দেশৰ ৰাজধানী দিল্লীত পুনৰ খহি পৰিল অট্টালিকা

দেশৰ ৰাজধানী দিল্লীত পুনৰ খহি পৰিল অট্টালিকা ৷ দিল্লীৰ সীমাপুৰীৰ ঈদগাহ মাছ বজাৰৰ সমীপত থকা এটা পাঁচ মহলীয়া অট্টালিকা বুধবাৰে ভাঙি পৰে। ইয়াৰ ফলত অঞ্চলটোত আতংকৰ সৃষ্টি হয় ।খবৰ অনুসৰি একাংশ লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে। ততাতৈয়াকৈ আহতসকলক ৰাজীৱ গান্ধী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু বৰ্তমান তেওঁলোক চিকিৎসাধীন হৈ আছে । ইয়াৰে এটি শিশুৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । তাৰোপৰি ৪জন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে।বিয়লি প্ৰায় ৩-১৫ বজাত অট্টালিকাটো ভাঙি পৰাৰ বিষয়ে অগ্নিনিৰ্বাপক বাহিনীয়ে খবৰ লাভ কৰিছিল । লগে লগে ঘটনাস্থলীত দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ লগতে ঘটনাস্থলীত উপস্থিত হয় দিল্লী আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *