24
Jun
এক্সপৰ্ট-ইম্পৰ্ট বেংক অৱ ইণ্ডিয়া (ইণ্ডিয়া এক্সিম বেংক)-এ পূৰ্বানুমান কৰিছে যে ২০২৯-৩০ বৰ্ষৰ ভিতৰত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল(এনইআৰ)ৰ পৰা হোৱা ৰপ্তানি ৯২৯.২ মিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ১.৫ বিলিয়ন মাৰ্কিন ডলাৰ হ’বগৈ পাৰে। অৱশ্যে ইয়াৰ বাবে সমগ্ৰ অঞ্চলটোত নিৰ্দিষ্ট নীতিগত পদক্ষেপ, আন্তঃগাঁথনিৰ উন্নয়ন আৰু ৰপ্তানি বহুমুখীকৰণৰ দৰে পদক্ষেপসমূহ ৰূপায়ণ কৰিব লাগিব।সোমবাৰে গুৱাহাটীত ইণ্ডিয়া এক্সিম বেংক আৰু নৰ্থ ইষ্টাৰ্ন ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেচন লিমিটেড (নেডফি)ৰ যৌথ উদ্যোগত আয়োজিত “এমএছএমই: উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ ইঞ্জিন” শীৰ্ষক এক আলোচনা চক্ৰত এই প্ৰতিবেদনখন প্ৰকাশ কৰা হয়। ''ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহ: ৰপ্তানিৰ প্ৰেক্ষাপট আৰু নীতিগত অন্তৰ্দৃষ্টি'' শীৰ্ষক এই অধ্যয়নমূলক প্ৰতিবেদনখন নেডফি-ৰ অধ্যক্ষ পিভিএছএলএন মূৰ্তি আৰু আইআইটি গুৱাহাটী ইনকিউবেচন চেণ্টাৰৰ মুখ্য কাৰ্যবাহী বিষয়া উৰ্মি…
