ঘনাই সলনি হৈছে তামিলনাডুৰ ৰাজনৈতিক দৃশ্যপট। ৰাজ্যখনত ডিএমকে আৰু এআইএডিএমকেৰ আধিপত্যৰ অৱসান ঘটাই অভিনেতাৰ পৰা ৰাজনীতিক হোৱা বিজয়ে আজি মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ কথা আছিল। কিন্তু এএমএমকে দলৰ সমৰ্থনক লৈ সৃষ্টি হোৱা বিভ্ৰান্তিৰ বাবে এতিয়াও নিশ্চিত হোৱা নাই কোনে পিন্ধিব ৰাজমুকুট।
২৩৪ জনীয়া তামিলনাডু বিধানসভাত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ১১৮ খন আসনৰ। কিন্তু বিজয়ৰ দল ‘তামিলাগা ভেট্ৰি কাঝাগামে’ প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হোৱা নাই। নিজৰ ১০৮ গৰাকী আৰু কংগ্ৰেছৰ ৫ গৰাকী বিধায়কৰ সমৰ্থনত বৰ্তমান মিত্ৰজোঁটৰ হাতত আছে ১১৩ জন বিধায়ক। সংখ্যাগৰিষ্ঠতা লাভৰ বাবে এতিয়াও দলটোক ৫ খন আসনৰ প্ৰয়োজন হৈ আছে। ইয়াৰ মাজতেই এএমএমকে-ৰ সাধাৰণ সম্পাদক টিটিভি দীনকৰণে বিজয়ক সমৰ্থন কৰা নাই বুলি এখন পত্ৰ ভাইৰেল হোৱাৰ পাছতে পৰিস্থিতি জটিল হৈ পৰে। বিজয়ে ৰাজ্যপালক দাখিল কৰা সমৰ্থনৰ তালিকাত এএমএমকে-ৰ নাম থকা কাৰ্যক ভুৱা বুলি দাবী কৰে দীনকৰণে। অৱশ্যে টিভিকে-ৰ তৰফৰ পৰা এই দাবী খণ্ডন কৰি জনোৱা হৈছে যে এএমএমকে নেতা কামৰাজে ইতিমধ্যে তেওঁলোকক চৰকাৰ গঠনৰ বাবে সমৰ্থন আগবঢ়াইছে।
বৰ্তমান তামিলনাডুৰ ৰাজনীতি এক গভীৰ অনিশ্চয়তাৰ মাজেৰে গতি কৰিছে। যদিহে চি পি আই, চি পি আই-এম আৰু ভি চি কেৰ দৰে দলসমূহে বিজয়ক সমৰ্থন নিদিয়ে, তেন্তে আজিৰ শপত গ্ৰহণ অনুষ্ঠান অনিশ্চিত হৈ পৰিব। ডিএমকে আৰু এআইএডিএমকে-ৰ দৰে প্ৰধান দলসমূহে কোনো কাৰণতেই বিজয়ক সমৰ্থন নকৰাটো নিশ্চিত হোৱাৰ পাছত এতিয়া সকলোৰে চকু ৰাজভৱনৰ পৰৱৰ্তী সিদ্ধান্তৰ ওপৰত।
