যোধপুৰত দুগৰাকী ভগ্নীৰ মর্মান্তিক পৰিণতি: ধৰ্ষণকাণ্ডত ন্যায় নোপোৱাৰ অভিযোগে আৰক্ষীক ঘেৰাও ক্ষুব্ধ জনতাৰ

দলবদ্ধ ধৰ্ষণৰ বলি হোৱা বায়েকে দীৰ্ঘদিন ধৰি ন্যায় নোপোৱাৰ ক্ষোভতে অৱশেষত আত্মহত্যা কৰিলে ভনীয়েকেও। ৰাজস্থানৰ গ্ৰাম্য যোধপুৰত সংঘটিত এই মৰ্মান্তিক ঘটনাই সমগ্ৰ জিলাখনতে বৰ্তমান চৰম উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিছে। আৰক্ষীৰ নিষ্ক্ৰিয়তা আৰু গাফিলতিৰ বাবেই দুয়োগৰাকী ভগ্নীয়ে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হোৱা বুলি এতিয়া পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি, বিগত চাৰি বছৰ ধৰি মহীপাল নামৰ এজন স্থানীয় লম্পট আৰু তাৰ সহযোগীসকলে জ্যেষ্ঠ ভগ্নীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰি আহিছিল। আপত্তিজনক ভিডিঅ’ দেখুৱাই ব্লেকমেইলিং কৰাৰ লগতে তেওঁলোকে যুৱতীগৰাকীৰ পৰা ধাৰাবাহিকভাৱে ধন দাবী কৰিছিল। এই মানসিক যন্ত্ৰণা সহ্য কৰিব নোৱাৰি যোৱা ২০ মাৰ্চত ভুক্তভোগী যুৱতীগৰাকীয়ে নিজ গৃহতে আত্মহনন কৰে।

ইফালে, বায়েকৰ মৃত্যুৰ পাছত ভনীয়েকে ১১ এপ্ৰিলত ৮ জন অভিযুক্তৰ বিৰুদ্ধে নাম উল্লেখ কৰি এজাহাৰ দাখিল কৰে। কিন্তু আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ সুযোগ লৈ পাছলৈ অভিযুক্ত চক্ৰটোৱে কনিষ্ঠ ভগ্নীগৰাকীকো ধৰ্ষণ কৰে। বায়েকৰ দৰে একেই আপত্তিজনক ভিডিঅ’ ভাইৰেল কৰি দিয়াৰ ভাবুকি দি তেওঁলোকে এই জঘন্য কাণ্ড সংঘটিত কৰে। আৰক্ষীৰ ওচৰলৈ বাৰে বাৰে যোৱাৰ পাছতো ন্যায় লাভ নকৰাত অৱশেষত শুকুৰবাৰে যুৱতীগৰাকীয়ে পানীৰ টেংকীৰ ওপৰত উঠি প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পাছতে তেওঁ বিষপান কৰে আৰু চিকিৎসালয়লৈ নি থকা অৱস্থাতে মৃত্যুক সাৱটি লয়। এই ঘটনাক লৈ এতিয়া সমগ্ৰ যোধপুৰতে প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে ৰাইজে।

জিলাখনৰ ৰাজপুত সমাজে এতিয়া চিকিৎসালয়ৰ মৰ্গৰ সন্মুখত সমবেত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দোষী আৰক্ষী কৰ্মীৰ নিলম্বন আৰু অভিযুক্তৰ কঠোৰ শাস্তিৰ দাবীৰে সমগ্ৰ অঞ্চলটো উত্তাল হৈ পৰিছে। ঘটনা সন্দৰ্ভত মূল অভিযুক্ত মহীপালসহ দুজনকে বৰ্তমান আটক কৰা হৈছে বুলি যোধপুৰৰ আৰক্ষী অধীক্ষক পি ডি নিত্যই জানিবলৈ দিয়ে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *