কুকি উগ্ৰপন্থীৰ কৱলৰ পৰা বন্দী উদ্ধাৰৰ আহ্বান; মণিপুৰ চৰকাৰৰ ওপৰত চাপ বৃদ্ধি এ এন এছ এ এমৰ

মণিপুৰত শান্তি চুক্তিৰ আওতাত থকা কুকি উগ্ৰপন্থী সংগঠনৰ দ্বাৰা অপহৃত হোৱা ৬ গৰাকী লিয়াংমাই নগা বন্দীক অতি সোনকালে সুৰক্ষিতভাৱে মুকলি কৰাৰ দাবীত এতিয়া জাঙুৰ খাই উঠিছে অল নগা ষ্টুডেন্টছ এছ’চিয়েশ্যন, মণিপুৰ। অপহৃত লোকসকলৰ সন্ধান উলিওৱাৰ বাবে নগা ছাত্ৰ সংগঠনটোৱে মণিপুৰ চৰকাৰক এক কঠোৰ চাৰিদিনীয়া চৰম সময়সীমা বান্ধি দিছে। যোৱা ২৪ মে’ত অনুষ্ঠিত সংগঠনটোৰ এক জৰুৰী কাৰ্যবাহী বৈঠকত ৰাজ্যখনৰ সাম্প্ৰতিক নিৰাপত্তা ব্যৱস্থা আৰু যোৱা ১৩ মে’ত লেইমাখং সেনা ছাউনীৰ সমীপৰ পৰা ১৮ গৰাকী নগা লোকক দিন-দুপৰতে অপহৰণ কৰা ঘটনাৰ পৰ্যালোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ছাত্ৰ সংগঠনটোৰ সভাপতি আংটেশাং মাৰিঙে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, অপহৃত ১৮ জনৰ ভিতৰত ১২ জনক এৰি দিয়া হ’ল যদিও দুজন ধৰ্মগুৰুসহ বাকী ৬ গৰাকী লোক বৰ্তমানো উগ্ৰপন্থীৰ কৱলত আৱদ্ধ হৈ আছে। নগা চিভিল ছ’চাইটী আৰু বিভিন্ন সংগঠনে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো ৰাজ্য চৰকাৰে এই লোকসকলক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰাত সংগঠনটোৱে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

২৯ মে’ৰ পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰক দিয়া এই চাৰিদিনীয়া সময়সীমাৰ ভিতৰত যদি বন্দীসকলক উদ্ধাৰ কৰা নহয়, তেন্তে সমগ্ৰ নগা সমাজে বৰ্তমানৰ চৰকাৰখনক সম্পূৰ্ণৰূপে বৰ্জন কৰিব বুলি তেওঁ হুংকাৰ প্ৰদান কৰে। সংগঠনটোৱে লগতে সকীয়াই দিয়ে যে চৰকাৰে এই সন্দৰ্ভত গুৰুত্ব প্ৰদান নকৰিলে চৰকাৰক সমৰ্থন কৰি থকা নগা বিধায়কসকলক সমৰ্থন প্ৰত্যাহাৰ কৰিবলৈও আহ্বান জনোৱা হ’ব। ইয়াৰ উপৰিও এ এন এছ এ এম-এ মণিপুৰৰ উপ-মুখ্যমন্ত্ৰী নেমচা কিপগেনৰ বিৰুদ্ধেও এক গুৰুতৰ স্বাৰ্থ সংঘাতৰ অভিযোগ উত্থাপন কৰিছে। কুকি উগ্ৰপন্থী সংগঠন কে এন এফ (পি)ৰ অধ্যক্ষৰ সৈতে থকা বৈবাহিক সম্পৰ্কৰ বাবেই উপ-মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অপহৰণকাৰীক সুৰক্ষা দিয়াৰ সন্দেহ প্ৰকাশ কৰি তেওঁক পদৰ পৰা অপসাৰণ কৰাৰ দাবী তুলিছে ছাত্ৰ সংগঠনটোৱে।

কেৱল সিমানেই নহয়, ভাৰত চৰকাৰ আৰু কুকি উগ্ৰপন্থী সংগঠনসমূহৰ মাজত স্বাক্ষৰিত হোৱা যুদ্ধ বিৰতি বা শান্তি চুক্তি সম্পূৰ্ণৰূপে বাতিল কৰিবলৈ নগা ছাত্ৰ সংস্থাই দাবী জনায়। এই চুক্তিৰ আলম লৈ উগ্ৰপন্থীয়ে সাধাৰণ নাগৰিকৰ ওপৰত নিৰ্যাতন চলাই আহিছে বুলি তেওঁলোকে অভিযোগ কৰে।

কামজং জিলাৰ নগা গাঁওসমূহত শেহতীয়াকৈ হোৱা আক্ৰমণৰ প্ৰকৃত সত্যক গৃহমন্ত্ৰী গোবিন্দাস কোন্থৌজামে অস্বীকাৰ কৰা কাৰ্যকো তীব্ৰ সমালোচনা কৰে সংগঠনটোৱে। বৰ্তমান নগা ধৰ্মগুৰু আৰু নাগৰিকৰ হত্যাৰ সৈতে জড়িত দোষীসকলক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আৰু মণিপুৰৰ আইন-শৃংখলা পৰিস্থিতি অধিক অৱনতি ঘটাৰ পৰা ৰোধ কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপ ল’বলৈ আহ্বান জনাইছে সংগঠনটোৱে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *