07
Feb
অভয়াপুৰীত চলিছে ভূ-মাফিয়াৰ দপদপনি , অবৈধ ভাৱে মাটি খনন কৰি চলাইছে ৰমৰমীয়া ব্যৱসায় , কুম্ভকৰ্ণৰ নিদ্ৰাত অভয়াপুৰী বন বিভাগ ইয়াকে লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷ বঙাইগাঁও জিলাৰ অভয়াপুৰী আঞ্চলিক বন বিষয়া কাৰ্যালয় অন্তৰ্গত লতিবাৰী,ডুমেৰগুৰী,সন্তোষপুৰ,লেংটিচিঙাআমগুৰি, আদিকে ধৰি বহু ঠাইত অবৈধ মাটি খনন কৰিছে একাংশ দুষ্ট চক্ৰই ।পিছে কাৰ নেতৃত্বত চলিছে এই অবৈধ বালি-মাটিৰ সৰবৰাহ?এইদৰে নদীত দিনে নিশাই মাটি খনন কৰাত শংকিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ। অভয়াপুৰী নদী সমূহত অবৈধ ভাৱে মাটি খনন কাৰ্যই ৰাইজৰ মাজত এতিয়া এক চৰ্চাৰ বিষয় হৈ পৰিছে৷ সংশ্লিষ্ট বিভাগৰ অনুমতিবিহীনভাৱে ৰাজহ ফাকি দি কেৱল ধন বল আৰু বাহু বল প্ৰয়োগ কৰি এটা দুষ্ট চক্ৰই ধাৰাবাহিকভাৱে চলাই আহিছে এনে লুণ্ঠন কাৰ্য।এইক্ষেত্ৰত…
