Barnali Ghosh

59 Posts
মালিগাঁৱৰ মিঠা আমতলত ঘৰৰ ভিতৰত নাহৰফুটুকী বাঘৰ পোৱালি উদ্ধাৰ, ৰাজ্যিক চিৰিয়াখানাত পৰ্যবেক্ষণ

মালিগাঁৱৰ মিঠা আমতলত ঘৰৰ ভিতৰত নাহৰফুটুকী বাঘৰ পোৱালি উদ্ধাৰ, ৰাজ্যিক চিৰিয়াখানাত পৰ্যবেক্ষণ

মহানগৰীৰ মালিগাওঁ আৰক্ষী চকীৰ অন্তৰ্গত আদিংগিৰি পাহাৰৰ মিঠা আমতলত  শুকুৰবাৰে দুপৰীয়া এঘৰ লোকৰ ঘৰৰ ভিতৰত এটা  নাহৰফুটকী বাঘৰ পোৱালি উদ্ধাৰ কৰা ঘটনাই স্বাভাৱিকতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে বিগত কিছুদিন ধৰি অঞ্চলটোত মাজে সময়ে চুচুক চামাক কৈ দেখা পোৱা গৈছিল  নাহৰফুটুকী বাঘৰ পোৱালি। তাৰ মাজতে আজি দুপৰীয়া অঞ্চলটোৰ এজন লোকৰ  বাসগৃহৰ ভিতৰত এটা চুকত  লুকাই থকা অৱস্থাত নাহৰফুটুকীৰ পোৱালি এটা দেখা পোৱাৰ পাছত স্থানীয় লোকে  বন বিভাগৰ গুৱাহাটী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত খবৰ দিয়ে। তাৰ পাছত বন বিভাগৰ লগতে অসম ৰাজ্যিক চিৰিয়াখানাৰ এটা বনকৰ্মীৰ দল মিঠা আমতলত উপস্থিত হৈ অক্ষত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় নাহৰফুটুকীৰ পোৱালিটো…
Read More
কাজিৰঙাৰ দুৰ্ঘটনাৰ পিছত গুৱাহাটীত যান-বাহন শাখাৰ অভিযান, জি এছ ৰোডৰ এবিচিত ডিচিপি জয়ন্ত সাৰথি বৰাৰ নেতৃত্বত তালাচী

কাজিৰঙাৰ দুৰ্ঘটনাৰ পিছত গুৱাহাটীত যান-বাহন শাখাৰ অভিযান, জি এছ ৰোডৰ এবিচিত ডিচিপি জয়ন্ত সাৰথি বৰাৰ নেতৃত্বত তালাচী

কাজিৰঙাৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছতে গুৱাহাটী মহানগৰীতো আৰক্ষী, প্ৰশাসন সষ্টম হৈ পৰিছে। আজি মহানগৰীৰ জি এছ ৰোডৰ এবিচিত পৰিবহণ বিভাগ আৰু যান-বাহন আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই হেলমেট পৰিধান নকৰা, চিট বেল্ট নমৰাকে ধৰি যান-বাহন আইন উলংঘা কৰা গাড়ীৰ চালকক জৰিমনা বিহে। যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই পুৱাৰ ভাগৰ পৰা এবিচি পইন্টত উপস্থিত থাকি যান-বাহনৰ তালাচী অভিযান তদাৰক কৰে। উপ আৰক্ষী আয়ুক্ত বৰাই সংবাদ মাধ্যমৰ আগত কয় যে এনে তালাচী চলোৱা বা জৰিমনা বিহাৰ উদ্দেশ্য ৰাজহ সংগ্ৰহ নহয়। প্ৰকৃততে ৰাইজে যাতে যান-বাহন আইনৰ সন্দৰ্ভত সজাগ হয় তাৰবাবেহে এনে তালাচী অভিযান চলোৱা হৈছে বুলি উপ আৰক্ষী আয়ুক্ত গৰাকীয়ে সদৰী…
Read More
শ্যামাপ্ৰসাদ মুখাৰ্জী উৰণ সেতুত ভয়ংকৰ দুৰ্ঘটনা

শ্যামাপ্ৰসাদ মুখাৰ্জী উৰণ সেতুত ভয়ংকৰ দুৰ্ঘটনা

এজনৰ থিতাতে মৃত্যু গুৱাহাটী মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা  মহানগৰীৰ আৰ্য নগৰৰ শ্যামাপ্ৰসাদ মুখাৰ্জী উৰণ সেতুত  শণিবাৰে পুৱাই সংঘটিত হৈছে এই দুৰ্ঘটনা । এখন বেলেনো বাহনে মহটিয়াই নিলে অটোৰিক্সা। সুৰাসক্ত চালকৰ অতপালিত নিঃশেষ এটা পৰিয়ালৰ সপোন ।ভয়ংকৰ দুৰ্ঘটনাটোত নিহত অটো চালক তপন কলিতা। বৰ্তমান GMCH ৰ মৰ্গত আছে তপন কলিতাৰ নশ্বৰদেহ। অটোখনৰ আৰোহী গীতাঞ্জলী নামৰ মহিলাগৰাকীকো GMCH ত ভৰ্তি। সুৰাসক্ত অৱস্থাত আছিল বেলেনোখনৰ চালক ললিত ৰায়।
Read More
বিশ্ব শিশু দিৱসত নীলা পোহৰত জিলিকিল অসম আৰক্ষীৰ কাৰ্যালয়, ‘গ’ ব্লু’ অভিযানত অংশগ্ৰহণ

বিশ্ব শিশু দিৱসত নীলা পোহৰত জিলিকিল অসম আৰক্ষীৰ কাৰ্যালয়, ‘গ’ ব্লু’ অভিযানত অংশগ্ৰহণ

শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে বিশ্বজুৰি গ্ৰহণ কৰা প্ৰতীকী পদক্ষেপ "গ' ব্লু (Go blue)" অভিযানৰ সৈতে সংগতি ৰাখি আজি ২০ নৱেম্বৰ, বিশ্ব শিশু দিৱস উপলক্ষে অসম আৰক্ষীৰ বিভিন্ন কাৰ্যালয় নীলাভ আলোকৰে আলোকিত কৰা হয়। প্ৰতি বছৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ঐতিহাসিক স্থান তথা স্মাৰকসমূহ নীলা পোহৰেৰে সজাই তোলাৰ জৰিয়তে শিশুৰ অধিকাৰৰ প্ৰতি একতা আৰু সহমৰ্মিতা প্ৰকাশ কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি আজি উলুবাৰীস্থিত আৰক্ষী মুখ্য কাৰ্যালয়ৰ লগতে গুৱাহাটী আৰক্ষী আয়ুক্তালয়, ৰাজ্যৰ সকলো জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু থানাসমূহ নীলা আলোকসজ্জাৰে উজলাই তোলা হয়।শিশুৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত আৰক্ষী ব্যৱস্থাৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। শিশুসকলৰ প্ৰতি সংবেদনশীল আৰু বন্ধুত্বসুলভ দৃষ্টিভংগী গ্ৰহণ কৰি শিশু…
Read More
হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ সমীপত আৱিষ্কাৰ হৈছে এবিধ নতুন ক্ষুদ্ৰ মথ প্ৰজাতি

হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ সমীপত আৱিষ্কাৰ হৈছে এবিধ নতুন ক্ষুদ্ৰ মথ প্ৰজাতি

অসমৰ প্ৰাকৃতিক সম্পদে পুনৰ এবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰিছে। প্ৰকৃতিপ্ৰেমীসকলৰ বাবে এক আনন্দৰ খবৰ । হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ সমীপত আৱিষ্কাৰ হৈছে এবিধ নতুন ক্ষুদ্ৰ মথ প্ৰজাতি। এই কথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত উল্লেখ কৰিছে। তেওঁ লিখিছে𝑮𝒍𝒚𝒑𝒉𝒊𝒑𝒕𝒆𝒓𝒊𝒙 𝒃𝒓𝒆𝒗𝒊𝒎𝒖𝒄𝒓𝒐𝒏𝒂𝒕𝒂 নামেৰে নামকৰণ কৰা এই নতুন প্ৰজাতিটোৰ আৱিষ্কাৰে প্ৰায় এটা শতিকাৰ পাছত ভাৰতত প্ৰথমবাৰৰ বাবে ছেজ মথ (Sedge Moth) পৰিয়ালৰ নতুন সংযোজন ঘটালে। এই আৱিষ্কাৰে পুনৰ প্ৰমাণ কৰিলে যে অসমৰ চহকী প্ৰাকৃতিক পৰিৱেশত এতিয়াও বহু বিস্ময়কৰ ৰহস্য আৰু জীৱবৈচিত্ৰ্য আৱিষ্কাৰৰ অপেক্ষাত আছে।"
Read More
Done. Here is your final combined post ready to publish – Assamese + English headlines together:

Done. Here is your final combined post ready to publish – Assamese + English headlines together:

অসমীয়া কপি: শিৰোনাম: ৰেচিডেন্সি নোহোৱালৈকে বিবাহ পিছুৱাওক: AMCHৰ পৰামৰ্শক লৈ বিতৰ্ক অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ (AMCH) জেনেৰেল মেডিচিন বিভাগে জাৰি কৰা এক পৰামৰ্শই বিতৰ্কৰ সৃষ্টি কৰিছে। বিভাগটোৱে স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থীসকলক ৰেচিডেন্সি সম্পূৰ্ণ নোহোৱালৈকে বিবাহকে ধৰি ব্যক্তিগত জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত পিছুৱাই দিবলৈ পৰামৰ্শ দিছে। কাৰ্যালয়ৰ নিৰ্দেশত কোৱা হৈছে যে প্ৰশিক্ষাৰ্থীসকলে ৰেচিডেন্সিৰ সময়ছোৱাত ক্লিনিকেল দায়িত্ব, ৰোগীৰ সেৱা আৰু শৈক্ষিক দায়িত্বত গুৰুত্ব দিব লাগে। প্ৰশিক্ষাৰ্থীসকলে এই পৰামৰ্শ ইতিবাচকভাৱে মানি চলিব বুলি আশা কৰা হৈছে। এই নিৰ্দেশৰ পাছতে ফেডাৰেচন অৱ অল ইণ্ডিয়া মেডিকেল এছ'চিয়েচনে (FAIMA) তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সংগঠনটোৱে আবাসী চিকিৎসকৰ ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰাটো অনুচিত বুলি মন্তব্য কৰে। ছ'চিয়েল মিডিয়াত FAIMA-এ ব্যংগ…
Read More
হাতীগাঁও চাৰিআলিত দুৰ্ঘটনাত পতিত বৰষা ৰাণী বিষয়াৰ বাহন, পুৱতি নিশা ৩ বজাত সংঘটিত ঘটনা

হাতীগাঁও চাৰিআলিত দুৰ্ঘটনাত পতিত বৰষা ৰাণী বিষয়াৰ বাহন, পুৱতি নিশা ৩ বজাত সংঘটিত ঘটনা

অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ বাহন দুৰ্ঘটনাগ্ৰস্থ।পুৱতি নিশা ৩ মান বজাত সংঘটিত হয় এই দুর্ঘটনা।মহানগৰীৰ হাতীগড় চাৰিয়ালিত সংঘটিত হয় এই দুর্ঘটনা।দুর্ঘটনাৰ সময়ত বাহনৰ ভিতৰত স্বামী আৰু সন্তানৰ সৈতে আছিল বৰষাৰাণী বিষয়াসৌভাগ্য ক্ৰমে ৰক্ষা পৰে অভিনেত্ৰী গৰাকীৰ লগতে পৰিয়ালটো।জানিব পৰা মতে জু-তিনিআলি ফালৰ পৰা গীতানগৰ অভিমুখে আহি আছিল AS-01-GU-0073 নম্বৰৰ XUV বাহন খন। চালকে চলাই অহা বাহন খনে হঠাৎ পথৰ দ্বিভাইডাৰত খুন্দা মাৰে।ইয়াৰ ফলতে সংঘটিত হয় দুর্ঘটনাটোসম্প্ৰতি বাহন খন গীতানগৰ থানাত আছে
Read More
নাৰীৰ বৌদ্ধিক উত্থানৰ ঐতিহাসিক প্ৰেক্ষাপটৰ ব্যাখ্যা সঞ্জীৱ কুমাৰ ফুকনৰ

নাৰীৰ বৌদ্ধিক উত্থানৰ ঐতিহাসিক প্ৰেক্ষাপটৰ ব্যাখ্যা সঞ্জীৱ কুমাৰ ফুকনৰ

কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনখন গুৱাহাটীৰ উলুবাৰীস্থিত এছ বি ডেওৰা মহাবিদ্যালয়ত অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলনৰে অধিবেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলাৰ সভানেত্রী দৰ্পণা বৰা নেওগে । সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক পদ্মশ্ৰী ডঃ শীলা বৰঠাকুৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট শিক্ষাবিদ , গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ লীলাৱতী শইকীয়া বৰা আৰু উপদেষ্টা জীৱন মাধুৰী নেওগে । স্মৃতি তৰ্পণ কৰে বিশিষ্ট কবি , অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ মঞ্জু দেৱী পেগু আৰু বিশিষ্ট লেখিকা অধ্যাপিকা ডঃ জয়শ্ৰী বৰাই। সভানেত্রী দৰ্পণা বৰা নেওগৰ সভাপতিত্বত দিনৰ ১০ বজাৰ পৰা আৰম্ভ হোৱা সভাখন উদ্বোধন কৰে কামৰূপ জিলা লেখিকা…
Read More
তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত ৰাজ্যিক পৰ্যায়ত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত ৰাজ্যিক পৰ্যায়ত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

তথ্য আৰু জনসংযোগ সঞ্চালকালয়, অসমৰ উদ্যোগত আজি দিছপুৰস্থিত লোক নিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত ৰাজ্যিক পৰ্যায়ত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়।অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জলসম্পদ আৰু ন্যায়িক বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁইয়ে কয় যে, সমাজৰ উত্তৰণত সাংবাদিকসকলৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব আছে। বিশ্লেষণাত্মক আৰু দায়িত্বশীল সাংবাদিকতাই অগ্ৰাধিকাৰ লাভ কৰিলে সমাজৰ সকলো শ্ৰেণীৰ লোক উপকৃত হ'ব পাৰিব। ভৱিষ্যতৰ সাংবাদিকতা অধিক প্ৰত্যাহ্বানমূলক হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে সাংবাদিকসকলে নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিলে সমাজৰ হকে ইতিবাচক ভূমিকা গ্ৰহণ কৰিব পাৰিব। তেওঁ লগতে সফলতাৰ কাহিনীসমূহ জনসাধাৰণৰ মাজলৈ উলিয়াই অনাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।অনুষ্ঠানত এই বছৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মূল…
Read More