16
Nov
গুৱাহাটী মহানগৰীৰ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি গুৱাহাটী পৌৰ নিগমে আজিৰে পৰা ১০০ দিনীয়া এক অভিযান আৰম্ভ কৰিছে। মহানগৰীৰ গান্ধী মণ্ডপত আজি পুৱা এই ১০০ দিনীয়া পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ শুভাৰম্ভ কৰা হয়। ১০০ দিনীয়া অভিযানৰ প্ৰথমটো কাৰ্যসূচী হিচাপে সাংসদ বিজুলী কলিতা মেধি, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, পৌৰ নিগমৰ পাৰিষদসকল আৰু পৌৰ নিগমৰ বিষয়-ববীয়া আৰু কৰ্মচাৰীসকল আজি পুৱা হাতে হাতে ঝাড়ু লৈ গান্ধী মণ্ডপ চৌহদটো পৰিষ্কাৰ কৰে।আজিৰে পৰা আৰম্ভ হোৱা এই পৰিস্কাৰ অভিযানৰ সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই সংবাদ মাধ্যমৰ আগত কয় যে অহা বছৰৰ ২৩ ফেব্ৰুৱাৰীলৈ চলিব লগা এই ১০০ দিনীয়া পৰিস্কাৰ অভিযানৰ জৰিয়তে পৰিষ্কাৰ-পৰিচ্ছন্নতা, পথ,…
