প্ৰাকৃতিক গেছৰ সন্ধানত এক ঐতিহাসিক সাফল্য অৰ্জন কৰিবলৈ সক্ষম হ’ল দেশৰ আগশাৰীৰ চৰকাৰী শক্তি প্ৰতিষ্ঠান অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেশ্যন চমুকৈ অ’এনজিচিয়ে।
ওড়িশা উপকূলৰ পৰা প্ৰায় ৪৩ কিলোমিটাৰ দূৰত মহানদী অৱবাহিকাৰ গভীৰ জলৰাশিত চলোৱা খননত সন্ধান লাভ হৈছে এক প্ৰাকৃতিক গেছৰ বিশাল ভাণ্ডাৰৰ। যোৱা ১৮ ছেপ্টেম্বৰত সাগৰ পৃষ্ঠৰ প্ৰায় ১,৪৫০ মিটাৰ গভীৰতাত অৱস্থিত এটা কূপত এই গেছৰ উপস্থিতি নিশ্চিত কৰে প্ৰতিষ্ঠানটোৱে।
অ’এনজিচিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা তিনিটা দিন ধৰি উক্ত কূপটোৰ পৰা নিৰন্তৰ আৰু উৎসাহজনক চাপেৰে প্ৰাকৃতিক গেছ নিৰ্গমন হৈ আছে। অৱশ্যে প্ৰতিষ্ঠানটোৱে এতিয়ালৈকে গেছ প্ৰবাহৰ নিৰ্দিষ্ট মাত্ৰা বা আনুমানিক মজুতৰ পৰিমাণ ৰাজহুৱা কৰা নাই। পৰৱৰ্তী পৰীক্ষা-নিৰীক্ষাৰ পাছতহে কিমান পৰিমাণৰ গেছ বাণিজ্যিকভাৱে উৎপাদন কৰিব পৰা যাব, সেই কথা স্পষ্ট হ’ব।
সামাজিক মাধ্যম এক্সযোগে প্ৰতিষ্ঠানটোৱে কয় যে হাইড্ৰ’কাৰ্বনৰ সন্ধানত অ’এনজিচিয়ে আগন্তুক দিনতো গভীৰ আৰু অতি-গভীৰ সমুদ্ৰ অঞ্চলসমূহত এনে অন্বেষণ অব্যাহত ৰাখিব।
উল্লেখ্য যে ২০২৪ চনত একেটা মহানদী অৱবাহিকাতে অ’এনজিচিয়ে উৎকল আৰু কোণাৰ্ক নামৰ দুটা গেছ ক্ষেত্ৰ আৱিষ্কাৰ কৰিছিল। সেই সফলতাৰ দুবছৰৰ পাছত কোণাৰ্কৰ পৰা প্ৰায় ২৩ নটিকেল মাইল দূৰত্বত আৰু ৭৭০ মিটাৰ গভীৰ পানীত এমডিডব্লিউ-২৮ নামৰ এই নতুন কূপটোত খনন কাৰ্য চলাই এইবাৰ নতুন ভাণ্ডাৰৰ সন্ধান লাভ কৰে।
কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে এই আৱিষ্কাৰক দেশৰ সাগৰীয় অন্বেষণ অভিযানৰ বাবে এক ডাঙৰ মাইলৰ খুঁটি বুলি অভিহিত কৰে। মন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে, এই নতুন আৱিষ্কাৰে ২০২৫ চনৰ পিএনজি বিধিৰ অধীনত উমৈহতীয়া আন্তঃগাঁথনি ব্যৱহাৰ কৰি ক্লাষ্টাৰ বিকাশৰ পথ প্ৰশস্ত কৰিব, যাৰ ফলত প্ৰকল্পৰ ব্যয় আৰু সময় বহু পৰিমাণে ৰাহি হ’ব।
স্মৰ্তব্য যে ভাৰত চৰকাৰে অনুমোদন জনোৱা ৮৪,০৮৪ কোটি টকীয়া অভিলাষী ‘সমুদ্ৰ মন্থন’ প্ৰকল্পৰ অধীনত যোৱা ২৫ জুলাইৰ পৰা এই কূপটোত খনন আৰম্ভ হৈছিল। হাইড্ৰ’কাৰ্বন মহানিৰ্দেশকালয়ৰ তথ্য মতে, মহানদী অৱবাহিকাৰ উপকূলীয় অঞ্চলত প্ৰায় ৪৫ নিযুত টন আৰু অগভীৰ পানীত ১০০ নিযুত টন সম্পদ মজুত থকাৰ সম্ভাৱনা আছে।
বিদেশৰ পৰা শক্তি আমদানিৰ বাবদ হোৱা বিপুল খৰচ হ্ৰাস কৰি দেশীয় উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই বৃহৎ পদক্ষেপে দেশৰ শক্তি সুৰক্ষাক অধিক আত্মনিৰ্ভৰশীল কৰি তুলিব বুলি আশা প্ৰকাশ কৰা হৈছে।
