সংঘ প্ৰধান মোহন ভাগৱতৰ হোজাই ভ্ৰমণক কেন্দ্ৰ কৰি ব্যাপক কৌতূহল; কেবিনেট সম্প্ৰসাৰণক লৈ তীব্ৰ ৰাজনৈতিক তৎপৰতা

আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ হোজাই ভ্ৰমণক কেন্দ্ৰ কৰি বৰ্তমান সমগ্ৰ জিলাখনতে তীব্ৰ ৰাজনৈতিক তৎপৰতা অব্যাহত আছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বীগৰাকীৰ এই তিনিদিনীয়া ভ্ৰমণসূচীৰ পাছতে এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে ব্যাপক কৌতূহলৰ। সংঘ পৰিয়ালৰ জ্যেষ্ঠ বিষয়াসকলৰ উপৰিও ৰাজ্যৰ কেইবাগৰাকীও জ্যেষ্ঠ ৰাজনৈতিক নেতা আৰু মন্ত্ৰীৰ সৈতে সৰসংঘচালকগৰাকীৰ বৈঠক অনুষ্ঠিত হোৱাৰ খবৰে বিশেষ চৰ্চা লাভ কৰিছে।

ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে, অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি, চৰকাৰৰ সাম্ভাৱ্য কেবিনেট সম্প্ৰসাৰণ আৰু ভৱিষ্যতৰ ৰণনীতি সম্পৰ্কে এই গুৰুত্বপূৰ্ণ বৈঠকত বিস্তৃত আলোচনা চলিছে। কেবিনেট সম্প্ৰসাৰণক লৈ হোজাইতে এনে গুৰুত্বপূৰ্ণ মন্থন হোৱাৰ পৰিপ্ৰেক্ষিতত স্থানীয় নৱ-নিৰ্বাচিত বিধায়ক শিলাদিত্য দেৱক ৰাজ্যিক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনাক লৈ এতিয়া আশাবাদী হৈ পৰিছে তেওঁৰ সমৰ্থকসকল।

উল্লেখ্য যে, গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা জেড-প্লাছ নিৰাপত্তা বেষ্টনীৰ মাজত এক বিশাল কনভয় লৈ বুধবাৰে নিশা হোজাইৰ গীতা আশ্ৰম চৌহদত উপস্থিত হয় ভাগৱত। তেওঁৰ আগমনৰ পূৰ্বেই প্ৰশাসনে সমগ্ৰ গীতা আশ্ৰম এলেকাটো এক উচ্চ নিৰাপত্তাবেষ্টিত মণ্ডললৈ ৰূপান্তৰিত কৰে। সৰসংঘচালকগৰাকীয়ে উপস্থিত হোৱাৰ পিছতে সমবেত হোৱা আৰ এছ এছ আৰু সংঘ পৰিয়ালৰ কৰ্মীসকলে তেওঁক পুষ্পবৃষ্টিৰে উষ্ম আদৰণি জনায়।

সূত্ৰৰ খবৰ অনুসৰি, গীো আশ্ৰমত চলি থকা ‘কাৰ্যকৰ্তা বিকাশ বৰ্গ–১ (দ্বিতীয় বৰ্ষ)’ প্ৰশিক্ষণ শিবিৰৰ প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মোহন ভাগৱতে এক দীঘলীয়া আলোচনাত মিলিত হয়। যোৱা ১১ মে’ৰ পৰা ১ জুনলৈ অনুষ্ঠিত হোৱা এই শিবিৰত তেওঁ আৰ এছ এছৰ আদৰ্শ, সাংগঠনিক গাঁথনি আৰু ৰাষ্ট্ৰীয় চিন্তাধাৰা সম্পৰ্কে বক্তব্য প্ৰদান কৰে। ইয়াৰ উপৰিও সংগঠনৰ কেইবাগৰাকীও জ্যেষ্ঠ কাৰ্যবাহীৰ সৈতে তেওঁ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে।

উত্তৰ অসম আৰ এছ এছৰ প্ৰচাৰ প্ৰমুখগৰাকীয়ে জানিবলৈ দিয়া মতে, সৰসংঘচালক মোহন ভাগৱতে ১৪, ১৫ আৰু ১৬ মে’ত হোজাইৰ প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকি দেওবাৰে পুৱা গুৱাহাটী হৈ নাগপুৰ অভিমুখে ৰাওনা হয়। উল্লেখনীয় যে উত্তৰ অসম, দক্ষিণ অসম, ত্ৰিপুৰা, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ মুঠ ১০৩ গৰাকী স্বয়ংসেৱকে এই ২০দিনীয়া বিশেষ প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *