নিশাৰ অন্ধকাৰত কাল হৈ পৰিল পথৰ দাঁতিৰ এটা দ খাৱৈ সদৃশ কুঁৱা। মহাৰাষ্ট্ৰৰ নাচিক জিলাৰ ডিন্ডোৰী অঞ্চলত শুকুৰবাৰে নিশা এক অতি শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন যাত্ৰীবাহী বাহন নিয়ন্ত্ৰণ হেৰুৱাই এটা দ কুঁৱাত বাগৰি পৰাৰ ফলত একেটা পৰিয়ালৰে ছয়টা শিশুকে ধৰি মুঠ ৯ গৰাকী লোকৰ থিতাতে মৃত্যু ঘটে। নিশা প্ৰায় ১০ বজাত ডিন্ডোৰীৰ শিৱাজী নগৰ এলেকাত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা। ডিন্ডোৰীৰ ইন্দোৰ গাঁৱৰ বাসিন্দা এই দুৰ্ভগীয়া পৰিয়ালটোৱে এখন মাল্টি-পাৰপোজ ভেহিকলত উঠি এটা কোচিং ক্লাছৰ অনুষ্ঠানৰ পৰা ঘৰলৈ উভতি আহিছিল। শিৱাজী নগৰৰ অন্ধকাৰ পথছোৱাৰে পাৰ হৈ যাওঁতে চালকগৰাকীয়ে সন্মুখত থকা কুঁৱাটো দেখা পোৱা নাছিল বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে। যাৰ ফলত বাহনখন পোনপটীয়াকৈ কুঁৱাটোৰ গভীৰ পানীত সোমাই পৰে আৰু সকলো যাত্ৰী ভিতৰতে আৱদ্ধ হৈ পৰে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে ডিন্ডোৰী আৰক্ষী থানাৰ পৰিদৰ্শক ভগৱান মাথুৰৰ নেতৃত্বত এটা উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। দুখন হাইড্ৰা ক্ৰেইন আৰু স্থানীয় সাতোৰবিদৰ সহায়ত আৰক্ষীয়ে প্ৰায় দুই ঘণ্টাজোৰা চলায় উদ্ধাৰ অভিযান। কিন্তু দুৰ্ভাগ্যবশতঃ বাহনখনৰ ভিতৰত থকা এজনো যাত্ৰীক জীৱন্তে উদ্ধাৰ কৰিব পৰা নগ’ল। শনিবাৰে পুৱতি নিশা কুঁৱাটোৰ পৰা বাহনখনৰ লগতে ৯টা মৃতদেহ উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে। মৃত লোকসকলক ক্ৰমে সুনীল দত্তু দৰগুড়ে (৩২), ৰেছমা সুনীল দৰগুড়ে (২৭), আশা অনিল দৰগুড়ে (৩২), খুশী অনিল দৰগুড়ে (১৪), মাধুৰী অনিল দৰগুড়ে (১৩), শ্ৰেয়াছ অনিল দৰগুড়ে (১১), ৰাখী সুনীল দৰগুড়ে (১১), শ্ৰাৱণী অনিল দৰগুড়ে (১১) আৰু সমৃদ্ধি ৰাজেন্দ্ৰ দৰগুড়ে (৭) বুলি চিনাক্ত কৰা হৈছে। মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিন্ডোৰীৰ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। একেটা পৰিয়ালৰ ইমানকেইগৰাকী সদস্যৰ একেলগে মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।
