পিচিঅ’এছ বা পিএমঅ’এছ(পূৰ্বতে পিচিঅ"এছ নামেৰে জনাজাত) আৰু এণ্ড’মেট্ৰিঅ’চিছ। এইবোৰ অতি সাধাৰণ, বহুলভাৱে
চৰ্চিত আৰু গুৰুত্বপূৰ্ণ। অৱশ্যে, গৰ্ভধাৰণত প্ৰভাৱ পেলাব পৰা স্বাস্থ্যজনিত সমস্যা কেৱল এই দুটাই নহয়। বহু
দম্পতীৰ ক্ষেত্ৰত, গৰ্ভধাৰণত পলম হোৱাৰ কাৰণ এনে কিছুমান সমস্যা হ’ব পাৰে যিবোৰ অতি কম স্পষ্ট, যাৰ লক্ষণ
অতি কম দেখা যায় আৰু যিবোৰ হয়তো এটা প্ৰাথমিক প্ৰজনন পৰীক্ষাত ধৰা নপৰিবও পাৰে।
থাইৰয়ডৰ বিজুতি
গুৱাহাটীৰ বিৰলা ফাৰ্টিলিটি এণ্ড আইভিএফৰ প্ৰজনন বিশেষজ্ঞা ডাঃ কল্পনা জৈনে ব্যাখ্যা কৰিছে যে হৰমনৰ
ভাৰসাম্য ৰক্ষা কৰাত থাইৰয়ড গ্ৰন্থিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যেতিয়া থাইৰয়ডৰ কাৰ্যক্ষমতা হ্ৰাস
পায়, আনকি মৃদুভাৱে হ’লেও, ই অভুলেচন(ডিম্বস্ফোটন), ঋতুচক্ৰৰ গতি আৰু ভ্ৰূণ সংস্থাপনত প্ৰভাৱ পেলাব পাৰে।
কিছুমান মহিলাৰ ঋতুচক্ৰ নিয়মীয়া হ’ব পাৰে, তথাপিও থাইৰয়ডৰ মাত্ৰা এনেকুৱা হ’ব পাৰে যি প্ৰজননৰ দৃষ্টিকোণৰ পৰা
অধিক মনোযোগ দিয়াৰ প্ৰয়োজন। থাইৰয়ড এণ্টিবডীও প্ৰাসংগিক হ’ব পাৰে, বিশেষকৈ গৰ্ভধাৰণত পলম হোৱা, বাৰম্বাৰ
গৰ্ভপাত হোৱা বা প্ৰজনন চিকিৎসা ব্যৰ্থ হোৱা মহিলাসকলৰ ক্ষেত্ৰত এনে দেখা যায়। এই বাবেই চিকিৎসকসকলে
কেৱল এটা প্ৰাথমিক থাইৰয়ডৰ মানৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে থাইৰয়ডৰ অধিক বিতং মূল্যায়নৰ পৰামৰ্শ দিব
পাৰে।
ক্ৰনিক এণ্ড’মেট্ৰিটিছ
ক্ৰনিক এণ্ড’মেট্ৰিটিছ হৈছে জৰায়ুৰ আৱৰণৰ এক দীৰ্ঘদিনীয়া, মৃদু প্ৰদাহ। ই এণ্ড’মেট্ৰিঅ’চিছতকৈ পৃথক আৰু প্ৰায়ে
ইয়াৰ কোনো স্পষ্ট লক্ষণ দেখা পোৱা নাযায়। এগৰাকী মহিলাৰ বিষ, জ্বৰ বা অস্বাভাৱিক স্ৰাৱ নহ’বও পাৰে, তথাপিও
জৰায়ুৰ আৱৰণখন ভ্ৰূণ এটা সঠিকভাৱে সংস্থাপন হ’বলৈ পৰ্যাপ্ত পৰিমাণে গ্ৰহণযোগ্য নহ’বও পাৰে। বাৰে বাৰে ভ্ৰূণ
সংস্থাপন ব্যৰ্থ হোৱা বা বাৰম্বাৰ গৰ্ভপাত হোৱা মহিলাসকলৰ ক্ষেত্ৰত কেতিয়াবা ই দেখা যায়। যেতিয়া
চিকিৎসাগতভাৱে প্ৰয়োজন হয়, ইয়াক বিশেষ পৰীক্ষাৰ জৰিয়তে মূল্যায়ন কৰিব পাৰি আৰু এবাৰ ধৰা পৰিলে প্ৰায়ে
লক্ষ্যভিত্তিক চিকিৎসাৰ সহায়ত নিয়ন্ত্ৰণ কৰিব পাৰি।
পিচিঅ’এছ অবিহনে ইনচুলিন প্ৰতিৰোধক ক্ষমতা
ইনচুলিন প্ৰতিৰোধক ক্ষমতা সাধাৰণতে পিচিঅ’এছ বা মেদবহুলতাৰ সৈতে জড়িত, কিন্তু স্বাভাৱিক শৰীৰৰ ওজন থকা
মহিলাৰ ক্ষেত্ৰতো ই থাকিব পাৰে। ভাৰতীয় মহিলাসকলৰ ক্ষেত্ৰত এইটো বিশেষভাৱে প্ৰাসংগিক, য’ত বিপাকীয়
বিপদাশংকা সদায় কেৱল শৰীৰৰ আকাৰৰ পৰা দৃশ্যমান নহ’বও পাৰে। ইনচুলিন প্ৰতিৰোধক ক্ষমতাই ফলিকলৰ বিকাশ,
ডিম্বাণুৰ গুণগত মান আৰু প্ৰজনন চিকিৎসাৰ সময়ত সঁহাৰিপ্ৰদানত প্ৰভাৱ পেলাব পাৰে। গতিকে এটা স্বাভাৱিক
বিএমআই থকাৰ বাবেই বিপাকীয় মূল্যায়নৰ প্ৰয়োজনীয়তাক স্বয়ংক্ৰিয়ভাৱে নাকচ কৰিব নোৱাৰি, বিশেষকৈ যদিহে
গৰ্ভধাৰণত পলম হয় বা পৰিয়ালত ডায়েবেটিছৰ ইতিহাস থাকে।
জৰায়ুৰ গাঁথনিগত উদ্বেগ
ফাইব্ৰইড, পলিপ, জৰায়ুৰ পৰ্দা বা এডহেছন আদি কেতিয়াবা স্কেনৰ সময়ত ধৰা পৰিব পাৰে আৰু যদিহে সেইবোৰ সৰু হয়,
তেন্তে গুৰুত্বহীন বুলি গণ্য কৰা হ’ব পাৰে। কিন্তু প্ৰজনন বা সন্তান জন্মদানৰ ক্ষেত্ৰত, ইয়াৰ আকাৰতকৈ অৱস্থানহে
অধিক গুৰুত্বপূৰ্ণ হ’ব পাৰে। জৰায়ুৰ গহ্বৰক প্ৰভাৱিত কৰা এটা সৰু পলিপ বা ফাইব্ৰইডেও ভ্ৰূণ সংস্থাপনত বাধা দিব
পাৰে, আনহাতে জৰায়ুৰ গহ্বৰৰ বাহিৰত থকা এটা ডাঙৰ ফাইব্ৰইডৰ হয়তো তেনে কোনো প্ৰভাৱ নাথাকিবও পাৰে।
প্ৰজনন-কেন্দ্ৰিক ইমেজিং বা স্কেনসমূহে চিকিৎসকসকলক জৰায়ুৰ আৱৰণ বা গহ্বৰটো প্ৰভাৱিত হৈছে নে নাই,
সেইটো বুজাত সহায় কৰে।
এটা সম্পূৰ্ণ প্ৰজনন মূল্যায়নত কেৱল আটাইতকৈ চিনাকি নামবোৰৰ বাহিৰেও চোৱা উচিত। পিচিঅ’এছ আৰু
এণ্ড’মেট্ৰিঅ’চিছৰ প্ৰতি মনোযোগ দিয়াৰ প্ৰয়োজন আছে, কিন্তু থাইৰয়ডৰ বিজুতি, ক্ৰনিক এণ্ড’মেট্ৰিটিছ, ইনচুলিন
প্ৰতিৰোধক ক্ষমতা আৰু জৰায়ুৰ গাথঁনিগত সমস্যাইও প্ৰজনন ক্ষমতাত প্ৰভাৱ পেলাব পাৰে। সঠিক সময়ত মূল্যায়ন
কৰিলে এই পৰিস্থিতিসমূহ প্ৰায়ে চিনাক্ত আৰু নিয়ন্ত্ৰণ কৰিব পৰা যায়। গৰ্ভধাৰণৰ বাবে চেষ্টা কৰি থকা
দম্পতীসকলৰ বাবে, সাধাৰণ প্ৰাথমিক ৰিপ’ৰ্টৰ অৰ্থ সদায় এইটো নহয় যে প্ৰজনন ক্ষমতাৰ সৈতে জড়িত প্ৰতিটো
কাৰক বাদ দিয়া হৈছে। যেতিয়া গৰ্ভধাৰণত প্ৰত্যাশিততকৈ অধিক সময় লাগে, তেতিয়া গভীৰভাৱে অন্বেষণ কৰিলে এনে
পৰিস্থিতিসমূহ চিনাক্ত কৰাত সহায় কৰিব পাৰে যিবোৰে হয়তো নীৰৱে ফলাফলত প্ৰভাৱ পেলাইছে।
