হাৰ্দিক পাণ্ডিয়াৰ বিনিময়ত মুম্বাই ইণ্ডিয়ানছলৈ ট্ৰেড অৰ্শদীপ সিং

​ ২০১৯ চনৰ পৰা পঞ্জাব কিংছৰ সৈতে জড়িত হৈ থকা ভাৰতীয় পেচ বলাৰ অৰ্শদীপ সিং এইবাৰ নতুন জাৰ্চিত দেখা পোৱা যাব। অহা ১৬ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া আই পি এল ২০২৭ৰ নিলামৰ পূৰ্বে বাওঁহতীয়া পেচাৰগৰাকীক হাৰ্দিক পাণ্ডিয়াৰ বিনিময়ত মুম্বাই ইণ্ডিয়ানছলৈ ট্ৰেড কৰা হৈছে।২০১৮ চনৰ অনূৰ্ধ্ব-১৯ বিশ্বকাপত ভাৰতীয় দলৰ হৈ খিতাপ জয় কৰাৰ পাছত অৰ্শদীপ দুয়োফালে বল ছুইং কৰিব পৰা এজন দক্ষ বাওঁহতীয়া বলাৰ হিচাপে চৰ্চালৈ আহে। যথেষ্ট গতিবেগেৰে বল কৰিব পৰা এইগৰাকী খেলুৱৈক আই পি এল ২০১৯ৰ পূৰ্বে পঞ্জাব কিংছে তেওঁৰ মূল দাম ২০ লাখ টকাত ক্ৰয় কৰিছিল।

অৱশ্যে সেই ছিজনত তেওঁ মাত্ৰ তিনিখন মেচহে খেলিবলৈ সুযোগ পাইছিল। ২০২০ চনৰ ছিজনত আঠখন মেচৰ পৰা নটা উইকেট দখল কৰাৰ পাছত ২০২১ চনটো অৰ্শদীপৰ বাবে এক স্মৰণীয় ছিজন হিচাপে পৰিগণিত হয়। সেই ছিজনত তেওঁ ১২খন মেচৰ পৰা ১৮টা উইকেট দখল কৰাৰ লগতে আই পি এল কেৰিয়াৰৰ প্ৰথমটো আৰু একমাত্ৰ পাঁচটা উইকেটৰ সাফল্য অৰ্জন কৰে। ইয়াৰ পৰৱৰ্তী তিনিটা ছিজনত তেওঁ ক্ৰমে ১০, ১৭ আৰু ১৯টা উইকেট দখল কৰে।

২০২৫ চনৰ মেগা নিলামত পঞ্জাব কিংছে আৰ টি এম বিকল্প ব্যৱহাৰ কৰি ১৮ কোটি টকাৰ বৃহৎ মূল্যত অৰ্শদীপক পুনৰ দলত অন্তৰ্ভুক্ত কৰিছিল। অৰ্শদীপৰ আই পি এল কেৰিয়াৰৰ শ্ৰেষ্ঠ ছিজন আছিল ২০২৫। সেই বছৰ তেওঁ ১৭খন মেচত ২৪.৬৬ গড়ে আৰু ৮.৮৮ ইক’নমি ৰেটত মুঠ ২১টা উইকেট দখল কৰিছিল। অৱশ্যে চলিত বৰ্ষত তেওঁৰ প্ৰদৰ্শন কিছু স্তিমিত হয় আৰু ৩৮.৬৪ গড়ে ১৪টা উইকেটহে লাভ কৰিবলৈ সক্ষম হয়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *