ। নতুন ৰেচনকাৰ্ডৰ ফ্ৰমৰ নামত ৩০০ টকা কৈ ধন বুলি উঠিছে গুৰুতৰ অভিযোগ । যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰী নিকা আৰু দুৰ্নীতি মূক্ত সপোন ৰচিছে সেই একে সময় চোৱাতে বিজেপিৰ নেতা পালী নেতায় দুৰ্নীতিৰ যেন পাহাৰ কৰিছে একাংশ ভিচিডিচিৰ জৰিয়তে । এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভুক্তভোগীৰ লগতে বিজনী আঞ্চলিক ছাত্ৰ সন্থাই।এই ক্ষেত্ৰত তৃণমূল কংগ্ৰেছ জিলা সভাপতি অনিৰ্বাণ সেনৰ লগতে অগপৰ কেন্দ্ৰীয় সম্পাদক পাৰ্থ ৰায়…
Read More

দৰঙৰ বৰঝাৰত ভয়ংকৰ অগ্নিকাণ্ড

দৰঙৰ বৰঝাৰত ভয়ংকৰ অগ্নিকাণ্ড।খেৰবৰ্তী মালবাহী গাড়ী জুইত ভস্মীভূত। বৰঝাৰৰ পৰা দলগাঁও অভিমুখী গৈ থকা অৱস্থাত বিদ্যুতৰ তাৰৰ সংস্পৰ্শত খেৰবৰ্তী গাড়ীখনত জুই লগা বুলি জানিবলৈ দিয়ে স্থানীয় লোকে। ইতিমধ্যেই ঘটনাস্থলীলৈ শিলবৰী আৰক্ষী চকীৰ এক সজাতি দল উপস্হিত হয়। জুইত জাহ যোৱা গাড়ী খনৰ নম্বৰ AS01KC9408 বুলি জানিবলৈ পোৱা গৈছে। ইতিমধ্যেই ঘটনাস্থলীলৈ অগ্নিনিৰ্বাপক বাহনীৰ লোক আহি উপস্থিত হৈ জুই নমাবলৈ সক্ষম হয়। জুইত জাহ যোৱা গাড়ীৰ চালক পলাতক বুলি জানিবলৈ দিয়ে স্থানীয় লোকে। জুই নমোৱাৰ পিছতে শিলবৰীৰ আৰক্ষীয়ে জুইত ভষ্মীভূত হোৱা গাড়ীখন থানালৈ লৈ যায়।
Read More

সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থা ৭৫ বছৰীয়া মহাৰজত জয়ন্তী উৎসৱৰ আদৰণি সমিতি গঠন

সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থা ৭৫ বছৰীয়া মহাৰজত জয়ন্তী উৎসৱৰ আদৰণি সমিতি গঠনমৰিগাঁওত গান্ধী ভৱন প্ৰাংগণত ১৯৪৮ চনতে গঠিত ৭৫বছৰৰ গৰকা সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থা মৰিগাঁও জিলা শাখাৰ আতিথ্যত ৭৫বছৰীয়া মহাৰজত জয়ন্তী উৎসৱ উদযাপনৰ বাবে মৰিগাঁও জিলা কনিষ্ঠ কৃষি বিষয়া সন্থা সভাপতি ৰাজেন ডেকা সভাপতিত্ব এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়।উক্ত ৰাজহুৱা সভা আদৰণি ভাষণ জনায় মৰিগাঁও জিলাৰ সমিতি সম্পাদক দিব্যজ্যোতি হাজৰিকাই।ৰাজহুৱা সভাখনি উদ্বোধন কৰে মৰিগাঁও মহকুমা কৃষি বিষয়া শ্ৰী অশোক শৰ্মাইউক্ত সভাত উপস্থিত থাকে সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থা সভাপতি শ্ৰী বুদ্ধ কুমাৰ নাথ,শ্ৰী গোপাল হাজৰিকা, সাধাৰণ সম্পাদকৰ লগতে অসমৰ বিভিন্ন জিলা সমিতি সভাপতি, সম্পাদকৰ লগতে…
Read More