মাজুলীত কিশোৰী ধৰ্ষণৰ চাঞ্চল্যকৰ ঘটনা; দুই নাবালকসহ ৬ অভিযুক্তক গ্ৰেপ্তাৰ

সমাজত নৈতিক স্খলন আৰু কিশোৰীৰ সুৰক্ষাক লৈ তীব্ৰ উদ্বেগ সৃষ্টি হোৱাৰ মাজতে মাজুলীত পোহৰলৈ আহিছে এক চৰম লজ্জাজনক ঘটনা। জিলাখনত এগৰাকী ১২ বছৰীয়া কিশোৰীক দীৰ্ঘদিন ধৰি ধাৰাবাহিকভাৱে ধৰ্ষণ কৰাৰ অভিযোগত আৰক্ষীয়ে সোমবাৰে দুই নাবালকসহ মুঠ ৬ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ধৰ্ষণৰ ফলত বৰ্তমান ৬ মাহৰো অধিক সময়ৰ অন্তঃসত্ত্বা হৈ পৰিছে ভুক্তভোগী কিশোৰীগৰাকী।

ভুক্তভোগী পৰিয়ালৰ লোকে ১ জুনত গড়মূৰ থানাত দাখিল কৰা এক এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এই ক্ষিপ্ৰ কাৰ্যপন্থা গ্ৰহণ কৰে। আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পোৱা অনুসৰি, কিশোৰীগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ অভিযুক্তসকলে বিভিন্ন সময়ত তেওঁৰ ওপৰত এই পাশৱিক অত্যাচাৰ চলাইছিল। এই জঘন্য কাণ্ডৰ বিষয়ে কাৰোবাৰ আগত মুখ খোলিলে কিশোৰীগৰাকীক প্ৰাণে মাৰিব বুলিও ধাৰাবাহিকভাৱে ভাবুকি প্ৰদান কৰা হৈছিল। শেহতীয়াকৈ কিশোৰীগৰাকীৰ শাৰীৰিক পৰিৱৰ্তন প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোক সজাগ হয় আৰু সমগ্ৰ বিষয়টো পোহৰলৈ আহে। চিকিত্সাজনিত পৰীক্ষাৰ পৰা জানিব পৰা মতে, মাত্ৰ ১১ বছৰ বয়সৰ পৰাই কিশোৰীগৰাকী এই যৌন নিৰ্যাতনৰ বলি হৈ আহিছিল।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৪ জন প্ৰাপ্তবয়স্ক অভিযুক্তক ক্ৰমে খগেন দলে (৫৯), ধৰ্মকান্ত পেগু (৫০), যোগেন দলে (৫২) আৰু নাথুৰাম দলে (৩২) বুলি চিনাক্ত কৰা হৈছে। ইয়াৰ উপৰিও ঘটনাৰ সৈতে জড়িত আন দুজন নাবালক অভিযুক্তৰ বিৰুদ্ধে কিশোৰ ন্যায় আইনৰ অধীনত যাৱতীয় আইনী পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এই সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ অপৰাধমূলক ষড়যন্ত্ৰ, ধৰ্ষণ আৰু প্ৰাণে মৰাৰ ভাবুকি সম্পৰ্কীয় ধাৰাৰ লগতে শিশুৰ যৌন অপৰাধ প্ৰতিৰোধ আইন চমুকৈ পক্স’ আইনৰ ৬ নম্বৰ ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰিছে। সোমবাৰে চাৰিওজন প্ৰাপ্তবয়স্ক অভিযুক্তক স্থানীয় আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে আটাই কেইজনক দুদিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। বৰ্তমান ভুক্তভোগী কিশোৰীগৰাকীক চৰকাৰী আশ্ৰয় গৃহলৈ স্থানান্তৰ কৰা হৈছে আৰু তাত তেওঁক প্ৰয়োজনীয় চিকিৎসা তথা মানসিক পৰামৰ্শ প্ৰদান কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *