ভাৰতত বসবাস কৰা প্ৰতিগৰাকী অবৈধ বিদেশী নাগৰিকৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিলে এক অতি কঠোৰ আইনী পদক্ষেপ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে শুকুৰবাৰে নতুন দিল্লীত অনুষ্ঠিত এক সংবাদ মেলত চৰকাৰৰ এই স্থিতি স্পষ্ট কৰে। ইয়াৰ সমান্তৰালভাৱে, অবৈধ অনুপ্ৰৱেশকাৰীক নিজ দেশলৈ ওভতাই পঠোৱাৰ প্ৰক্ৰিয়াত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ তৰফৰ পৰা নাগৰিকত্ব পৰীক্ষণৰ হাজাৰ হাজাৰ আবেদন বৰ্তমানো ওলমি থকাৰ বিষয়টোও তেওঁ সদৰী কৰিছে।
অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে লোৱা পদক্ষেপ আৰু বাংলাদেশ চৰকাৰৰ লেহেমীয়া প্ৰক্ৰিয়াক লৈ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, “ভাৰতত থকা সকলো অবৈধ বিদেশী নাগৰিকৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা লোৱা হ’ব। বাংলাদেশৰ ক্ষেত্ৰত আমি ইতিমধ্যে ২,৬৮০ তকৈও অধিক গোচৰ নাগৰিকত্ব পৰীক্ষণৰ বাবে বাংলাদেশ চৰকাৰলৈ প্ৰেৰণ কৰিছোঁ। চুবুৰীয়া দেশখনে এই নাগৰিকত্বৰ সত্যতা নিৰূপণ কৰাৰ পিছতে আমি এইসকল লোকক বাংলাদেশলৈ ওভতাই পঠাবলৈ সক্ষম হ’ম।”
বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে বাংলাদেশৰ তৰফৰ পৰা হোৱা বিলম্বক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি পুনৰ কয়, “বহুত ক্ষেত্ৰত এই নাগৰিকত্ব পৰীক্ষণৰ আবেদনসমূহ বিগত পাঁচ বছৰতকৈও অধিক সময় ধৰি ওলমি আছে। আমাৰ এয়া আশা যে বাংলাদেশ চৰকাৰৰ পৰা আমি অতি সোনকালে এক ইতিবাচক সঁহাৰি লাভ কৰিম, যাতে দুয়োখন দেশৰ মাজত থকা দ্বিপাক্ষিক চুক্তিৰ আধাৰত এইসকল লোকক অতি শীঘ্ৰে নিজ দেশলৈ ওভতাই পঠাব পৰা যায়।”
উল্লেখ্য যে, অসম আৰু ত্ৰিপুৰাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত অবৈধ অনুপ্ৰৱেশ আৰু সীমান্ত ব্যৱস্থাপনাৰ বিষয়টোক লৈ সৃষ্টি হোৱা তীব্ৰ প্ৰশাসনিক তৎপৰতাৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ এই মন্তব্য অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, বাংলাদেশৰ পৰা আনুষ্ঠানিক অনুমোদন লাভ কৰাৰ লগে লগে এইসকল অবৈধ বিদেশীক বিতাড়ন কৰাৰ বাবে প্ৰশাসনে যাৱতীয় প্ৰক্ৰিয়া সাজু কৰি ৰাখিছে।
