প্ৰতি দিনেই দীঘলীয়া হৈছে বানৰ মৃত্যুমিছিল! উজনি অসমত সৃষ্ট প্ৰলয়ংকাৰী বান পৰিস্থিতি বহু অংশত উন্নতিলৈ আহিলেও এতিয়াও অন্ত পৰা নাই বানে নমাই অনা বিভীষিকাৰ। পানী আঁতৰাৰ লগে লগে বিভিন্ন প্ৰান্তত পোহৰলৈ আহিছে নতুন নতুন মৃত্যুৰ ঘটনা। শেহতীয়াকৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সদৰি কৰা তথ্য অনুসৰি, এইবাৰৰ বানত নিহতৰ সংখ্যা ৮২ জনলৈ বৃদ্ধি পাইছে।
প্ৰাধিকৰণে জানিবলৈ দিয়া মতে, শিৱসাগৰৰ নাজিৰা ৰাজহ চক্ৰ আৰু চৰাইদেউৰ সোণাৰিত শেহতীয়াকৈ দুজন লোকৰ মৃত্যু হৈছে। বৰ্তমানলৈ বানৰ ফলত কোনো লোক নিৰুদ্দেশ হৈ থকাৰ তথ্য পোৱা হোৱা নাই।
বৰ্তমান শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাট আৰু নগাঁও- এই পাঁচখন জিলাৰ ১৭টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৩৭৯খন গাঁও এতিয়াও বানৰ কৱলত আছে।
সদৰি কৰা অনুসৰি, ৰাজ্যত বৰ্তমান ১ লাখ ৯২ হাজাৰ ৭৯৯ জন লোক বানৰ দ্বাৰা প্ৰভাৱিত। ইয়াৰে আটাইতকৈ বেছি ৭৭ হাজাৰ ৪৫৬ জন লোক চৰাইদেউ জিলাত, শিৱসাগৰত ৬৩ হাজাৰ ৪৯২ জন আৰু যোৰহাটত ৩৪ হাজাৰ ৬৭ জন লোক প্ৰভাৱিত হৈছে।
অৱশ্যে পূৰ্বদিনৰ তুলনাত বান পৰিস্থিতিৰ কিছু উন্নতি হৈছে। বৃহস্পতিবাৰে ৰাজ্যৰ আঠখন জিলাত দুই লাখতকৈ অধিক লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল।
বৰ্তমান ৫৪টা সাহায্য শিবিৰত ১২ হাজাৰ ৯৯৪ জন বন্যাৰ্থীয়ে আশ্ৰয় লৈ আছে। আনহাতে ২৬টা সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে ৫ হাজাৰ ৩৮৪ জন লোকক সাহায্য আগবঢ়োৱা হৈছে।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে উল্লেখ কৰা মতে, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ) আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ)কে ধৰি বিভিন্ন সংস্থাই উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে।
প্ৰাধিকৰণে সদৰি কৰা অনুসৰি, এতিয়াও প্ৰায় ১৫ হাজাৰ ৪৩০ হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। ইয়াৰ উপৰি বহু অঞ্চলত ঘৰ-বাৰী, পথ-দলং আৰু আন আন্তঃগাঁথনিও বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।
