Dipshikha

3313 Posts

ঢেকিয়াজুলিৰ ৮০ শতাংশ বড়োলোক বাস কৰা গাঁও অন্তৰ্ভুক্ত হ’ব BTRত’

ঢেকিয়াজুলিৰ ৮০ শতাংশ বড়োলোক বাস কৰা গাঁও অন্তৰ্ভুক্ত হ’ব BTRত’। গণৰাজ্য দিৱসৰ ভাষণত এই কথা ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বশৰ্মাৰ। ৮০ শতাংশতকৈ অধিক বড়ো লোক থকা গাঁৱক BTR ৰ লগত সন্নিৱিষ্ট কৰাৰ সিদ্ধান্তক লৈ সৃষ্টি হৈছে বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়া। আজি সদৌ অসম‌ আদিবাসী ছাত্ৰ সন্থাই শোণিতপুৰ জিলা বন্ধ ঘোষণা কৰাৰ সমান্তৰালকৈ ঢেকিয়াজুলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত মূখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্বশৰ্মা আৰু ঢেকিয়াজুলিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘলৰ পুট্তলিকা দাহ কৰে। হেমন্ত বিশ্বশৰ্মা মূৰ্দাবাদ, অশোক সিংঘল মূৰ্দাবাদ আদি শ্লোগানেৰে উত্তাল কৰি তোলে ঢেকিয়াজুলি চহৰ। লগতে অহা ৩০ জানুৱাৰীত অশোক সিংঘলৰ ঘৰ ঘেৰাও কৰা হ'ব বুলি…
Read More

ৰঙিয়াৰ তিনিয়ালীত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙিয়াৰ তিনিয়ালীত ভয়ংকৰ পথ দুৰ্ঘটনা ।তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে মৃত্যু হয় দুজনৰ ।ক্ষুদ্ধ ৰাইজে জ্বলাই দিয়ে ডাম্পাৰ। নিহত লোক দুজন ৰঙিয়া গোগ মালাচাৰ নজিম আৰু বাবু বুলি জানিৱ পৰা গৈছে ।ঘটনাস্থলীত ইতিমধ্যে আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিত নিয়ন্ত্ৰন কৰিবলৈ চেস্থা অব্যাহত ৰাখিছে।
Read More

কান্দি কান্দি দুটি সন্তানৰ মাতৃলৈ আহ্বান মা তুমি ঘূৰি আহা

কান্দি কান্দি ক'লে মা তুমি ঘুৰি আহা।দুটি সন্তানৰ মাতৃ ৰুমি চেট্টী যোৱা দেওবাৰে ঘৰৰ পৰা ওলাই গৈ আজিলৈকে নিৰুদ্দেশ হৈ থকাত কুশল কোঁৱৰ ইনদ'ৰ ষ্টেডিয়ামৰ কৰ্মচাৰী প্ৰদীপ চেট্টীয়ে যোৰহাট আৰক্ষীক এজাহাৰ দিয়া পাছতো একো উল্লেখনীয় প্ৰদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন কৰে।মহিলা‌ গৰাকীৰ স্বামীয়ে অভিযোগ কৰা মতে তেওঁলোকৰ দোকানত আহি সদায় বহি থকা যোৰহাট মালৌআলিৰ কৃষ্ণ নগৰৰ এটা সন্তানৰ পিতৃ ৰাকেশ জ্যোতি বৰাই তেওঁৰ পত্নী ৰুমি চেট্টীক পলুৱাই লৈ যায়।আনহাতে শাৰীৰিক অসুস্থতাত ভূগি থকা প্ৰদীপ চেট্টীয়ে সৰু সৰু দুটি সন্তানক লৈ সমস্যাত পৰাৰ‌ লগতে পত্নীক দুই সন্তানৰ মুখলৈ চাই পুনৰ ঘুৰি আহিবলৈ অনুৰোধ জনাইছে
Read More

পুনৰ উত্তপ্ত হ’ব নেকি বড়ো ভুমি?

পুনৰ উত্তপ্ত হ'ব নেকি বড়ো ভুমি?চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ BTRৰ অনাবড়ো ৰাইজ ।BTRত নতুন গাঁ‌ও সংলগ্ন কৰাকলৈ অব্যাহত আছে উত্তেজনা ।গাঁ‌ও কৰ্তন নকৰাকৈ গাঁ‌ও অন্তৰ্গত কৰা কাৰ্য মানি নলয় BTRৰ অনাবড়ো ৰাইজে । ২ ফেব্ৰুৱাৰীত উত্তৰ অসম বন্ধৰ আহ্বান অবড়ো সুৰক্ষা সমিতিৰ ।প্ৰয়োজনত জংগী আন্দোলনেৰে BTR স্তব্ধ কৰি দিয়াৰো হুংকাৰ অবড়ো সুৰক্ষা সমিতিৰ ।একেদৰে গাঁ‌ও কৰ্তন নকৰাকৈ গাঁ‌ও সংলগ্ন কৰা কাৰ্য মানি নলয় AJYCP তামুলপুৰ জিলা সমিতিয়ে ।সংগঠনটোৱে ৰাইজৰ সহযোগত তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে।
Read More

বাক্সাত নিৰ্বাচন আয়োগৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

বাক্সাত নিৰ্বাচন আয়োগৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ:: জিলাখনৰ মুঠ ভোটাৰ ৫,৬০৬৯৮ গৰাকী। নিৰ্বাচন আয়োগে আজি ৰাজ্যখনৰ অন্যান্য জিলাৰ সমান্তৰালভাৱে বাক্সা জিলাৰো চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰে ৷ আজি মুছলপুৰস্থ জিলা উপায়ুক্তৰ সভাকক্ষত এক সংবাদমেল অনুষ্ঠিত কৰে জিলা নিৰ্বাচনী আয়োগে ৷ সংবাদমেলত জিলাখনৰ চূড়ান্ত ভোটাৰ তালিকাখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে উপায়ুক্ত মাচান্দা মেগদেলিন পাৰ্টিনে । চূড়ান্ত ভোটাৰ তালিকাত সন্নিৱিষ্ট অনুসৰি জিলাখনৰ অন্তৰ্গত ৫৮নং তামুলপুৰ, ৬২ নং বৰমা আৰু ৬৩ নং চাপাগুৰী তিনিটা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৫,৬০৬৯৮ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ২,৮১৫৭১ গৰাকীৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্য হৈছে ২,৭৯ ১২৭ গৰাকী। লিংগ অনুপাতে ৯৮৭ গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে ৯৯১ গৰাকী…
Read More

যোৰহাটলৈ গৌৰব কহিয়াই আনিলে শি‌শু শিল্পী অংকিতা তামোলীয়ে

যোৰহাটলৈ গৌৰব কহিয়াই আনিলে শি‌শু শিল্পী অংকিতা তামোলীয়ে।নেতাজী সুভাষ চন্দ্ৰ বসু নেচনেল পুৰস্কাৰ শ্ৰেষ্ঠ শিশু অভিনেত্ৰীৰ বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছে যোৰহাট গছপুৰীয়াৰ উদীয়মান প্ৰতিভাবান শিশু শিল্পী অংকিতা তামূলীয়ে।
Read More

যোৰহাটৰ কছাৰী ময়দানত জিলা প্ৰশাসনৰ সৌজন্যত গনৰাজ্য দিৱস উদ্‌যাপন।

যোৰহাটৰ কছাৰী ময়দানত জিলা প্ৰশাসনৰ সৌজন্যত গনৰাজ্য দিৱস উদ্‌যাপন।সমগ্ৰ দেশৰ লগতে যোৰহাটতো উলহমালহেৰে পালন কৰা হয় ৭৪ তম গনৰাজ্য দিৱস ।যোৰহাটৰ কাছাৰী ময়দানত ৭৪ তম গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।উপস্হিত থাকে ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা ,যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী,জিলা উপায়ুক্ত সহ গন্য মাণ্য ব্যক্তি সকল।
Read More

ঢেকিয়াজুলিৰ ঘগৰাত দুটাকৈ বাসগৃহত ভয়ানক অগ্নিকাণ্ড।

ঢেকিয়াজুলিৰ ঘগৰাত দুটাকৈ বাসগৃহত ভয়ানক অগ্নিকাণ্ড।নষ্ট হল লক্ষাধিক টকাৰ সম্পত্তি। ঢেকিয়াজুলি নিকটৱৰ্ত্তী ঘগৰাত দুটাকৈ বাসগৃহ আজি পূজাৰ ভাগত শ্বট চাৰ্কিটৰ ফলত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত বাসগৃহৰ ভিতৰত থকা ফ্ৰিৰ্জ,মিক্সি,কেইবাখনো বৈদ্যুতিক পাংখাকে ধৰি বহু সামগ্ৰী জুইত ভস্মীভূত হয়।শ্বট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে।অগ্নিকাণ্ডৰ সন্দৰ্ভত স্থানীয় অগ্নি নিৰ্বাপক বাহিনীক ফোন যোগে খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনীৰ লোক আহি জুই নিৰ্বাপিত কৰে।অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সম্পত্তি নষ্ট হয়।
Read More

বিশ্বনাথৰ বিদ্যালয়ৰ মহাবিদ্যালয় সমূহত সৰস্বতী পূজা উদযাপন

বিশ্বনাথৰ বিদ্যালয়ৰ মহাবিদ্যালয় সমূহত সৰস্বতী পূজা উদযাপন৷আজি সৰস্বতী পূজা ৷সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত গণৰাজ্য দিৱসৰ লগতে উলহমালহেৰে সৰস্বতী পূজা উদযাপন৷ শিক্ষানুষ্ঠানসমূহ সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে ৷ সৰস্বতীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে শিক্ষানুষ্ঠানসমূহ৷৷ছাত্ৰছাত্ৰীসকলে বাগদেৱীৰ চৰণত ধূপ দীপ জ্বলাই সুফল কামনা কৰি আশীষ মাগিছে ৷এনে দৰে সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথৰ বিভিন্ন শিক্ষানুষ্ঠানত উলহমালহেৰে উদযাপন কৰিছে সৰস্বতী পূজা৷
Read More

কপিকূলে সন্ত্ৰাস চলালে গোলাঘাট চহৰ

ডেৰঘণ্টা ধৰি বান্দৰে সন্ত্ৰাস চলালে ৰাজপথত ৷ গণতন্ত্ৰ দিবসৰ দিনা কপিকূলে সন্ত্ৰাস চলালে গোলাঘাট চহৰৰ মাজমজিয়াত ৷ পুবা প্ৰায় দহবজাত এটা বান্দৰৰ জাকে খাদ্যৰ সন্ধানত আহোতেই মাকৰ কোলাৰ পৰা এটি নৱজাতক পোৱালী পৰি যায় ৷ পথৰ মাজত পোৱালীটো পৰিযোৱাত এজনে পোৱালীটো পথৰ কাষলৈ নিয়াৰ প্ৰচেষ্টা চলাওতেই বান্দৰ সেনাৰ জাকে লোকজনলৈ চোচাঁ লয় ৷ ইয়াৰ পিছতেই পথেদি মানুহ গলেই খেদামাৰিয়ায় এটা মলুৱাবান্দৰে ৷ কপিকূলৰ চিঞৰবাখৰ আৰু মলুৱাৰ খেদাত ত্ৰাসিত হৈপৰে বাটৰুৱা ৷ এনেদৰে ডেৰ ঘণ্টা উকলাৰ পিছত এজন যুৱকে এডাল লাঠীলৈ মৰসাহ কৰি পোৱালীটো পথৰ কাষত থৈ দিয়াৰ পিছত মাকে পোৱালীটো লৈ যায় ৷
Read More