নেপালৰ জলপ্ৰলয়ৰ আঁৰৰ কাৰণ কি?

নেপালৰ জলপ্ৰলয়ে ইতিমধ্যে তচনচ কৰিছে সকলোবোৰ। এক হাঁহাকাৰ পৰিস্থিতিৰ মাজত দিন পাৰ কৰিছে নেপালবাসীয়ে। শেহতীয়াকৈ পোহৰলৈ আহিছে যে, তিব্বত সীমান্তৰ সমীপত হিমবাহ স্খলন (Ice-rock avalanche) বা হিমবাহৰ হ্ৰদ বিস্ফোৰণৰ (GLOF) ফলত নদীৰ পানীৰ স্তৰ মাত্ৰ ৩০ মিনিটৰ ভিতৰত ৯ মিটাৰ পৰ্যন্ত বৃদ্ধি পাইছিল। আৰু এই প্ৰলয়ে ৰচুৱা, নুৱাকোট আৰু ধাডিং জিলা ধ্বংস নিমিষতে কৰি পেলায়।নেপালৰ জলপ্ৰলয়ৰ আঁৰৰ কাৰণ কি? ২০২৫চনতো আহিছিল এনে এক মহাপ্লাৱন। এই বানত কমেও ৯জন লোকৰ মৃত্যু আৰু ১৯জন লোক সন্ধানহীন হৈছিল। কিন্তু তাৰ পিছতো এই বিষয়টোক লৈ নাছিল কোনো সজাগতা। যাৰ ফল ভুগিলে আজি নেপালে। বিপৰ্যয়ৰ সময়ৰ আশে-পাশে অঞ্চলটোত ৪.৪ প্ৰাবল্যৰ ভূমিকম্প ৰেকৰ্ড হৈছিল। ভূমিকম্পৰ জোকাৰণিৰ ফলত হিমবাহৰ বৰফ আৰু শিলৰ ধল নামিছিল নেকি, সেই বিষয়টোও বিজ্ঞানীসকলে পৰীক্ষা কৰি আছে। অৱশ্যে, ভূমিকম্পৰ ফলতে হিমবাহ ভাঙিছিল বুলি এতিয়ালৈকে নিশ্চিত হোৱা নাই।পূৰ্বেও বহু সময়ত তিব্বত-নেপাল সীমান্তত হোৱা ভূকম্পন বা পাহাৰৰ পৰা ডাঙৰ বৰফখণ্ড/হিমবাহ খহি পানীৰ উচ্চতা হঠাতে বৃদ্ধি পাই এনে ঘটনা ঘটিছিল। কিন্তু ইয়াৰ প্ৰকোপ ইমান বিধ্বংসী নাছিল।এই প্ৰলয়ত ভাৰতৰ ৩০০ৰো অধিক লোক এতিয়াও সন্ধানহীন হৈ আছে।চৰকাৰী তথ্য মতে, সকলোবোৰ মিলাই প্ৰায় ৮০০লোক সন্ধানহীন হৈ আছে। ১৬২গৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে। কিন্তু স্থানীয় লোকে সংবাদমাধ্যমৰ আগত সদৰি কৰা অনুসৰি, সন্ধানহীনৰ সংখ্যা ১৫হাজাৰৰো কম নহ’ব। চৰকাৰী হিচাপ আৰু দেখি থকা পৰিস্থিতিতকৈ নেপালত বহু বেছি ধ্বংস হৈছে বুলি সদৰি কৰিছে স্থানীয় লোকসকলে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *