হত্যাকাৰীয়ে শাস্তি নোপোৱালৈকে ক্ষান্ত নহও : সমুজ্জ্বল ভট্টাচাৰ্য

নলবাৰীৰ  নৃশংস হত্যা কাণ্ডৰ ঘটনাই জোকাৰিছে ৰাজ্য ।‌নলবাৰীৰ গংগাপুৰ অঞ্চলত আছু কৰ্মীক হানি খুচি হত্যা কৰাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, ” মাধুৰ্য্য বৰ্মনক হানি খুচি হত্যা কৰাটো এটা অতি মৰ্মান্তিক ঘটনা । আমাৰ প্ৰচণ্ড, খং ক্ষোভ আছো। ককায়েকে ভনিয়েকক এইখন অসমত লৈ যাব নোৱাৰে, ইয়াত জনসাধাৰণৰ নিৰাপত্তা নোহোৱা হৈছে । ক’ত গ’ল, চৰকাৰ, প্ৰশাসন, স্মাৰ্ট আৰক্ষী । দোষীয়ে কঠোৰতম শাস্তি পাবই লাগিব । হত্যাকাৰীয়ে শাস্তি নোপোৱালৈকে ক্ষান্ত নহও।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *