তেল ডিপোয়ে দেখা দিছে ডিজেলৰ সংকট

ৰন্ধন গেছৰ পাছত এইবাৰ তেল ডিপো, তেল ডিপোয়ে দেখা দিছে ডিজেলৰ সংকট। ফলত হাহাকাৰ কৰিব লগীয়া হৈছে কৃষক তথা ডিজেল চালিত বাহনৰ গৰাকীয়ে। তামাৰহাটৰ হাতীধুৰাস্থিত “তামাৰহাট গ্ৰাহক সেৱা কেন্দ্ৰ” নামৰ তেল ডিপো লৈ নিতৌ ডিজেলৰ বাবে আহি উভতি যাবলগীয়া হৈছে গ্ৰাহকসকল। বিশেষকৈ ডিজেল চালিত পাম্প ছেট মেচিনৰ সহায়ত ইৰি ধানৰ খেতি কৰা কৃষকসকলে পৰিছে বিপাঙত। ডিজেল অবিহনে খেতিপথাৰত যোগান ধৰিব পৰা নাই পানীৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *