09
Feb
গুৰু শিষ্যৰ সম্পৰ্কত কালিমা সানিলে এগৰাকী লম্পট শিক্ষককে। পঞ্চম শ্ৰেণীৰ ১৩ বছৰীয়া ছাত্ৰীক ধৰ্ষণৰ অভিযোগ । প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় ৰাইজে।সমগ্র ৰাজ্যজুৰি বাল্য বিবাহক লৈ তোলপাৰ লাগি থকা সময়তে হেলেমৰ টকৌবাৰীত সংঘটিত হৈছে নাবালিকা ধৰ্ষণৰ ঘটনা। নিজ শিক্ষা গুৰুৱে ধৰ্ষণ কৰিলে পঞ্চম শ্ৰেণীত পঢ়ি থকা ১৩ বছৰীয়া ছাত্ৰীক।বিদ্যালয় খনৰ টেট শিক্ষক ৰমাকান্ত পাঠক নামৰ লম্পটজনে প্ৰায়েই যৌন উৎপীড়ন চলাই আহিছিল ছাত্ৰী গৰাকীক। উল্লেখ্য যে মঙ্গলবাৰে ও বিদ্যালয় ছুটিৰ পিছত অংক শিকোৱাৰ চলেৰে মাতি নি ৰান্ধি গৃহলৈ নি উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰী গৰাকীয়ে। ধৰ্ষণ কৰাৰ পাছত কোনো লোকক অৱগত কৰিলে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে ছাত্ৰী গৰাকীক। অৱশেষত…
