Dipshikha

3313 Posts

দলগাৱঁৰ শিয়ালমাৰী উন্নয়ন খণ্ডত চুৰি কাণ্ডৰ ঘটনা

দলগাৱঁৰ শিয়ালমাৰী উন্নয়ন খণ্ডত চুৰি কাণ্ডৰ ঘটনা ।দিন দুপৰতে চৰকাৰী কাৰ্যালয়ত চুৰি কাৰ্য্য ।হাতে লোটে ধৰি আৰক্ষীক গতালে শুভম দাস নামৰ চুৰটোক ।খাৰুপেটীয়াত দিন দুপৰতে সংঘটিত হৈছে চুৰি কাণ্ডৰ ঘটনা । দৰঙৰ দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডত দীৰ্ঘ দিন ধৰি সংঘটিত হৈ আহিছে চুৰি কাণ্ডৰ ঘটনা । আজি দিন দুপৰতে চুৰি কাৰ্য্য কৰি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি আৱদ্ধ কৰে । অভিযোগ মতে , দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ চৌহদত নিৰ্মাণ হৈ থকা বিবাহ ভৱনৰ পৰা ৰঙৰ বস্তা চুৰি কৰি থকা অৱস্থাত নাইট চকীদাৰে ৰাইজৰ সহযোগত চুৰটোক হাতে লোটে ধৰি ধূলা আৰক্ষী থানাত খবৰ দিয়ে । উক্ত খবৰৰ ভিত্তিত ধূলা আৰক্ষী থানাৰ…
Read More

২ ফেব্ৰুৱাৰীত ২৪ ঘন্টীয়া অসম বন্ধৰ আহ্বান অবড়ো সুৰক্ষা সমিতিৰ

বিটিআৰৰ পৰা অবড়ো গাওঁ কৰ্তন নকৰি পুনৰ গাওঁ অন্তৰ্ভুক্ত কৰাত তীব্ৰ বিৰোধিতা অবড়ো নেতৃত্বৰ গাওঁ অন্তৰ্ভুক্ত কৰাৰ প্ৰতিবাদত ২ ফেব্ৰুৱাৰীত ২৪ ঘন্টীয়া অসম বন্ধৰ আহ্বান অবড়ো সুৰক্ষা সমিতিৰ।বিটিআৰৰ পৰা অবড়ো গাওঁ কৰ্তন নকৰি পুনৰ গাওঁ অন্তৰ্ভুক্ত কৰাত তীব্ৰ বিৰোধিতা কৰে অবড়ো সুৰক্ষা সমিতিৰ নেতৃত্বই ৷ এই সন্দৰ্ভত আজি হাউলীত অনুষ্ঠিত হোৱা সংগঠনটোৰ কাৰ্যনিৰ্বাহক সভাত অসম চৰকাৰে লোৱা ভুমিকাক সমালোচনা কৰে ৷ ২৬ জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে বিটিআৰত আৰু কেবাখনো গাওঁ অন্তৰ্ভুক্ত কৰাত তীব্ৰ প্ৰতিবাদ জনায ৷ ইতিমধ্যে বিটিআৰৰ পৰা অবড়ো গাওঁ কৰ্তনৰ বাবে আযোগ গঠন কৰা হৈছিল যদিও এই আয়োগক নস্যাৎ কৰি পুনৰ অবড়ো গাওঁ অন্তৰ্ভুক্ত কৰা কাৰ্যক হিটলাৰী কাৰ্য বুলি অভিহিত…
Read More

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা শিৱসাগৰত উপস্থিত

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা শিৱসাগৰত উপস্থিতশিৱসাগৰত এক বিশেষ কাৰ্য্যসূচীত অংশ গ্ৰহন মুখ্যমন্ত্ৰীৰ গৰাকীৰশিৱসাগৰৰ জ্যেষ্ঠ ব্যক্তিৰ সকলৰ লগত মত বিনিময়ৰ এক অনুষ্ঠানত অংশগ্ৰহন মুখ্যমন্ত্ৰী গৰাকীৰশিৱসাগৰৰ যুৱ দল প্ৰেক্ষাগৃহত শিৱসাগৰৰ জ্যেষ্ঠ তথা বিশিষ্ট ব্যক্তি সকলৰ লগত মতবিনিময় কৰে মুখ্যমন্ত্ৰী গৰাকীয়েশিৱসাগৰৰ ১১৭ গৰাকী জ্যেষ্ঠ-বিশিষ্ট ব্যক্তি উপস্থিতত মুখ্যমন্ত্ৰীৰ মতবিনিময় অনুষ্ঠানত সন্ধিয়া শিৱসাগৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ে প্ৰায় ৩ ঘন্টা শিৱসাগৰৰ জ্যেষ্ঠ-বিশিষ্ট ব্যক্তি সকলৰ লগত মতবিনিময় কৰে বিভিন্ন বিষয়তৰংঘৰক কেন্দ্ৰ কৰি প্ৰকল্প নিৰ্মান কৰাৰ সদ্ধৰ্ভত বিশদ আলোচনাপ্ৰকল্পত ৫হাজাৰ আৰু ২ হাজাৰ মানুহ বহিব পৰা এম পি থিয়েটাৰ নিৰ্মান কৰা হব-থলুৱা গাঁও নিৰ্মানৰ লগতে থলুৱা বিপনী নিৰ্মান কৰা হব।অহা বিত্তয় বৰ্ষৰ বাজেটত…
Read More

বটদ্ৰৱাৰ জামতলত এগৰাকী যুৱকৰ ন্যায়ৰ দাবীত ৰাইজৰ প্রতিবাদ

বটদ্ৰৱাৰ জামতলত এগৰাকী যুৱকৰ ন্যায়ৰ দাবীত ৰাইজৰ প্রতিবাদ।আব্দুল জলিল নামৰ যুৱক জনৰ মুক্তিৰ দাবীত ৰাইজৰ এই প্ৰতিবাদ।দুষ্ট চক্ৰয় ষড়যন্ত্ৰ কৰি যুৱক জনৰ বাসগৃহত ১৬ টা কফ চিৰাপ থৈ অপৰাধী সজোৱাত দেওবাৰে বটদ্ৰৱা আৰক্ষীয়ে আটক কৰিছিল যুৱক জনক।উল্লেখ্য যে বটদ্ৰৱাৰ ৰামপুৰসত্ৰৰ পৰা দেওবাৰে বটদ্ৰৱা আৰক্ষীয়ে অভিযান চলাই ১৬ টা নিচাযুক্ত কফ চিৰাফ সহ আটক কৰিছিল আব্দুল জলিল নামৰ যুৱকজনক ।যুৱকজন ফাৰ্মাচীৰ মালিক। আব্দুল জলিল নামৰ যুৱকজনৰ লগত দীৰ্ঘদিন ধৰি এডোখৰ ভূমিক লৈ চলি আছিল সংঘাত।যাৰ পৰিণতিত দুষ্ট চক্ৰয় যুৱকজনৰ বাসগৃহত নিচা জাতীয় কফ চিৰাপ থৈ পৰিকল্পিত বাবে অপৰাধী সজুৱাৰ চেষ্টা কৰিছে দুষ্ট চক্ৰয়।আৰু আজি নিৰ্দোষী যুৱক আব্দুল জলিলৰ মুক্তিৰ দাবীত শ…
Read More

গোৰেশ্বৰত ৰাজ্যিক বিজেপি সভাপতি ভবেশ কলিতাই শুভ উদ্বোধন কৰিলে ৯টাকৈ পকী পথ।

গোৰেশ্বৰত ৰাজ্যিক বিজেপি সভাপতি ভবেশ কলিতাই শুভ উদ্বোধন কৰিলে ৯টাকৈ পকী পথ। ১৪কোটি ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি শুভ উদ্বোধন কৰে পকীপথ সমূহ। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অধীনৰ RIDF XXIV আঁচনি আৰু ৰাজ্যিক স্ব -অগ্ৰাধিকাৰ উন্নয়ন শিতানৰ পৰা ৯ টাকৈ বৃহৎ পকী পথ উদ্বোধন কৰে। গোৰেশ্বৰ অঞ্চলৰ অন্তৰ্গত বহু ঠাইৰ কেইবাটিও মূলপথৰ বিস্তৰ ক্ষতিসাধন হোৱাত স্থানীয় ৰাইজৰ যাতায়ত যোগা-যোগৰ ক্ষেত্ৰত বহু খিনি সমস্যা তথা অসুবিধাৰ সন্মুখীন হৈছিল ৰাইজে সেই অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ সুবিধাৰ্থে যাতায়ত আৰু যোগাযোগ ব্যবস্থাক সুচল কৰি তোলাৰ লক্ষ্যৰে আজি পকী পথ নিৰ্মাণ কৰি ৰাইজক অহা যোৱাৰ সুবিধা কৰি দিয়ে ৰাজ্যিক বিজেপি সভাপতি…
Read More

হাইলাকান্দিত ভয়ংকৰ ঘটনা

হাইলাকান্দিত ভয়ংকৰ ঘটনা । বৈদ্যুতিক লাইনত লাগি এজন যুবকৰ মৃত্যু হোৱাৰ লগে ভয়ংকৰ জুই লাগি এটা গৰু আৰু দোকান ঘৰ ধ্বংস হৈ যায়। পোৱা 6 বজাত জিলাখনৰ গাগলাছৰা চা বাগিচাত ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। মৃত যুবকৰ নাম ৰাজেশ কাহাৰ আৰু 30 বছৰীয়া । 11 হাজাৰ ভল্টেজৰ বৈদ্যুতিক লাইন চিঙি ৰাস্তাত থকাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি অভিযোগ ।ঘটনাৰ পিছত ৰাজপথত মৃতদেহ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুদ্ধ ৰাইজে । বিদ্যুত বিভাগৰ এই কাণ্ডক লৈ জিলা জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু এতিয়াও পৰিস্থিতি উত্তপ্ত ।
Read More

নুমলীগড়ত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড ।

নুমলীগড়ত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড । নুমলীগড়ৰ মাধৱপূৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড । ২৬ জানুৱাৰীৰ সন্ধিয়া ফলা খৰিৰে মৰিয়াই মৰিয়াই গুৰুত্বৰ ভাৱে আহত কৰিছিল চুৰজ ওৰাং নামৰ এজন লোকে চাজন কুজুৰ নামৰ লোক জনক। গুৰুত্বৰ ভাৱে আহত লোক জনক পৰিয়ালৰ লোকে ডিব্ৰুগড় মেডিকেল কলেজ হস্পিতাল লৈ উন্নত চিকিৎসাৰ বাবে লৈ যায় যদিও যোৱাকালি চাজন কুজুৰৱে মৃত্যুক আঁকোৱালি লয় । বৰ্তমান নুমলীগড় আৰক্ষীৰ জালত হত্যাকাৰী চুৰজ ওৰাং । ইফালে বৰ্তমান সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এক চেপা উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত।
Read More

বিজনীত সন্দেহজনক বাৰ্মিজ চুপাৰী জব্দ

বিজনীত সন্দেহজনক বাৰ্মিজ চুপাৰী জব্দ । এজন লোকক আটক আৰক্ষীৰ ।চিৰাং জিলাৰ বিজনী আৰক্ষীৰ অভিযান। বিজনী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত বিজনী টোলপ্লাজাত অভিযান চলাই জব্দ কৰে ৮ বস্তা সন্দেহজনক বাৰ্মিজ চুপাৰী । এখন AS 16B 4522 নম্বৰৰ মহিন্দ্ৰা জাইলো গাড়ীৰে শিলচৰৰ পৰা বিজনী অভিমুখে আহি থকা অৱস্থাত বিজনী আৰক্ষীয়ে এজন লোকক আটক কৰাৰ উপৰিও জব্দ কৰে চুপাৰী সমূহ । আটক কৰা লোক জনৰ নাম আব্বাছ আলী (৪২) বুলি জানিব পৰা গৈছে । ধৃত আব্বাছ আলীৰ ঘৰ চিৰাং জিলাৰ আমগুৰীৰ ৰাজপাৰাত বুলি জানিব দিয়ে ।
Read More

লাহোৱাল আৰক্ষীয়ে তিনি কিশোৰীসহ দুজন যুৱকক আটক কৰাৰ লগতে এখন বিলাসী বাহন জব্দ কৰে।

লাহোৱাল আৰক্ষীয়ে তিনি কিশোৰীসহ দুজন যুৱকক আটক কৰাৰ লগতে এখন বিলাসী বাহন জব্দ কৰে।ডিব্ৰুগড় জিলাৰ জয়পুৰৰ তিনি কিশোৰীক বহিঃৰাজ্যৰত কাম দিয়া প্ৰলোভনেৰে বাঙ্গালুৰুলৈ লৈ যোৱা মুহূৰ্ত লাহোৱাল আৰক্ষীয়ে সন্দেহজনক ভাৱে গোপন সূত্ৰৰ পম খেদি লাহোৱালৰ ৰে'ল ষ্টেচনত আটক কৰিবলৈ সক্ষম হয়।নাহৰকটীয়াৰ যুৱক হেমন্ত গগৈ আৰু বুধিন গগৈৰ নেতৃত্বত কিশোৰী বহিঃৰাজ্যলৈ সৰবৰাহৰ অভিযোগত লাহোৱাল আৰক্ষীয়ে বৰ্তমান জেৰা অব্যাহত ৰাখিছে আটকাধীন সকলক।লগতে এখন বিলাসী বাহনো জব্দ কৰিছে লাহোৱাল আৰক্ষীয়ে।তিনিচুকীয়াৰ পঞ্জীয়নভুক্ত বাহন খনৰ নম্বৰ হৈছে AS 23 F 7761
Read More

নগাঁও কচুৱাৰ ফলিহামাৰী ৰাধা নগৰত দুষ্প্ৰাপ্য হৰিণ উদ্ধাৰ ।

নগাঁও কচুৱাৰ ফলিহামাৰী ৰাধা নগৰত দুষ্প্ৰাপ্য হৰিণ উদ্ধাৰ । পশ্চিম কাৰ্বি আংলং জিলাৰ হাতীগড় পাহাৰৰ পৰা নামি আহিছিল হৰিণটো ।শিশু কেইটামানহে হৰিণটো খেদি অনাত জলাশয়ত আবদ্ধ হয় হৰিণটো।পাছত স্থানীয় লোকে উদ্ধাৰ কৰি খবৰ দিয়ে সাংবাদিক আৰু কামপুৰ বন বিভাগক ।কামপুৰ বন বিভাগৰ লোকে দুষ্প্ৰাপ্য হৰিণটো উদ্ধাৰ কৰি লৈ যায় ।
Read More