ধনী অধিক ধনী হোৱাৰ বিপৰীতে মূল্যবৃদ্ধিৰ বোজাত পিষ্ট সাধাৰণ জনতাঃ নতুন অৰ্থনৈতিক নীতিৰ দাবী গৌৰৱ গগৈৰ

দেশত নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ নীতিসমূহক তীব্ৰ সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে। সোমবাৰে যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মহাপুৰুষ মাধৱদেৱৰ তিথি উপলক্ষে উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত তেওঁ মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীক অগ্ৰাধিকাৰ দিয়া এক নতুন অৰ্থনৈতিক নীতি প্ৰণয়নৰ দাবী উত্থাপন কৰে।

বৰ্তমানৰ পৰিস্থিতিক এক ‘অৰ্থনৈতিক সংকট’ বুলি অভিহিত কৰি গগৈয়ে কয় যে যেতিয়া মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীয়ে চৰকাৰৰ পৰা সকাহ পাব লাগিছিল, তেনে সময়ত একাংশ পুঁজিপতি আৰু ঠিকাদাৰ গোষ্ঠী অধিক চহকী হৈ পৰিছে। কেৱল খাদ্য-সামগ্ৰী বা ইন্ধনৰ মূল্যবৃদ্ধিয়েই নহয়, বৰ্তমান উচ্চ শিক্ষাৰ ক্ষেত্ৰতো নামভৰ্তি আৰু হোষ্টেলৰ মাচুল অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হোৱা বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে।

ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ প্ৰসংগ উত্থাপন কৰি কংগ্ৰেছ সভাপতিগৰাকীয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰে। ৰেচন কাৰ্ড ধাৰীসকলৰ বাবে ৰাজসাহায্য যুক্ত দাইল আৰু চেনিৰ যোগান বন্ধ কৰি দিয়া কাৰ্যই বিধানসভা নিৰ্বাচনৰ সময়ত শাসনাধিস্থ দলে দিয়া প্ৰতিশ্ৰুতিক সম্পূৰ্ণ ভেঙুচালি কৰা বুলি তেওঁ গুৰুতৰ অভিযোগ তোলে।

ইফালে, শেহতীয়াভাৱে ৰাজ্যত চৰকাৰী বিষয়াৰ দুৰ্নীতি আৰু গ্ৰেপ্তাৰৰ ঘটনাক লৈও তেওঁ তীক্ষ্ণ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। গগৈৰ মতে, কোনো এগৰাকী চৰকাৰী বিষয়াই ৰাজনৈতিক সুৰক্ষা অবিহনে এনে দুৰ্নীতি কৰিব নোৱাৰে। দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক গ্ৰেপ্তাৰ কৰা হৈছে যদিও তেওঁলোকৰ আঁৰত থকা মূল ৰাজনৈতিক শক্তি বা আশ্ৰয়দাতাসকল আজিও সম্পূৰ্ণ সুৰক্ষিত হৈ থকা বুলি তেওঁ চাঞ্চল্যকৰ দাবী কৰে। এনে ৰাজনৈতিক পৃষ্ঠপোষকতা অব্যাহত থাকিলে অসমৰ প্ৰগতি আৰু উন্নয়ন বহু পিছপৰি ৰ’ব বুলিও তেওঁ সঁকিয়াই দিয়ে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *