তামিলনাডুৰ জোলাৰপেট্টাইত অসমৰ যুৱকৰ মৃতদেহ উদ্ধাৰ; চলন্ত ৰে’লত হত্যাৰ সন্দেহ পৰিয়ালৰ

কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ পুনৰ ৰহস্যজনক মৃত্যুক সাৱটিবলগীয়া হ’ল আন এজন অসমীয়া যুৱকে। তামিলনাডুৰ জোলাৰপেট্টাইজংচনৰ সমীপত সোমবাৰে অসমৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মৃত যুৱকজনক মৰিয়নীৰ লাহিং নৈ সিপৰীয়া গাঁৱৰ বাসিন্দা ৰিপন চুতীয়া বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

জানিব পৰা মতে, নিজৰ কৰ্মস্থলী বেংগালুৰুলৈ ৰে’লেৰে যাত্ৰা কৰি আছিল ৰিপন চুতীয়াই। কিন্তু সেই সময়তে ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে যুৱকজনক। ইয়াৰ পিছতে তামিলনাডুৰ ৰে’লপথৰ কাষত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়।

যুৱকজনক চলন্ত ৰে’লৰ ভিতৰতে কোনো দুষ্কৃতিকাৰীয়ে পৰিকল্পিতভাৱে হত্যা কৰি পেলাই থৈ যোৱাৰ গুৰুতৰ সন্দেহ প্ৰকাশ কৰিছে শোকাকুল পৰিয়ালবৰ্গই। ঘটনা সন্দৰ্ভত স্থানীয় ৰেল আৰক্ষীয়ে ইতিমধ্যে এক গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

ইফালে যুৱকজনৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতে এতিয়া মৰিয়নীত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *