Dipshikha

3144 Posts

বিশ্বনাথৰ সাধাৰুত শোকাবহ পথ দুৰ্ঘটনা

বিশ্বনাথৰ সাধাৰুত শোকাবহ পথ দুৰ্ঘটনা। স্কুটি আৰু মাৰুটি ব্ৰেজাৰ মাজত মুখামুখি সংঘৰ্ষত থিতাতে নিহত এগৰাকী মহিলা। নিহত মহিলা গৰাকী জামুগুৰি হাটৰ তলকাবাৰী গাঁওৰ পলি হাজৰিকা বুলি চিনাক্ত কৰিছে। জামুগুৰি হাটৰ পৰা বিশ্বনাথ চাৰিআলিলৈ আত্মীয়ৰ ঘৰলৈ আলহী খাবলৈ আহোঁতে সংঘটিত হয় দুৰ্ঘটনাতো । ঘটনাস্থলীত বিশ্বনাথ চাৰিআলি আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
Read More

নাৰী সমাজক লৈ আজমলৰ কূ মন্তব্যৰ প্রতিবাদত,লাহৰিঘাটৰ গৰৈমাৰীত আজমলৰ প্রতিকৃতি দাহ।

নাৰী সমাজক লৈ আজমলৰ কূ মন্তব্যৰ প্রতিবাদত,লাহৰিঘাটৰ গৰৈমাৰীত আজমলৰ প্রতিকৃতি দাহ।মৰিগাঁও জিলাৰ লাহৰিঘাট থানাৰ,বৰছলা আৰক্ষী নিবেশৰ অন্তৰ্গত গৰৈমাৰী চাৰিআলিত যোৱা সন্ধিয়া 07:00 বজাত লাহৰিঘাট যুৱ কংগ্ৰেছৰ উদ্যোগত বহুতো স্থানীয় ৰাইজৰ উপস্থিতিত,কিছুদিন পূর্বে ধুবুৰীৰ সাংসদ মৌলানা বদৰ উদ্দিন আজমলে নাৰী সমাজক লৈ কৰা কূ মন্তব্যৰ প্রতিবাদত আজমলৰ প্রতিকৃতি দাহ কৰে।উক্ত প্রতিবাদ স্থলিত উপস্থিত থাকে লাহৰিঘাট যুৱ কংগ্ৰেছৰ সভাপতি আবু হানিফ ডাঙৰীয়া আৰু উপ সভাপতি নেকিবুৰ ৰহমান লগতে উপস্থিত থাকে বৰছলা গাঁও পঞ্চায়তৰ সভাপতি আবু হানিফ ডাঙৰীয়া আৰু বহুতো স্থানীয় ৰাইজ।আজমলে ভৱিষ্যতে নাৰী সমাজক লৈ এনে মন্তব্যৰ পৰা যাতে বিৰত থাকে তাৰ বাবে সকিয়াই দিয়ে।আজমল মূর্দাবাদ ,আজমল গৌ বেক আদি ধ্বনীৰে প্রতিবাদ…
Read More

বন্যহস্তীৰ পিছত এতিয়া বাঘৰ আতংকই বিৰাজ কৰিছে নগাওঁ জিলাৰ চামগুৰিৰ বৰদল অঞ্চলত।

বন্যহস্তীৰ পিছত এতিয়া বাঘৰ আতংকই বিৰাজ কৰিছে নগাওঁ জিলাৰ চামগুৰিৰ বৰদল অঞ্চলত। দীৰ্ঘদিন ধৰি বৰদলৰ মিকিৰগাঁৱত এটা বাঘে গঞাঁ ৰাইজৰ কেইবাটাও পোহনীয়া গাহৰি-ছাগলী মাৰি তীব্ৰ আতংক চলাই অহাৰ পিছত যোৱা বৃহস্পতিবাৰে পথাৰত কাম কৰি থকাৰ অৱস্থাত বাঘটোৱে গাওঁ খনৰে নৰসিং ওৰাং আৰু ডেনিয়েল হ'ৰ্ নামৰ দুজন লোকক অতৰ্কিতে আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰাত চিকিৎসাধীন হ'ব লগীয়া হয় লোক দুজন। এই ভয়ংকৰ ঘটনাক কেন্দ্ৰ কৰি গঞাঁ ৰাইজৰ মাজত পুনৰ বাঘৰ আতংক বৃদ্ধি পোৱাত বন বিভাগেও বৰদলবাসীক সুৰক্ষা প্ৰদানৰ বাবে দিনে-নিশাই অঞ্চলটোত তহল দিয়া পৰিলক্ষিত হৈছে। কিন্তু তাৰ মাজতে বাঘটোৱে পুনৰ দুই-এক পশুধনক আক্ৰমণ কৰাৰ প্ৰমাণ প্ৰত্যক্ষ কৰি শেহতীয়াকৈ বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ…
Read More

অবৈধ মাটি খননৰ বিৰুদ্ধে নগৰবেৰাত নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ে অব্যাহত ৰাখিছে অভিযান

অবৈধ মাটি খননৰ বিৰুদ্ধে নগৰবেৰাত নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ে অব্যাহত ৰাখিছে অভিযান অবৈধ মাটি খননৰ বিৰুদ্ধে নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ে দিনে-নিশাই অব্যাহত ৰাখিছে অভিযান। বন বিভাগে বৃহৎ সফলতা লাভ কৰিছে এই অভিযানত। নগৰবেৰাত নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়টোৰ বিষয়া- কৰ্মচাৰী আৰু অবৈধ মাটি খননকাৰীৰ মাজত যেন এক প্ৰকাৰৰ অঘোষিত প্ৰতিযোগিতাহে চলি আছে। দিনে-নিশাই অভিযান অব্যাহত থকাৰ ফলত কিছু পৰিমাণে হলেও অবৈধ মাটি খনন বন্ধ কৰিবলৈ সক্ষম হৈছে নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ে। শনিবাৰে দিনৰ ভাগত কাৰ্যালয়টোৰ এটি দলে বকোৰ মাকেলি গাঁওৰ পৰা অবৈধ মাটি খনন কৰা এখন জেচিবি জব্দ কৰিবলৈ সক্ষম হয়। ঘটনাস্থলীত বনকৰ্মীৰ বাহন দেখা পাই জেচিবি খনৰ মালিক…
Read More

ৰূপহীহাটৰ এখন আৰক্ষী চকী বছৰৰ পিছত বছৰ ধৰি পৰি আছে পৰিত্যক্ত অৱস্থাত

১৯৮৩ চনতে স্থাপিত এখন আৰক্ষী চকী, আৰু এই আৰক্ষী চকীখন আছে নগাওঁ জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত নামপানীগাঁৱত। আৰক্ষী চকীখন বছৰৰ পিছত বছৰ ধৰি পৰি আছিল পৰিত্যক্ত অৱস্থাত। আৰক্ষী চকীখন স্থাপিত হোৱাৰ পাছত মাত্ৰ চকীখনত কেইবছৰমানহে চলিছিল আৰক্ষীৰ কাম-কাজ। পুৰণিগুদামৰ একাংশ গাঁৱক সামৰি লোৱা এই নামপানীগাওঁ আৰক্ষী চকীখন বৰ্তমান পুনৰ সজীৱ কৰি তোলাৰ বাবে তৎপৰ হৈ পৰা দেখা পোৱা গ'ল ৰাজ্যৰ আৰক্ষী বিভাগ।
Read More

বাক্সাৰ মুছলপুৰত মন্ত্ৰী ইউ জি ব্ৰহ্মৰ আজমলক গৰিহনা

বাক্সাৰ মুছলপুৰত মন্ত্ৰী ইউ জি ব্ৰহ্মৰ আজমলক গৰিহনা মুখ্যমন্ত্ৰী সম্পৰ্কত তীৰ্জক মন্তব্য কৰা এ আই ইউ ডি এফৰ সভাপতি বদৰউদ্দিন আজমল গৰিহনাৰ যোগ্য । বাল্য বিবাহ সমৰ্থনত আজমলে দিয়া মন্তব্য লজ্জাজনক ।বাক্সা জিলাৰ মুছলপুৰত কৃষি বিভাগৰ সজুলি বিতৰন অনুস্থানত উপস্থিত থাকি এই মন্তব্য কৰে অসম চৰকাৰৰ মন্ত্ৰী ইউ জি ব্ৰহ্মই । এ আই ইউ ডি এফৰ সভাপতি বদৰউদ্দিন আজমলে মুখ্যমন্ত্ৰীৰ ওপৰত যি মন্তব্য কৰিছে সেয়া দুৰ্ভাগ্য জনক বুলি উল্লেখ কৰে মন্ত্ৰী ইউ জি ব্ৰহ্মই । তেও লগতে ইছলাম ধৰ্মীয় লোকে বাল্য বিবাহ কৰাৰ সমৰ্থনত দিয়া মন্তব্য আজিৰ সভ্য সমাজৰ কাৰনে লজ্জাজনক বুলি কয় মন্ত্ৰী গৰাকীয়ে । আজি বাক্সা জিলাৰ সদৰ…
Read More

সাংসদ নৱ কুমাৰ শৰণীয়াৰ প্ৰতিক্ৰিয়া আজমলৰ বিৰুদ্ধে

সাংসদ নৱ কুমাৰ শৰণীয়াৰ প্ৰতিক্ৰিয়া ধুবুৰী লোকসভাৰ সাংসদ তথা মৌলানা বদৰুদ্দিন আজমলে ধৰ্ম আৰু মহিলাক লৈ যি বিতৰ্কিত তথা অশালীন আৰু সাম্প্ৰদায়িক মন্তব্য আগবঢ়াই ৰাইজৰ মাজত যি সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰি আছে, সেয়া অতিশয় দুৰ্ভাগ্যজনক বুলি সাংসদ নৱ কুমাৰ শৰণীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰে। এনে অশালীন মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে সাংসদ নৱ কুমাৰ শৰণীয়া। অনতিপলমে আজমলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লবলৈ চৰকাৰ তথা আইন-প্ৰশাসনক অনুৰোধ জনাই।
Read More

সাৱধান! বিশুদ্ধ খোৱা পানীৰ নামত বজাৰত বিক্ৰী হৈছে বৰবিহ।

সাৱধান! বিশুদ্ধ খোৱা পানীৰ নামত বজাৰত বিক্ৰী হৈছে বৰবিহ। ৰূপহীহাটৰ শালপাৰাৰ এখন দোকানত বিনাদ্বিধাই বিক্ৰী কৰি আহিছে বিজানুযুক্ত পানীৰ বটল। এজন গ্ৰাহকে দুটা পানীৰ বটল ক্ৰয় কৰোঁতেই ওলাল জোলোঙাৰ মেকুৰী। একুৱা নিয়ৰ কোম্পানীটোৱে পেকেজিং পানীৰ বটলত শেলাই যুক্ত পানী ভৰাই বিশুদ্ধ খোৱা পানীৰ নামত বৰবিহ খোৱাই অহাৰ তথ্য পোহৰলৈ আহিল গ্ৰাহকজনে ক্ৰয় কৰা পানী বটল দুটাৰ পৰা। মিনাৰেল ৱাটাৰ খাবলৈ গৈ অপৰিষ্কাৰ,শেলাই যুক্ত লেতেৰা পানী দেখি হতভম্ব হৈ পৰিল গ্ৰাহকজনৰ লগতে স্থানীয় ৰাইজ। জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা একুৱা নিয়ৰ কোম্পানীয়ে বজাৰত মুকলি কৰি দিয়া এনেধৰণৰ বৰবিহ সদৃশ পানীৰ বটল সমূহক লৈ ক্ষোভ ব্যক্ত কৰিলে গ্ৰাহকজনৰ সৈতে একাংশ‌ই।
Read More

বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ।আটক ড্ৰাগছসহ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী।বটদ্ৰৱা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ধূপগুৰিৰ পৰা আটক কৰে ড্ৰাগছ ব্যৱসায়ীটোক।বটদ্ৰৱা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সম্প্ৰীতি হাজৰিকাৰ নেতৃত্বত ধিং থানাৰ অন্তৰ্গত ধূপগুৰিত চলাইছিল অভিযান।অভিযানত ধূপগুৰিৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আশ্বিকুল ইছলামক আটক কৰিবলৈ সক্ষম হয়।ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা ৪গ্ৰাম ড্ৰাগছৰ লগতে নগদ ধন,মবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ইতিমধ্যে কুখ্যাত ড্ৰাগছ ব্যৱসায়ীটোক বটদ্ৰৱা আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।
Read More

বদৰুদ্দিন আজমলে সাম্প্ৰদায়িক মন্তব্যক লৈ সমগ্ৰ ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়া

বদৰুদ্দিন আজমলে সাম্প্ৰদায়িক মন্তব্যক লৈ সমগ্ৰ ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক ৰাতুল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়......মুখ্য মন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ লগত আজমলৰ এক গভীৰ বন্ধুত্বৰ সম্পৰ্ক আছে নেকি?বিজেপি আৰু AIUDF একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি।মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি সৎ সাহস আছে বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰক।বদৰুদ্দিন আজমলে হিন্দু সমাজ খনক অপমান কৰিছে!গুজৰাটৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে ৰাজনৈতিক সমীকৰণৰ ক্ষেত্ৰত আজমলক ব‍্যৱহাৰ কৰিছে নেকি ?এনে ধৰণৰ বহু প্ৰশ্ন উত্থাপিত হৈছে সচেতন মহলত।
Read More