ভাৰতীয় ক্ৰিকেট দলৰ অভিজ্ঞ বেটাৰ তথা প্ৰাক্তন উপ-অধিনায়ক অজিংক্য ৰাহানে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ৰাহানে এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰে। মুম্বাই ক্ৰিকেট সংস্থাৰ সভাপতি অজিংক্য নাইকে ৰাহানেৰ এই সিদ্ধান্তৰ পিছত কয় যে অজিংক্য ৰাহানেৰ অৱসৰে ভাৰতীয় ক্ৰিকেটৰ এটা চমকপ্ৰদ অধ্যায়ৰ সামৰণি মাৰিলে। তেওঁৰ একাগ্ৰতা আৰু ধৈৰ্য্যই মুম্বাই ক্ৰিকেটক সদায় গৌৰৱান্বিত কৰি ৰাখিব।
অৱসৰৰ বাৰ্তাত ৰাহানে কয়-ক্ৰিকেটত মই সদায় সময় বা ‘টাইমিং’ৰ গুৰুত্ব বুজি পাইছোঁ। আজি মোৰ অনুভৱ হৈছে যে ক্ৰিকেটক বিদায় জনোৱাৰ এইটোৱেই সঠিক সময়। ডোম্বিৱলীৰ পৰা আৰম্ভ হোৱা মোৰ এই যাত্ৰাত মই সদায় দেশ আৰু দলক প্ৰথম স্থান দিছিলোঁ। তেওঁ ক্ৰিকেট অনুৰাগী, বি চি চি আই, মুম্বাই ক্ৰিকেট সংস্থা, সতীৰ্থ খেলুৱৈ আৰু পৰিয়ালক ধন্যৱাদ জ্ঞাপন কৰে।
খেলুৱৈ হিচাপে অৱসৰ ল’লেও ভৱিষ্যতে নতুন প্ৰজন্মৰ ক্ৰিকেটাৰসকলক সহায় কৰি ক্ৰিকেটৰ সৈতে জড়িত হৈ থকাৰ কথা তেওঁ ব্যক্ত কৰে। ভাৰতৰ হৈ ৰাহানে ৮৫ খন টেষ্ট, ৯০ খন এদিনীয়া আৰু ২০ খন টি-২০ মেচত অংশগ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও তেওঁ আই পি এলত ২১২ খন মেচ খেলে। ক্ৰিকেট প্ৰেমীৰ হৃদয়ত স্থান পোৱা ২৭৮ নম্বৰ টেষ্ট কেপ পৰহিত ৰাহানে ক্ৰিকেট পথাৰৰ পৰা বিদায় মাগিলে।
