Dipshikha

3313 Posts

ৰাজমাই বজাৰৰ পৰা নিয়ন্ত্ৰণ চোৰাং গৰুৰ অবৈধ বেহা

শিৱসাগৰ জিলাৰ ৰাজমাই , দিচাংমুখ আৰু বৰছিলা বজাৰৰ পৰা নিয়ন্ত্ৰণ হৈছে অবৈধ গৰুৰ বেহাৰাজমাই বজাৰৰ পৰা নিয়ন্ত্ৰণ চোৰাং গৰুৰ অবৈধ বেহা ৰূদ্ৰসাগৰৰ পুৰণি পুখুৰীত ৰাইজে জব্দ কৰিলে চোৰাং গৰু ভৰ্তি বাহন AS 02 E 8236 নম্বৰৰ ট্ৰাকত ৰাজমাই দিহাজানৰ পৰা সৰবৰাহ কৰিছিল ২৪ টাকৈ গৰু নথি-পত্ৰ হীন গৰু সৰবৰাহ কৰা বাহন খনৰ চালক আকবৰ আলিকো আটক কৰি ৰাইজে চমজাই দিয়ে জয়সাগৰ আৰক্ষীকউল্লেখ্য যে গো-সুৰক্ষা আইনক অংগুষ্ঠ প্ৰদৰ্শন কৰি ৰাজমাই ,দিচাংমুখ আৰু বৰচিলা বজাৰৰ পৰা নিৰ্বিবাদে চলি আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা ।
Read More

বিজনীত বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ ২ ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী

বিজনীত বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ ২ ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী।সদৌ অসম ছাত্র সন্থাৰ আহ্বান মৰ্মে চিৰাং জিলাৰ বিজনীত বিজনী আঞ্চলিক ছাএ সন্থাই বিদ‍্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত ২ ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । বিজনী আঞ্চলিক ছাএ সন্থাই বিজনীৰ মুখ‍্য কাৰ্যালয়ত ২ ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী গ্ৰহন কৰে । প্ৰতি ইউনিটত ৫০পইচাকৈ মাচুল বৃদ্ধিক লৈ এই প্ৰতিবাদ। উক্ত কাৰ্যসূচীত উপস্থিত থাকে আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সুদীপ চন্দ আৰু সাধাৰণ সম্পাদক প্ৰসন্ন বৰ্মনৰ লগতে কেইবাজনো কৰ্মী উপস্থিত থাকে। প্ৰতিবাদী সকলে চৰকাৰৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে বিজনী চহৰ।
Read More

আজি ৰাজনীতিবিদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন।

আজি ৰাজনীতিবিদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন।মুখ্যমন্ত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা দিবলৈ নিশাই বাসভৱনলৈ আহিল অনুৰাগীসকল।উল্লেখযোগ্য যে অসমৰ বিচক্ষণ ৰাজনীতিবিদ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ৫৪ বছৰত ভৰি দিলে ।
Read More

আজি দাখিল হব ২০২৩-২৪ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট।

আজি দাখিল হব ২০২৩-২৪ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট।সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিছে ২০২৩–২৪ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট । উল্লেখযোগ্য যে ১১ বজাৰ লগে লগে সংসদত নিৰ্মলা সীতাৰমনে আৰম্ভ কৰে বাজেটৰ ভাষণ। এয়া মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট বুলি জানিব পৰা গৈছে।২০২৩-২৪ বাজেটক লৈ এতিয়া সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে। কিয়নো আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে এই পূৰ্ণাংগ বাজেটত বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিব পাৰে বহু ডাঙৰ ডাঙৰ ঘোষণা।
Read More

অৰাজকতা আৰু একনায়কত্ববাদে আৰম্ভ হল অসম সাহিত্য সভা নাৰায়নপুৰ অধিবেশন

বেমেজালি ,অৰাজকতা আৰু একনায়কত্ববাদে আৰম্ভ হল অসম সাহিত্য সভা নাৰায়নপুৰ অধিবেশন।এইবাৰ আকৌ বেমেজালিৰ সৃষ্টি হৈছে অধিবেশনত।আকৌ ওলোটাকৈ উৰিল নাৰায়নপুৰ অধিবেশনৰ পতাকা।কাৰ অসৱধানত এনেদৰে ওলোটাকৈ পতাকা উৰিল সচেতন মহলৰ মাজত তীব্র সমালোচনা হৈছে।
Read More

দলগাঁৱৰ বুড়ীগাঁৱৰ 15 নং ৰাষ্ট্ৰীয়পথত ভয়ংকৰ দুৰ্ঘটনা

দলগাঁৱৰ বুড়ীগাঁৱৰ 15 নং ৰাষ্ট্ৰীয়পথত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।তীব্ৰবেগী যাত্ৰীবাহী As 12 AC 2232 নম্বৰৰ গাড়ীখনে ৰাস্তা পাৰ হৈ থকা অৱস্থাত খুন্দিওৱাৰ ফলত মণ্ডলপাৰা গাৱৰ ইউছুফ আলী নামৰ মধ্যবয়স্কৰ লোকজন গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় । খবৰ পাই ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আহত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
Read More

বিটিআৰত গাওঁ অন্তৰ্ভুক্তিৰ লগে লগে উত্তপ্ত হৈ পৰিছে সমগ্র বিটিআৰ।

বিটিআৰত গাওঁ অন্তৰ্ভুক্তিৰ লগে লগে উত্তপ্ত হৈ পৰিছে সমগ্র বিটিআৰ। আজি অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক জোন দাসে এক গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়। তেওঁ কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক মুনাফা আদায়ৰ বাবে বিটিআৰক ব্যৱহাৰ কৰিছে। বিটিআৰ চুক্তি মতে গাওঁ অন্তৰ্ভুক্তি আৰু গাওঁ কৰ্তন কৰাৰ কথা আছিল। কিন্তু কৰ্তন নকৰি কেবল অন্তর্ভুক্ত কৰিছে এই সন্দৰ্ভতো বিস্ফোৰক মন্তব্য আগবঢ়ায় অবড়ো নেতা গৰাকীয়ে। আনহাতে গণ সুৰক্ষা পাৰ্টি চমুকৈ GSP কো নিজৰ স্থিতি ২৪ ঘণ্টাৰ ভিতৰত স্থিৰ কৰিবলৈ আহ্বান জনায়। অন্যথা অনাবড়ো ৰাইজে কাকো সুদাই নেৰে বুলিও গৰজি উঠে অ-বডো সুৰক্ষা সমিতিৰ কেন্দ্রীয় সম্পাদক জোন দাস।
Read More

ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে অসম আৰক্ষী ।

ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে অসম আৰক্ষী ।বৰপেটাত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ।বৰপেটাৰোড সাতবইনীৰটুপত দুজন ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা মাৰাত্মক আঠটা কনট্ৰেনাৰ জব্দ ।ৰাইজে হাতে লুটে ধৰা ড্ৰাগছ সৰবৰাহকাৰী সাতবইনীৰটুপৰ আবুল হুছেইনৰ পুত্ৰ মফিজ উদ্দিন (৩৫ ) আৰু জয়পুৰ গাৱৰ মহম্মদ জলু মিয়াৰ পুত্ৰ জাহিদুল ইছলাম (৪০) ঘটনাস্থলীত বৰনগৰ ৰাজহ চক্ৰ বিষয় উপস্থিত হয় ।সাতবইনীৰটুপত স্থানীয় ৰাইজৰ তৎপৰতাত ৰাইজে হাতে লুটে ধৰি বৰপেটাৰোড থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক গতাই দিয়ে । অধিক তথ্যৰ বাবে ধৃত যুৱক দুজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
Read More

দৰঙৰ বদলি বৈৰালিত তিনিটা এশিঙীয়া গড়ৰ মুক্ত বিচৰণ ।

দৰঙৰ বদলি বৈৰালিত তিনিটা এশিঙীয়া গড়ৰ মুক্ত বিচৰণ ।দৰঙৰ শ্যামপুৰ আৰক্ষী চকীৰ অন্তৰ্গত বদলি বৈৰালি গাঁওত এশিঙীয়া গড়ৰ মুক্ত বিচৰণ । বৰ্তমান সেই অঞ্চলত সৃষ্টি হৈছে আতংকময় পৰিবেশ । স্থানীয় লোকৰ খবৰৰ ভিত্তিত উপস্থিত হৈছে শ্যামপুৰ আৰক্ষীৰ দলৰ লগতে বন বিষয়াৰ লোক । বন বিষয়া লোকে গড তিনিটাক খেদি খেদি খেৰণিচাপৰিলৈ লৈ যায় । ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা গড় তিনিটা পুৱতি নিশা উলাই অহাৰ সন্দেহ কৰিছে বন বিষয়াৰ লোকে ।
Read More

মূখ্যমন্ত্ৰী আহিলেহে বাট পথ ভাল হয়

মুখ্যমন্ত্ৰী আহিলেহে বাট পথ ভাল হয় । যুৱ ছাত্ৰ পৰিষদৰ নেতাৰ তীব্ৰ প্ৰতিক্ৰিয়া ।অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডিব্ৰুগড় জিলালৈ আগমন কৰি জিলা সদৰত বাহৰ পাতিছে । মুখ্যমন্ত্ৰীগৰাকী আজি অৰ্থাৎ ৩১ জানুৱাৰীত নাহৰকটীয়াস্থিত এক ৰাজহুৱা " মে ডাম মে ফি " অনুষ্ঠানত অংশগ্ৰহণৰ বাবে লোক নিৰ্মান বিভাগৰ অধীনস্থ এল বি টি পথেৰে টেঙাখাত নগৰ অতিক্ৰম যোৱাৰ পৰিপ্ৰেক্ষিতত বিভাগীয় কৰ্তৃপক্ষই পথটোৰ ভগ্নপ্ৰায় অংশ ততাতৈয়াকৈ টাপলি মৰা পৰিলক্ষিত হৈছে । এনে কার্যৰ প্ৰত্যক্ষ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ , টেঙাখাত আঞ্চলিক সমিতিৰ নেতা পাৰ্থ প্ৰতীম কোঁৱৰৰ তীব্ৰ প্ৰতিক্ৰিয়া
Read More