প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈদেশিক ভ্ৰমণ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা বিভিন্ন সন্মানক লৈ পুনৰবাৰ তীব্ৰ ৰাজনৈতিক আক্ৰমণ চলাইছে বিৰোধীয়ে। এই সন্দৰ্ভত শিৱসেনা (উদ্ধৱ থাকৰে গোট)ৰ জ্যেষ্ঠ নেতা তথা সাংসদ সঞ্জয় ৰাউতে কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীক লক্ষ্য কৰি এক বিস্ফোৰক মন্তব্য কৰে।
নতুন দিল্লীত এক সংবাদ মেল সম্বোধন কৰি সাংসদ ৰাউতে কয়, “প্ৰধানমন্ত্ৰী মোদীয়ে বঁটা লাভ কৰাৰ ক্ষেত্ৰত অতি সোনকালেই এশ বা চেঞ্চুৰী পূৰণ কৰিব। তেওঁ যি দেশলৈকে যায়, তাৰে আটাইতকৈ ডাঙৰ অসামৰিক বা চৰকাৰী বঁটাটো লাভ কৰে। কিন্তু প্ৰশ্ন হয়, এই বঁটাবোৰ লৈ দেশবাসীৰ কি লাভ হৈছে? তেওঁলোকে কি পালে?”
প্ৰধানমন্ত্ৰীৰ বিদেশ নীতি আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাক তীব্ৰ সমালোচনা কৰি ৰাউতে আৰু কয় যে মোদীয়ে বিশ্ব দৰবাৰত বঁটা বুটলি থকাৰ বিপৰীতে ভাৰতৰ সাধাৰণ জনতাই কেৱল মূল্যবৃদ্ধি, ভয়ংকৰ নিবনুৱা সমস্যা আৰু বিপৰ্যস্ত আইন-শৃংখলাৰ দৰে ‘বঁটা’হে লাভ কৰিছে।
দেশৰ যুৱ প্ৰজন্ম আৰু কৃষকসকলে নিজৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰি থকাৰ সময়ত চৰকাৰে জনসাধাৰণৰ মৌলিক সমস্যাসমূহ সমাধান কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে। লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী সময়ছোৱাত মূল্যবৃদ্ধি আৰু অৰ্থনৈতিক মন্দাৱস্থাক লৈ বিৰোধী মিত্ৰজোঁটে চৰকাৰক ঘেৰাও কৰাৰ কৌশল অব্যাহত ৰখাৰ মাজতে সঞ্জয় ৰাউতৰ এই মন্তব্যই ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
