27
Jun
মহিলাৰ পোছাক ব্ৰেণ্ড ক্ৰউছ জিনছ-এ গুৱাহাটীত নিজৰ প্ৰথমটো ষ্ট’ৰ মুকলি কৰি উত্তৰ-পূব ভাৰতত ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰিছে। এয়া সমগ্ৰ দেশৰ ভিতৰত কোম্পানীটোৰ ৩১ সংখ্যক এক্সক্লুছিভ ব্ৰেণ্ড আউটলেট। গুৱাহাটীৰ জি এছ ৰোডত অৱস্থিত ৰূদ্ৰাক্ষ মলত ২০ জুনত এই নতুন আউটলেটটো উদ্বোধন কৰা হয়। ৫৫০ বৰ্গফুট জুৰি থকা এই ষ্ট’ৰটোৰ আনুষ্ঠানিক শুভাৰম্ভণি উপলক্ষে গ্ৰাহকসকলৰ বাবে এটা বিশেষ প্ৰচাৰমূলক অফাৰ আগবঢ়োৱা হৈছে— নিৰ্বাচিত কিছুমান ডিজাইন বা ষ্টাইলৰ কাপোৰত দুটা বা তাতকৈ অধিক কিনিলে ৪০% ৰেহাই লাভ কৰিব। এই ষ্ট’ৰত ক্ৰউছ জিনছৰ কেইবাটাও জনপ্ৰিয় কালেকচন উপলব্ধ হ’ব, যাৰ ভিতৰত আছে ছুপাৰ ৱাইড লেগ, ষ্ট্ৰেইট ফিট, ৱাইড লেগ ডেনিম, লিনেন কালেকচন আৰু বেবী টিজ। মহিলাৰ ডেনিম-কেন্দ্ৰিক…
