09
Nov
অসম চৰকাৰৰ পাৰ্চনেল বিভাগে ৰাজ্যপাল প্ৰদত্ত এক নিৰ্দেশ যোগে অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ সচিব দেৱজিৎ দাসক ৭ নৱেম্বৰত লোক নিৰ্মাণ বিভাগৰ ( পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ ) আয়ুক্ত আৰু বিশেষ সচিব পদলৈ পদোন্নতি দিছে। পাৰ্চনেল বিভাগৰ সচিব সীমান্ত কুমাৰ দাস স্বাক্ষৰিত নিৰ্দেশটোত দেৱজিৎ দাসে নতুন পদত যোগদান কৰাৰ পাছৰে পৰা এই নিৰ্দেশ কাৰ্যকৰী হব বুলি উল্লেখ কৰা হৈছে। উল্লেখ্য যে এসময়ৰ মেধাৱী ছাত্ৰ হিচাপে পৰিচিত দেৱজিৎ দাসে তেতিয়াৰ গড়কাপ্তানী তথা বৰ্তমানৰ লোক নিৰ্মাণ বিভাগত ১৯৯৬ চনত সহকাৰী অভিযন্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰি নিজৰ যোগ্যতা , দক্ষতা আৰু অভিজ্ঞতাৰ ভিত্তিত মুখ্য অভিযন্তা হিচাপে পদোন্নতি লাভ কৰাৰ পাছত পৰৱৰ্তী সময়ত…
