Dipshikha

3313 Posts

বঙাইগাঁও জিলাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চৌৰাগুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

বঙাইগাঁও জিলাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চৌৰাগুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।তীব্ৰবেগী অচিনাক্ত ট্ৰাকে মহতিয়াই নিলে স্কুটি আৰোহীক। থিতাতে নিহত স্কুটি আৰোহী। দুৰ্ঘটনাগ্ৰস্থ স্কুটি খনৰ নম্বৰ AS 26B 2443 .।নিহত লোকজনৰ চিনাক্ত হোৱা নাই।ঘটনাস্থলিত বঙাইগাঁৱৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ।দুৰ্ঘটনাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ পৰে যান-বাহন।
Read More

আজিৰে পৰা গুৱাহাটীত আৰম্ভ G20ৰ সন্মিলন।

আজিৰে পৰা গুৱাহাটীত আৰম্ভ G20ৰ সন্মিলন। ২০খন ৰাষ্ট্ৰৰ প্ৰায় ১০০গৰাকী প্ৰতিনিধিৰ অংশগ্ৰহণ সন্মিলনত। ‘এক বিশ্ব এক পৰিয়াল এক ভবিষ্যৎ’ শীৰ্ষক লক্ষ্যৰে আৰম্ভ প্ৰথম দিনৰ কাৰ্যসূচী।
Read More

মৰিগাৱত অবৈধ স্বামীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ অভিযান

মৰিগাৱত অবৈধ স্বামীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ অভিযান।অসম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে তৎপৰ হয় অসম আৰক্ষী ৷মৰিগাঁওটো মৰিগাঁও আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা অবৈধ স্বামী সকলক আটক কৰে জানিব পৰা মতে বৰ্তমানলৈ বহুকেইজন স্বামীক আটক কৰিৱলৈ সক্ষম হৈছে মৰিগাঁও আৰক্ষীয়ে ।থানাই থানাই গোট গঠন কৰি মৰিগাঁও আৰক্ষীৰ অভিযান। কোনো সাৰি যাব নোৱাৰিব অবৈধ স্বামী বুলি জানাই আৰক্ষী অধ্যক্ষই
Read More

বাল্য বিবাহ সন্দৰ্ভত তিনিজন লোকক আটক কৰিলে ঢেকিয়াজুলি আৰক্ষীয়ে ৷

ঢেকিয়াজুলিত বাল্য বিবাহ সন্দৰ্ভত তিনিজন লোকক আটক কৰিলে ঢেকিয়াজুলি আৰক্ষীয়ে ৷২০২২ চনত ঢেকিয়াজুলি থানাত বাল্য বিবাহ সন্দৰ্ভত ৩ টা গোচৰ ৰুজো হৈছিল৷ইয়াৰে দুটা গোচৰৰ তিনিজনক আটক কৰিছে ঢেকিয়াজুলি আৰক্ষীয়ে ।ইয়াৰে এজন হ’ল ছোৱালীৰ পিতৃ গৌৰাংগ চৰকাৰ ঘৰ ঢেকিয়াজুলিৰ চেনিমাৰীত আন দুগৰাকী হ’ল ঢেকিয়াজুলিৰ মেধিচুবুৰীৰ ছোৱালীৰ দেউতাক জব্বৰ আলী আৰু স্বামী হানিফ শ্বেখ ।
Read More

বকো‌ আৰক্ষীৰ বাল্য বিবাহৰ বিৰুদ্ধে তীব্ৰ অভিযান।

বকো‌ আৰক্ষীৰ বাল্য বিবাহৰ বিৰুদ্ধে তীব্ৰ অভিযান। অভিযানত গ্ৰেপ্তাৰ ৭ গৰাকী অবৈধ স্বামী।বকো থানাৰ অন্তৰ্গত মোজেবাৰী,মৌমান,লেপগাও,বাটাকুছি,বগুৰীগুৰী আৰু ২ নং বৰখালৰ পৰা গ্ৰেপ্তাৰ ৭ গৰাকী অবৈধ স্বামী। গ্ৰেপ্তাৰ হোৱা লোককেইজন ক্ৰমে - অভিনাশ ৰাভা(২২),সুৰজিৎ ৰাভা(২০),পলাতক অভিযুক্ত দিলীপ ডৰ্জীৰ পিতৃ এম বাহাদুৰ ডৰ্জী(৬৫),পুৰোহীত কমলেশ্বৰ শৰনীয়া(৬০),ৰমাকান্ত ৰাভা(২৬),জমিৰ উদ্দিন আহমেদ(৩৩),জয়ন্ত ৰাভা(২৬)।
Read More

বঙাইগাঁও জিলাৰ বিদ্যাপুৰত চাঞ্চল্যকৰ ঘটনা

বঙাইগাঁও জিলাৰ বিদ্যাপুৰত চাঞ্চল্যকৰ ঘটনাবিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত দুৰ্গামাৰীত দুৰ্বৃত্তই প্ৰাণ ল'লে দুজনৰনিশা বিদ্যাপুৰত দুৰ্বৃত্যই ঘৰত কোনো নথকাৰ সুযোগতে দুই ককায়েক ভনীয়েকক হত্যা কৰি পথাৰত পেলাই থৈ যায়ভ্ৰাত্ৰীৰ নাম আজমত শেখ আৰু ভগ্মীৰ নাম মিৰজা খাতুন বুলি জানিব পৰা গৈছে।ঘটনাৰ ৰহস্য এতিয়ালৈ জানিব পৰা হোৱা নাই।আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব কোনে কি কাৰণত হত্যা কৰিলে দুই ককাই ভনীক।
Read More

মাৰ্ঘেৰিটাত জুৱা খেলৰ লগত জড়িত থকা সন্দেহত ৪ জনক আটক।

মাৰ্ঘেৰিটাত জুৱা খেলৰ লগত জড়িত থকা সন্দেহত ৪ জনক আটক।ডাইছ নামৰ জুৱা খেলৰ লগত জড়িত ৪ যুৱকক আটক মাৰ্ঘেৰিটা আৰক্ষীৰ।কেটেতং সাপ্তাহিক বজাৰত দীৰ্ঘদিনে ডাইচ নামৰ জুৱা খেলৰ লগত জড়িত আছিল আটকাধীন লোক কেইজন।লোক কেইজনৰ বিৰুদ্ধে অঞ্চলটোত বিভিন্ন অসামাজিক কাৰ্য্যকলাপ চলাই থকা অভিযোগো উত্থাপিত হৈ আহিছিল। অলপতে কেটেতং নিৱাসী অংকাৰ সিঙৰ ঘৰত ৮০ হাজাৰ টকা আৰু ১০ তুলাৰ সোনৰ গহনাৰ চুৰি কাৰ্যত জড়িত থকা সন্দেহত লোক কেইজন। আটকাধীন লোক কেইজন ক্ৰমে পবিত্ৰ মান(৩৪) ওৰফে পেটুৱা ২নং ফাকিয়াল, নিজান খালেনে(৪০) ২নং নাকং পথাৰ, ৰাম বাহাদুৰ লিম্বু(৬০) ওৰফে ৰাতে ২নং নাকং পথাৰ আৰু সঞ্জু মুঢ়া(২৭) ২নং কুঁহিয়াবাৰী, মাৰ্ঘেৰিটা আৰক্ষীয়ে আটকাধীন লোক কেইজনৰ বিৰুদ্ধে…
Read More

তিনি সন্তানৰ মাতৃ প্ৰেমৰ বাবে পলায়ন কৰে প্ৰেমিকৰ লগত

প্ৰেমে যে বয়সৰ সীমা, প্ৰেমে নামানে জাতি-কুল, নামানে সমাজৰ বান্ধোন।প্ৰেম অন্ধ।সেয়ে অন্ধ প্ৰেমৰ প্ৰমাণ আজি দেখুৱাই দিলে হোজাই জিলাৰ কাকী থাইচুপাৰ গাওঁৰ এগৰাকী মহিলাই।হয় প্ৰেমত পৰি তিনি সন্তানক ঘৰতে এৰি এটা সন্তান পিতৃৰ লগতে পলায়ন কৰে কাকী থাইচুপাৰৰ শান্তি দেবী নামৰ এগৰাকী মহিলাই । বৰ্তমান মূৰে কপালে হাত দি কান্দিব লগীয়া হৈছে স্বামী ৰাম বাহাদুৰ হৰিজনে ।জানিব পৰা মতে এটা সন্তান পিতৃ ধনোৱা হৰিজন ৰ লগতে তিনিটা সন্তানৰ মাতৃ শান্তি দেবী বহু দিনৰ পৰা অবৈধ বাবে প্ৰেমৰ সম্পৰ্ক চলি আছিল ।বহুদিনৰ পৰা এনেকৈ লুকাই লুকাই ভাল পাই আৰু থাকিব পৰা নাই । তাৰ কাৰণে আজি বেংকৰ পৰা নগদ ২ লাখ…
Read More

নুনমাটি আৰক্ষীৰ জালত দুই ড্ৰাগছ বেপাৰী

নুনমাটি আৰক্ষীৰ জালত দুই ড্ৰাগছ বেপাৰী ।ড্ৰাগছবেপাৰী দুজন বৈশিস্ট দাস আৰু প্ৰাঞ্জল মেধি জানিব পৰা গৈছে আজি গুৱাহাটী নুনমাটিৰ সদৌ অসম হিন্দু সুৰক্ষা সেনাৰ সংগঠনটোৰ সহযোগত আৰু নুনমাটি আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসান্ত বৰাৰ নেতৃত্বতঅভিযান চলাই আটক কৰে দুই ড্ৰাগছ বেপাৰী ।ড্ৰাগছ বেপাৰী দুজনে বহুত দিনৰ পৰা উক্ত অঞ্চলটোত ড্ৰাগছ সৰবৰাহ কৰি আছিল।ধৃত ড্ৰাগছ বেপাৰী দুজন ক্ৰমে বৈশিস্ট দাস আৰু প্ৰাঞ্জল মেধি। ড্ৰাগছ বেপাৰী দুজনৰ পৰা বুজন পৰিমানৰ ড্ৰাগছৰ টোপলা ,গাঞ্জা কন্টইনাৰআৰু এখন Scorpio গাড়ী জব্দ কৰে।বৰ্তমান ড্ৰাগছ বেপাৰীদুজন নুনমাটি আৰক্ষীৰ জিম্মাত আছে। ড্ৰাগছ খিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১০লাখ টকা হব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ পাইছে।
Read More

শিৱসাগৰত চাঞ্চল্যকৰ গুলি চালনাৰ ঘটনা

শিৱসাগৰত চাঞ্চল্যকৰ গুলি চালনাৰ ঘটনা ৷শিৱসাগৰ চহৰৰ মাজমজিয়াৰ ধাই আলিত সংঘটিত এই গুলিচালনাৰ ঘটনা ৷ধাই আলিৰ মচজিদৰ কাষৰ মুহিবুল হুছেইন পথৰ ইমৰাণ হুছেইনৰ ভাড়া ঘৰত ফুটিল গুলি ৷অজ্ঞাত ব্যক্তিয়ে গুলি চালনা কৰা সন্দেহ কৰিছে ৰাইজে।৷বিকত শব্দৰে টিন ফুটি কোঠাৰ ভিতৰত পৰিল গুলি ৷গুলি ফুটাৰ সময়ত গৃহটোত ইমৰাণৰ পত্নী আৰু এগৰাকী বান্ধৱী আছিল ৷গুলি চালনাত কোনো লোক আহত হোৱা নাই বুলি জানিব পৰা গৈছে।যাৰ ফলত ইতিমধ্যে অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি হৈছে।ঘটনাস্থলীত উদ্ধাৰ হৈছে কাৰ্টিজ ৷বৰ্তমানলৈকেও উপস্থিত হোৱা নাই আৰক্ষী ৷
Read More