অসমত দুৰ্নীতিৰ কোনো স্থান নাইঃ কংগ্ৰেছক সমালোচনাৰে নিৰ্বাচনী প্ৰচাৰ নীতিন নবীনৰ

অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণলৈ মাজত মাথোঁ পাঁচটা দিন বাকী থকা অৱস্থাত গুৱাহাটীত এতিয়া তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। শুকুৰবাৰে গীতা মন্দিৰ খেলপথাৰত অনুষ্ঠিত এক বিশাল জনসভাত অংশ লয় বিজেপিৰ ৰাষ্ট্ৰীয় নেতা নীতিন নবীনে। নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ সমৰ্থনত আয়োজিত এই বিজয় সংকল্প সভাত হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিয়ে বিজেপিৰ শক্তি প্ৰদৰ্শন কৰে।

ভাষণৰ আৰম্ভণিতে মা কামাখ্যাৰ লগতে বীৰ লাচিত বৰফুকন আৰু ড৹ ভূপেন হাজৰিকাক শ্ৰদ্ধাৰে স্মৰণ কৰে নীতিন নবীনে। অসমৰ গৌৰৱময় ইতিহাসৰ প্ৰসংগ টানি তেওঁ কয়, “এই ভূমি বীৰৰ ভূমি আৰু ইয়াত দুৰ্নীতি বা অন্যায়ৰ কোনো স্থান নাই।” ৰাইজৰ অভূতপূৰ্ব সঁহাৰি দেখি নিউ গুৱাহাটীৰ লগতে সমগ্ৰ অসমতে বিজেপিৰ জয় নিশ্চিত বুলি তেওঁ দাবী কৰে। বিৰোধী কংগ্ৰেছক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লৈ নেতাগৰাকীয়ে চৰকাৰৰ কঠোৰ স্থিতিৰ সপক্ষে যুক্তি দৰ্শায়। তেওঁ কয়, “দৰিদ্ৰৰ কল্যাণ আৰু দুৰ্নীতি নিৰ্মূল কৰাৰ ক্ষেত্ৰত যদি কঠোৰ হ’বলগীয়া হয়, তেন্তে আমি দহবাৰ কঠোৰ হ’বলৈ সাজু।” বিজেপি চৰকাৰে অনুপ্ৰৱেশকাৰীৰ কবলৰ পৰা খিলঞ্জীয়াৰ ভূমি ঘূৰাই আনি সুৰক্ষা প্ৰদান কৰা বুলিও তেওঁ ভাষণত উল্লেখ কৰে।

উন্নয়নৰ খতিয়ান দাঙি ধৰি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত দলংসমূহে গুৱাহাটীক এক বিশাল মহানগৰীলৈ ৰূপান্তৰ কৰা বুলি অভিহিত কৰে নবীনে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম প্ৰীতিৰ প্ৰশংসা কৰি তেওঁ কয়, “অসমৰ পৰা সাংসদ হোৱাৰ পাছতো মনমোহন সিঙে অসমলৈ যিমানবাৰ আহিছিল, তাতকৈ বহু বেছিবাৰ নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে ৰাইজৰ কাষত থিয় দিছে।” সভাত উপস্থিত থকা যুৱনেতা তথা প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাক বিপুল ভোটত জয়ী কৰাবলৈ তেওঁ সমষ্টিবাসীক আহ্বান জনায়। নিষ্ঠাবান প্ৰাৰ্থী হিচাপে দিপ্লুৰঞ্জনে সমষ্টিটোৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে কাম কৰি যাব বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে। এই বিশাল জনসভাই নিৰ্বাচনৰ পূৰ্বে গুৱাহাটীৰ ৰাজনৈতিক বতাহ অধিক গৰম কৰি তুলিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *