পুনৰ বিদেশ ভ্ৰমণৰ বাবে যাব মোদী

১৫ ৰ পৰা ২০ মে’লৈ সংযুক্ত আৰৱ আমিৰশ্বাহী আৰু ইউৰোপৰ চাৰিখন দেশ নেডাৰলেণ্ড, ছুইডেন, নৰৱে’ আৰু ইটালীক ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ।১৫ ৰ পৰা ২০ মে’লৈ সংযুক্ত আৰৱ আমিৰশ্বাহী আৰু ইউৰোপৰ চাৰিখন দেশ নেডাৰলেণ্ড, ছুইডেন, নৰৱে’ আৰু ইটালীক ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । ১৫ মে’ত সংযুক্ত আৰৱ আমিৰশ্বাহীত ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক, শক্তি সহযোগিতা আৰু আঞ্চলিক বিষয়সমূহৰ ওপৰত আলোচনা কৰিব । ভাৰত আৰু সংযুক্ত আৰৱ আমিৰশ্বাহীৰ মাজত এক ব্যাপক কৌশলগত অংশীদাৰিত্ব আছে, তাত ৪৫ লাখতকৈ অধিক ভাৰতীয় লোকে বাস কৰে । তাৰ পাছতেই প্ৰধানমন্ত্ৰী উপস্থিত হ’ব নেদাৰলেণ্ডত । ইয়াত বাণিজ্য, বিনিয়োগ, সেউজ প্ৰযুক্তি আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰা তৃতীয় ভাৰত-নৰ্ডিক সন্মিলনত অংশ ল’ব প্ৰধানমন্ত্ৰীয়ে । ইউৰোপৰ চাৰিখন দেশৰ এই ভ্ৰমণৰ উদ্দেশ্য হৈছে ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তি ।’’

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *